সাত জনমক সাক্ষী কৰি এগৰাকী পুৰুষ-মহিলাই বিবাহৰ বান্ধোনত বান্ধ খাই পৰে ৷ হিন্দুধৰ্মত ইয়াক অতি পবিত্ৰ বান্ধোন বুলি কোৱা হয় ৷ বিবাহ মানে কেৱল এক দায়িত্বই নহয়, বিবাহ মানে প্ৰেম, বিশ্বাস, ইজনৰ আনজনৰ প্ৰতি থকা সহানুভূতি ৷ এই বন্ধনক আটাইতকৈ পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় যদিও আজিৰ সময়ত এই সম্পৰ্কটোও এক সাধাৰণ সম্পৰ্কৰ দৰে হৈ পৰিছে ৷
বিবাহৰ বান্ধোনত বান্ধ খাই পৰাৰ পিচত দম্পতীটোৱে গোটেই জীৱন একেলগে থাকিবলৈ শপত খায় ৷ ইয়াৰ পিচতো আজিকালি বহু বিবাহ বিচ্ছেদৰ গোচৰ দেখিবলৈ পোৱা গৈছে ৷ আমি সকলোৱে জানো যে, যেতিয়া দুজন লোকে বিবাহৰ বান্ধোনত বান্ধ খাই পৰে, তেতিয়া কিছুমান কথা মিলেও যদি কিছুমানৰ মিল নাথাকে ৷ এনে পৰিস্থিতিত কিছু মতানৈক্য হ’ব পাৰে ৷ কিন্তু কেতিয়াবা বুজিব নোৱাৰাৰ বাবে পৰিস্থিতি বিবাহ বিচ্ছেদলৈকে যায় ৷ জানো আহক কিয় বিবাহ বিচ্ছেদ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷
বিবাহ বিচ্ছেদৰ প্ৰধান কাৰণসমূহ
আৰ্থিক কাৰণত সম্পৰ্কত বিচ্ছেদ ঘটা: বৰ্তমান সময়ত কোনোবা নহয় কোনোবা সময়ত বিবাহ বিচ্ছেদৰ মূল কাৰণ হৈছে ধন ৷ আৰ্থিক অসুবিধাৰ বাবে কিছু সম্পৰ্ক ভাঙি গৈছে ৷
বিশেষজ্ঞসকলে কয় যে, আৰ্থিক স্বাধীনতাৰ নামত একাংশ দম্পতীয়ে ইজনে সিজনৰ প্ৰতি দায়িত্বহীন হৈ পৰিছে ৷ এনে মতানৈক্য পিছলৈ বিবাদত পৰিণত হয় আৰু শেষত স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভঙাৰ উপক্ৰম ঘটে ৷
পাৰস্পৰিক বিশ্বাসৰ অভাৱ: বিবাহৰ সম্পৰ্ক বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে ৷ বিবাহ বিচ্ছেদৰ দ্বিতীয়টো প্ৰধান কাৰণ হ’ল পাৰস্পৰিক বিশ্বাসঘাতকতা ৷ বহু সময়ত দেখা গৈছে যে, সংগীয়ে ইজনে আনজনক প্ৰতাৰণা কৰি আছে ৷
প্ৰতাৰণা কৰিলে সম্পৰ্কত নিৰাপত্তাহীনতা অনুভৱ হয়, যাৰ বাবে স্বামী-স্ত্ৰীৰ মাজত কাজিয়া-বিবাদ আৰম্ভ হয় ৷ ভগ্ন হৃদয়ৰ সংগীয়ে একেলগে থাকিব নোৱাৰে আৰু সম্পৰ্কটো ভাঙিবও নোৱাৰে, যাৰ ফলত মানসিক অশান্তি যথেষ্ট বৃদ্ধি পায় ৷
প্ৰেমৰ অভাৱ: স্বামী-স্ত্ৰীৰ মাজত প্ৰেমৰ অভাৱ বিবাহ বিচ্ছেদৰ কাৰণ ৷ বিবাহৰ পিছৰে পৰা দম্পতীয়ে আকৰ্ষণৰ বাবে ইজনে আনজনৰ প্ৰতি প্ৰেম দেখুৱালেও এই প্ৰেম বেছি দিনলৈ টিকি নাথাকে ৷ সময়ৰ লগে লগে তদুপৰি সন্তান জন্মৰ পিচত দায়িত্ব বাঢ়ি যায় ৷
ব্যক্তিগত সমস্যাৰ বাবে ক্ৰমান্বয়ে আকৰ্ষণ কমিবলৈ আৰম্ভ কৰে ৷ ফলত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া আৰম্ভ হয় আৰু বহু সময়ত ই ঘৃণালৈ পৰিণত হয় ৷
