যদি এজন লোকৰ মুখৰ ভিতৰখন লেতেৰা হৈ থাকে, তেন্তে অতি সোনকালে তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ এয়া পিছে আমি কোৱা কথা নহয় ৷ এই মত স্বাস্থ্য বিশেষজ্ঞৰ ৷ সেয়েহে, মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় যত্ন লোৱাটো খুবেই জৰুৰী ৷ মুখৰ ভিতৰখন পৰিস্কাৰ কৰিবলৈ পুৱা শোৱাৰ পৰা উঠাৰ পিছত আৰু ৰাতি টোপনি যোৱাৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে ৷ ই মুখত থকা বেক্টেৰিয়া আৰু বীজাণু পৰিস্কাৰ কৰে ৷অন্যথা এই বেক্টেৰিয়াবোৰ পাকস্থলীলৈ যায় ৷ যাৰ ফলত আমাৰ বহু গুৰুতৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে ৷ আজিকালি বহু লোকেই ব্ৰাছ নকৰাকৈ ‘বেড টি’ বা আন খাদ্য গ্ৰহণ কৰে ৷ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ ফলত কি স্বাস্থ্য সমস্যাৰ উদ্ভৱ হ’ব পাৰে, আজি জানো আহক-
হৃদৰোগৰ আশংকা
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ব্ৰাছ নকৰাকৈ খোৱাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হয় ৷ Brown University Health Cardiovascular Instituteৰ তথ্য অনুসৰি দাঁতত জমা হোৱা প্লেক, বেক্টেৰিয়া আৰু লেতেৰা শৰীৰলৈ যায় আৰু হৃদযন্ত্ৰৰ স্নায়ু অৱৰোধ কৰে ৷ ইয়াৰ ফলত হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালনো হ্ৰাস হয় আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি হয় ৷
মুখৰ গোন্ধ
যেতিয়াই আমি পুৱা সাৰ পাওঁ, মুখৰ পৰা দুৰ্গন্ধ ওলায় ৷ ইয়াৰ কাৰণ হৈছে যে ৰাতি আপোনাৰ মুখখন আপুনি পৰিস্কাৰ কৰা নাই ৷ পুৱা-ৰাতি ব্ৰাছ কৰাৰ ফলত মুখৰ গোন্ধ আঁতৰ হয় আৰু উশাহ সতেজ হয় ৷
গৰ্ভৱতী মহিলাৰ ক্ষতি
যদি গৰ্ভৱতী মহিলাই ব্ৰাছ নকৰাকৈ কিবা খায়, ই কেৱল তেওঁলোকৰ স্বাস্থ্যই নহয়, গৰ্ভত থকা শিশুৰ স্বাস্থ্যকো প্ৰভাৱিত কৰে ৷ ইয়াৰ ফলত অকাল প্ৰসৱ, সন্তানৰ জন্মৰ সময়ত ওজন কম তথা শিশুটোৰ আন বহুতো সমস্যা হ'ব পাৰে ৷
দাঁতৰ গুৰি দুৰ্বল
দৈনিক সঠিক ৰূপত ব্ৰাছ নকৰাৰ ফলত দাঁতৰ গুৰিৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে ৷ বিশেষকৈ ইয়াৰ ফলত দাঁতৰ গুৰি দুৰ্বল হৈ পৰে ৷ ক্ষতিকাৰক বেক্টেৰিয়াৰ ফলত দাঁতৰ গুৰি ফুলা, ৰক্তক্ষৰণৰ দৰে সমস্যাও উদ্ভৱ হ’ব পাৰে ৷ সেয়েহে, সদায় পুৱা-ৰাতি ব্ৰাছ কৰিব লাগে ৷
উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC8160840/
লগতে পঢ়ক: আপোনাৰ দাঁতে দিব আপোনাৰ স্বাস্থ্যৰ বতৰা |