ETV Bharat / health

উচ্চ কলেষ্টেৰলে বৃদ্ধি কৰে হৃদৰোগৰ আশংকা: সেয়ে ইয়াৰ পৰা বাচি থাকিবৰ বাবে এনেদৰে খাওক নহৰু - High Cholesterol

author img

By ETV Bharat Health Team

Published : Aug 23, 2024, 5:03 PM IST

Garlic Benefits in High Cholesterol: বেয়া কলেষ্টেৰলৰ ফলত মানুহৰ মাজত ক্ৰমাৎ হাৰ্ট এটেক, হৃদযন্ত্ৰ বিকল হোৱাকে ধৰি বহুতো গুৰুতৰ অৱস্থাৰ আশংকাও বৃদ্ধি পাইছে ৷ আমি ইয়াৰ পৰা বাচি থাকিবৰ বাবে নহৰু খোৱাটো খুবেই প্ৰয়োজনীয় ৷ নহৰুৱে কিদৰে আমাৰ শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ’বলৈ নিদিয়ে আজি এই সন্দৰ্ভত প্ৰখ্যাত পুষ্টিবিদ ডাঃ লাহৰী সুৰপানেণীৰ পৰা জানো আহক -

Struggling with High Cholesterol? Discover How Raw Garlic Can Help Melt Fat Like Ice!
উচ্চ কলেষ্টেৰলে বৃদ্ধি কৰে হৃদৰোগৰ আশংকা: সেয়ে ইয়াৰ পৰা বাচি থাকিবৰ বাবে এনেদৰে খাওক নহৰু (CANVA)

ভাৰসাম্যহীন খাদ্য আৰু অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাৰ আশংকা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ শৰীৰত বৃদ্ধি পোৱা বেয়া কলেষ্টেৰল সঠিক সময়ত নিয়ন্ত্ৰণ নকৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ আমাৰ শৰীৰত দুবিধ কলেষ্টেৰল উৎপন্ন হয়– এটা হ’ল হাই ডেনচিটি লিপ’প্ৰটিন (HDL) যাক ভাল কলেষ্টেৰল বুলি কোৱা হয় আৰু আনটো হ’ল কম ঘনত্বৰ লিপ’প্ৰটিন (LDL) যাক বেয়া কলেষ্টেৰল বুলি কোৱা হয় ৷ যেতিয়া শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পায় তেতিয়া ইয়াক হাই কলেষ্টেৰল হোৱা বুলি কোৱা হয় ৷ ইয়াৰ বাবে হাৰ্ট এটেক, হৃদযন্ত্ৰ বিকল হোৱাকে ধৰি বহুতো গুৰুতৰ অৱস্থাৰ আশংকাও বৃদ্ধি পায় ৷

প্ৰখ্যাত পুষ্টিবিদ ডাঃ লাহৰী সুৰপানেণীয়ে কয় যে, কেঁচা নহৰু বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলি জানিবলৈ দিয়ে । এই প্ৰভাৱৰ বাবে দায়ী প্ৰধান উপাদান হ’ল এলিচিন, যিটো ইয়াৰ শক্তিশালী স্বাস্থ্য উপকাৰিতাৰ বাবে জনাজাত । শৰীৰৰ অতিৰিক্ত চৰ্বি দ্ৰৱীভূত কৰাত সহায় কৰা আৰু তেজত ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাত সহায় কৰা এলিচিনৰ ক্ষমতাই নহৰুক কলেষ্টেৰলৰ মাত্ৰা পৰিচালনা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত এক মূল্যৱান ঔষধৰ দৰে গণ্য কৰা হয় । কেঁচা নহৰু কেনেকৈ আৰু কেতিয়া খাব লাগে নহৰুৰ উপকাৰিতা বৃদ্ধি কৰিবলৈ কেঁচা ৰূপত খোৱাটো অতি প্ৰয়োজনীয় ।

চিকিৎসকে কয় দৈনিক দুফোটা নহৰু কেঁচাকৈ খালেও আপোনাৰ শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস হোৱাত যথেষ্ট সহায় হয় ৷ যদি আপুনি ইয়াক পোনপটীয়াকৈ খাবলৈ অসুবিধা পাইছে তেন্তে আপুনি ইয়াক মৌৰ লগত থেতেলিয়াই খাবলৈ সুস্বাদু কৰি ল’ব পাৰে আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাও বহুত আছে ।

শৰীৰত বৃদ্ধি পোৱা বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ মৌ আৰু নহৰু সেৱন কৰাটো অতি উপকাৰী ৷ এই প্ৰতিবেদনৰ জৰিয়তে বিতংভাৱে জানো আহক উচ্চ কলেষ্টেৰল থকা সকলৰ বাবে মৌ আৰু নহৰুৰ উপকাৰিতা আৰু ইয়াক খোৱাৰ সঠিক উপায়-