কোনো আশা নোহোৱা: বৈবাহিক জীৱনৰ পৰা সকলোৰে আশা থাকে ৷ উদাহৰণস্বৰূপে, কোনোবাই বুদ্ধিমান, কঠোৰ পৰিশ্ৰমী সংগী বিচাৰে, আনহাতে কোনোবাই ৰোমাণ্টিক সংগী বিচাৰে ৷ আন কোনোবাই টকা থকা সংগী বিচাৰে ৷
কিন্তু বিয়াৰ পিচত বহু কথা আশা কৰা ধৰণে নহয় ৷ অৱশ্যে দম্পতীয়ে ইয়াক মানি ল’ব নোৱাৰে । ইয়াৰ ফলত তেওঁলোকে একঘেয়ামী জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰে, যিয়ে শেষত বিবাহ বিচ্ছেদৰ পথ ল’বলৈ বাধ্য কৰে ।
অবাঞ্চিত বিবাহ: নিজৰ ইচ্ছামতে বিবাহ নোহোৱাটোও বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰে ৷ বহু সময়ত দেখা যায় যে, আপুনি বিয়াৰ আগতে কাৰোবাক ভালপায় বা এইটোও হ’ব পাৰে যে, আপোনাৰ পিতৃ-মাতৃয়ে বাছি দিয়া প্ৰাৰ্থীজন আপোনাৰ পছন্দৰ নহয় ৷
কাৰণ যিয়েই নহওক কিয়, নিজৰ পচন্দ তথা মতামত অবিহনে হোৱা বৈবাহিক সম্পৰ্কই শেষত বিচ্ছেদৰ পৰ্যায় পাব পাৰে ৷ মনে নিবিচৰা সংগীৰ লগত আৰম্ভ কৰা জীৱন-যাপনে পিচলৈ বিবাহ বিচ্ছেদৰ পথ ল’বলৈও বাধ্য কৰায় ৷
শাৰীৰিক ঘনিষ্ঠতাৰ অভাৱ: আমাৰ নিত্য নৈমিত্তিক প্ৰয়োজনৰ ভিতৰত আন এক প্ৰয়োজন হৈছে শাৰীৰিক সম্পৰ্ক ৷ শাৰীৰিক সম্পৰ্ক হৈছে মনুষ্য জীৱনৰ অন্যতম এক প্ৰয়োজন ৷ সেয়ে এইক্ষেত্ৰত যদি স্বামী-স্ত্ৰীৰ মাজত ঘনিষ্ঠতা নাথাকে, তেন্তে বিবাহ বিচ্ছেদৰ পৰিস্থিতি সোনকালেই আহে ৷
বিশেষজ্ঞসকলে কয় যে, স্বামী-স্ত্ৰীৰ জীৱনত ৰোমাঞ্চে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ৰোমাঞ্চে একেলগে পাৰিবাৰিক জীৱনৰ বহু সমস্যাৰ সন্মুখীন হ’বলৈ উপযুক্ত দৰৱ হিচাপে কাম কৰে ৷ যদি স্বামী-স্ত্ৰীৰ মাজত ৰোমাঞ্চ নাথাকে, তেন্তে কাজিয়া-বিবাদৰ আশংকা বাঢ়ি যায় আৰু অৱশেষত বিবাহ বিচ্ছেদৰ পৰ্যায় পায় ৷
পাৰস্পৰিক সহযোগিতা গুৰুত্বপূৰ্ণ: দম্পতীৰ মাজত শাৰীৰিক ঘনিষ্ঠতা যিমানেই গুৰুত্বপূৰ্ণ, আবেগিক সহযোগিতা তথা সমৰ্থনো সমানেই গুৰুত্বপূৰ্ণ ৷ যেতিয়া স্বামী-স্ত্ৰী দুয়োজনে উপলব্ধি কৰিব যে, তেওঁলোকে ইজনে সিজনৰ বাবে জীয়াই আছে, তেতিয়া সম্পৰ্ক ভাল হ’ব ৷
কিন্তু যেতিয়া আপুনি আৱেগিকভাৱে অকলশৰীয়া হৈ থাকে, যদি আপুনি আপোনাৰ সংগীৰ সৈতে আৱেগিকভাৱে সংযুক্ত নহয়, তেন্তে সম্পৰ্কটো দুৰ্বল বুলি গণ্য কৰা হয় ৷
লগতে পঢ়ক: Most expensive divorce: এখন ব্যয়বহুল বিবাহ-বিচ্ছেদ, 1 কোটি 11 হাজাৰ টকাত ভৰণ পোষণৰ মূল্য ধাৰ্য