ETV Bharat / health

পাকঘৰৰ খাদ্য সামগ্ৰীসমূহ দীৰ্ঘদিনলৈ কেনেকৈ ভালে ৰাখিব পাৰি জানেনে ? - Kitchen Tips

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 1:53 PM IST

Kitchen Tips: বাৰিষাৰ সময়ত খাদ্য সামগ্ৰী নষ্ট হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব ? মাষ্টাৰচেফ অৰুণা বিজয়ৰ এই টিপছসমূহে এবাৰ অনুসৰণ কৰি চাওক নষ্ট নহয় আপোনাৰ খাদ্য সামগ্ৰী ৷

Storing food items to prevent spoilage during the rainy season is made easy with these tips from Masterchef Aruna Vijay
পাকঘৰৰ খাদ্য সামগ্ৰীসমূহ দীৰ্ঘদিনলৈ কেনেকৈ ভালে ৰাখিব পাৰি জানেনে ? (FREEPIK)

ইতিমধ্যে বাৰিষাৰ আগমণ ঘটিছে । এই সময়ছোৱাত পোক-পৰুৱা আৰু ভেঁকুৰৰ সমস্যা এই বতৰত খুবেই বেছি হোৱা দেখা যায় । এই সময়ছোৱাত খাদ্য সামগ্ৰী সোনকালে নষ্ট হোৱাৰ আশংকা থাকে । এই বতৰত খাদ্য সামগ্ৰী নষ্ট হোৱাৰ আঁৰৰ প্ৰকৃত কাৰণটোও আমি বুজি নাপাওঁ । কিন্তু, আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মাষ্টাৰচেফ অৰুণা বিজয়ে আগবঢ়োৱা এই টিপছসমূহৰ জৰিয়তে বাৰিষাৰ সময়তো আপুনি আপোনাৰ খাদ্য সামগ্ৰীসমূহ দীৰ্ঘদিনলৈ সুৰক্ষিত কৰিব ৰাখিব পাৰিব । গতিকে এই সৰু সৰু উপায়বোৰ জানো আহক-

  • চুজি, আটা আৰু বেচনক কেনেকৈ সংৰক্ষণ কৰিব লাগে
    Storing food items to prevent spoilage during the rainy season is made easy with these tips from Masterchef Aruna Vijay
    পাকঘৰৰ খাদ্য সামগ্ৰী ভালে ৰখাৰ উপায় (FREEPIK)

বাৰিষাৰ সময়ত চুজিক বেছি দিনলৈ ভালে ৰাখিবলৈ হ’লে ইয়াক ৰোষ্ট কৰি ফ্ৰীজত বায়ু সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে । মৈদাক পলিথিনত ভৰাই ফ্ৰীজত থৈ দিব । আটাখিনি সংৰক্ষণ কৰাৰ আগতে নিশ্চিত হ’ব যাতে ইয়াক ভালদৰে পেক কৰা হৈছে । বেচনক ভালদৰে চালনীৰে চালি তাৰ পিচত বায়ু সোমাব নোৱাৰা পাত্ৰত ভৰাই ফ্ৰীজত ৰাখিব লাগে । তাত লং বা তেজপাতো দিব পাৰে । বৰষুণৰ বতৰত এনে কৰিলে ই কেতিয়াও নষ্ট নহয় ।

  • শস্য, চাউলক কেনেকৈ কৰিব সংৰক্ষণ ?

বাৰিষাৰ সময়ত শস্যবোৰ সতেজ কৰি ৰাখিবলৈ ইয়াত তেজপাত দি ৰাখিব পাৰে । ইফালে, চাউলত শুকান নিমৰ পাত, হালধি বা লং দিব পাৰে, ইয়াৰ ফলত পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব ।

  • নিমখ আৰু চেনি কেনেকৈ সংৰক্ষণ কৰিব লাগে ?

বাৰিষাৰ সময়ত নিমখ আৰ্দ্ৰতাৰ পৰা ৰক্ষা কৰিবলৈ ইয়াক বায়ু সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে আৰু তাত কিছু লং দিব লাগে এনে কৰিলে বৰষুণতো নিমখ নষ্ট নহয় । বাৰিষাৰ সময়ত চেনিও একেদৰে এটা বায়ু সোমাব নোৱাৰা পাত্ৰত ৰাখি তাত ৮ৰ পৰা ১০টা লং দি ৰাখিব । ইয়াৰ পোক-পৰুৱা তাত নপৰে ৷

  • কফিক কেনেকৈ সংৰক্ষণ কৰিব ?

বাৰিষাৰ সময়ত কফি গোট মাৰিবলৈ আৰম্ভ কৰে এনে পৰিস্থিতিত তাত আপুনি এখন টিচু পেপাৰত চাউল বান্ধি কফিৰ বটলত ভৰাই ৰাখক আৰু যাতে বটলটোত বায়ু সোমাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক ৷

  • বিস্কুট, নিমখীয়া খাদ্য আৰু পাপৰক কেনেকৈ সংৰক্ষণ কৰিব ?

বাৰিষাৰ সময়ত বিস্কুট, নামকিন, ৱেফাৰ, চিপচ সদায় বায়ু সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে । বা এই সকলোবোৰ বস্তু জিপ লক পেকেটত ৰাখক, যাতে ই বহুদিনলৈকে টিকি থাকে । বিস্কুট সেমেকি নাজাবলৈ তাত চেনি দি ৰাখক ৷

তেঁতেলী খাই বহুতে ভাল পায় ৷ কেতিয়াবা আচাৰ কেতিয়াবা জেলী বা আঞ্জা প্ৰস্তুত কৰিবৰ বাবে মুঠতে তেঁতেলীক বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয় ৷ সেয়ে ইয়াক আপুনি দীৰ্ঘদিনলৈ ভালে ৰাখিবলৈ তাত নিমখ দি পাত্ৰত ভৰাই ৰাখিব পাৰে ৷ ইয়াৰ দ্বাৰা তেঁতেলী দীৰ্ঘসময়লৈকে ভালে থাকে ৷

লগতে পঢ়ক: Kitchen Hacks: ফ্ৰীজ বেয়া হ’লে এতিয়া আৰু চিন্তা নকৰিব! শাক-পাচলি এনেদৰে কৰক সংৰক্ষণ বহুদিনলৈ সতেজ হৈ থাকিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.