উচ্চ কলেষ্টেৰল থকা মৌ আৰু নহৰু খোৱাৰ উপকাৰিতা-

শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা অৰ্থাৎ LDLৰ মাত্ৰা ১০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম হোৱাটো স্বাভাৱিক বুলি গণ্য কৰা হয় ৷ ইয়াতকৈ বেছি হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব ৷ যদি কলেষ্টেৰলৰ মাত্ৰা ১৩০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ বেছি হয়, তেন্তে আপোনাৰ উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ নহৰু আৰু মৌত থকা গুণে শৰীৰত বৃদ্ধি পোৱা বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে ৷

পুষ্টিবিদ ডাঃ লাহৰী সুৰপানেণীয়ে কয় যে, "নহৰু আৰু মৌত থকা এন্টি অক্সিডেন্ট গুণকে ধৰি কিছুমান ৰাসায়নিক পদাৰ্থই শৰীৰত বৃদ্ধি পোৱা বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে ৷ নিয়মীয়াকৈ মৌ আৰু নহৰু সেৱনে হৃদৰোগ প্ৰতিৰোধত সহায় কৰে ৷" " ই ডায়েবেটিছৰ সম্ভাৱনাও কমোৱাত সহায় কৰে ৷ ওজন নিয়ন্ত্ৰণ আৰু ৰক্ত শৰ্কৰা বজাই ৰখাতো ই উপকাৰী ৷

উচ্চ কলেষ্টেৰল হ’লে মৌ-নহৰু কেনেকৈ গ্ৰহণ কৰিব ?

উচ্চ কলেষ্টেৰলৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে পুৱা মৌ আৰু নহৰু একেলগে খাব লাগে ৷ দুফোটা নহৰু মৌত সৈতে থেতেলিয়াই বা গোটাকৈও দৈনিক খাব লাগে ৷ নিয়মিতভাৱে আপুনি এনেদৰে খালে আপোনাৰ শৰীৰে বহু উপকাৰিতা পাব পাৰে ৷

আপোনাৰ খাদ্যত নহৰু কেনেকৈ অন্তৰ্ভুক্ত কৰিব

কেঁচাকৈ খোৱাৰ উপৰিও নহৰুক আপুনি বিভিন্ন ব্যঞ্জনত সহজে মিহলাই খাব পাৰে । চালাড, চূপ, চচত কুটি লোৱা নহৰু যোগ কৰিলে সোৱাদ বৃদ্ধি পায় আৰু স্বাস্থ্যৰ উপকাৰিতা সাধন হয় । কিন্তু কলেষ্টেৰল আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত আটাইতকৈ উন্নত প্ৰভাৱৰ বাবে কেঁচা নহৰু অধিক ফলপ্ৰসূ বুলি গণ্য কৰা হয় ।

নহৰুৰ অতিৰিক্ত স্বাস্থ্য উপকাৰিতা

নহৰু কেৱল কলেষ্টেৰল ব্যৱস্থাপনাৰ বাবেই উপকাৰী নহয়; ইয়াৰ উপৰিও ই অন্যান্য স্বাস্থ্য-প্ৰসাৰক গুণেৰে ভৰপূৰ । ইয়াত অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়া শক্তিশালী এন্টিঅক্সিডেন্ট, সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰা এন্টিবেক্টেৰিয়েল গুণ আৰু প্ৰদাহ হ্ৰাস কৰা এন্টি-ইনফ্লেমেটৰী যৌগ থাকে । নিয়মিতভাৱে নহৰু খালে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে খুবেই উপকাৰী, ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পাৰে, আৰু ওজন নিয়ন্ত্ৰণতো সহায় কৰিব পাৰে ।

উচ্চ কলেষ্টেৰলৰ লক্ষণ

  • বুকুৰ বিষ আৰু অস্বস্তি
  • শ্বাস-প্ৰশ্বাসজনিত অসুবিধা
  • ৰক্তচাপ বৃদ্ধি পায়
  • ছালৰ ৰঙৰ পৰিৱৰ্তন
  • হৃদস্পন্দন হঠাৎ বৃদ্ধি হোৱা
  • শৰীৰত অহৰহ ভাগৰ আৰু এলেহুৱা ভাব
  • শৰীৰৰ বাওঁফালে হঠাৎ বিষ হোৱা
  • বমি আৰু ওকট-পাকট লগাৰ সমস্যা

জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷ ইয়াৰ বাবে আপুনি নিয়মীয়াকৈ ব্যায়াম কৰাটো প্ৰয়োজনীয় ৷ ইয়াৰ ফলত HDL কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি আৰু LDL কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় হয় ৷

লগতে পঢ়ক: শৰীৰত যদি বৃদ্ধি পাইছে বেয়া LDL cholesterol; তেন্তে কেতিয়াও নাখাব এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.