ETV Bharat / health

মজিয়াত বহি খাদ্য খোৱাৰ আছে অগণন উপকাৰিতা: মেদবহুলতা হ’ব দূৰ, উন্নত হ’ব হজম শক্তি - Eating On The Floor

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 2:00 PM IST

Health Benefits Of Eating On The Floor: মজিয়াত বহি খাদ্য খোৱাটো ভাৰতৰ এক পুৰণি পৰম্পৰা । কিন্তু আধুনিক যুগত এই পদ্ধতিৰ পৰিৱৰ্তন ঘটিছে যদিও এনেদৰে বহি খাদ্য খোৱাৰ অগণন উপকাৰিতা আছে আৰু এছিয়াৰ বিভিন্ন অঞ্চলত এতিয়াও ইয়াৰ ব্যৱহাৰ চলি আছে । আয়ুৰ্বেদে বহি খাদ্য খোৱাৰ বিষয়ে কি কয় পঢ়ক...

There are many benefits of eating food while sitting on the ground, obesity will decrease, digestion will be good
মজিয়াত বহি খাদ্য খোৱাৰ আছে অগণন উপকাৰিতা, মেদবহুলতা হ’ব দূৰ, উন্নত হ’ব হজম শক্তি (ETV Bharat)

পুৰণি কালত, গাঁৱতেই হওক বা চহৰতেই হওক, মানুহে মজিয়াত বহি খাদ্য খাইছিল ৷ মাটিত বহি খাদ্য খোৱাটোও ধৰ্মীয়ভাৱে অতি শুভ বুলি গণ্য কৰা হয় ৷ কিন্তু, আজিকালি পৰিৱৰ্তিত সময়ৰ লগে লগে মানুহৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু সাজ-পোছাকৰ বহু পৰিৱৰ্তন হৈছে ৷

আজিকালি ডাইনিং টেবুল, চকী, চোফা আদিৰ সুবিধা লাভৰ পিছত বহুতে মজিয়াত বহি খাবলৈ ভাল নাপায় ৷ কিন্তু বিশেষজ্ঞসকলে কয় যে মজিয়াত বহি খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ বহু উপকাৰিতা সাধন হয় ৷ এই উপকাৰিতাৰ বিষয়ে যদি আপুনি এবাৰ জানি লয়, তেন্তে আপুনি নিশ্চিতভাৱে আচৰিত হৈ পৰিব ৷

মজিয়াত বহি খাদ্য খোৱাৰ বহু উপকাৰিতা আছে ৷ আয়ুৰ্বেদৰ মতে, খাদ্য খোৱাৰ সময়ত মজিয়াত বহাৰ অৰ্থ হ’ল আপুনি সুখাসন অৰ্থাৎ ভৰি ভাঁজ কৰি বহে ৷ আচলতে আমি যেতিয়া মাটিত বহি খাদ্য খাওঁ তেতিয়া ই হজম প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাত সহায় কৰে ৷

হজম শক্তিৰ বাবে ভাল:

মজিয়াত বহি খাদ্য খালে হজম শক্তি উন্নত হয় ৷ অৰ্থাৎ আমি মজিয়াত বহিলে মেৰুদণ্ড সুস্থিৰ হৈ থাকে ৷ ইয়াৰ ফলত পাচন অংগসমূহৰ ওপৰত চাপ কমি যায় ৷ ইয়াৰ ফলত খাদ্য হজম কৰাত সহজ হয় ৷ লগতে বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত বদহজম আৰু গেছৰ দৰে পাচনতন্ত্ৰৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি ৷ ২০১৬ চনত ‘জাৰ্নেল অৱ নিউট্ৰিচন এণ্ড মেটাবলিজম’ত প্ৰকাশিত এক গৱেষণাত গৱেষকসকলে এই তথ্য লাভ কৰে যে মজিয়াত বহি খাদ্য খোৱাৰ ফলত হজম শক্তি উন্নত হয় ৷ ইৰাণৰ তেহৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ পুষ্টি আৰু খাদ্য বিজ্ঞান বিভাগৰ অধ্যাপক ‘ড৹ শ্বাহীন ঘৰৱীয়ে’ এই অধ্যয়নত অংশ লৈছিল ৷

ওজন কমোৱাত ফলপ্ৰসূ

বিশেষজ্ঞসকলে কয় যে, ডাইনিং টেবুলত বহি খাদ্য খোৱাটোৱে ওজন বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ বিপৰীতে কোৱা হয় যে মজিয়াত বহি খাদ্য খালে মগজুৱে সংকেট লাভ কৰে যে পেট ভৰি গৈছে আৰু কমকৈ খাদ্য খাবলৈ সংকেত দিয়ে ৷ ইয়াৰ বাবে আমি খাদ্য কম খাওঁ, আৰু আমাৰ ওজনো নিয়ন্ত্ৰণত থাকে ৷

ৰক্ত সঞ্চালন উন্নত হয়

মজিয়াত বহি খাদ্য খালে ভৰিৰ ৰক্ত সঞ্চালন উন্নত হয় ৷ বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত ভৰিৰ বিষ আৰু কঁকালৰ বিষ কমি যায় ৷

মানসিক চাপ কম কৰে

মজিয়াত বহি খাদ্য খালে মানসিক চাপ আৰু উদ্বেগ কম হয় ৷ এই সুখাসনে আপোনাক মানসিক শান্তি প্ৰদান কৰে যি আমি ধ্যান আৰু যোগাসন কৰি লাভ কৰিব পাৰো ৷ মজিয়াত বহিলে মেৰুদণ্ড পোন কৰি ৰাখি আমি দীঘলকৈ উশাহ লওঁ ৷ ইয়াৰ ফলত মানসিক চাপো কম হয় ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: চিৰি বগোৱা নে দৌৰা ? ওজন কমাবৰ বাবে কোনটো উত্তম - Stairs vs Running

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.