ETV Bharat / health

সাৱধান ! সুস্বাদু আইচক্ৰীমৰ ভিতৰত ওলাইছে মানুহৰ কটা আঙুলি - Human Finger in Ice Cream - HUMAN FINGER IN ICE CREAM

Human Finger in Ice Cream : গৰমৰ দিনত বহুতে আইচক্ৰীম খাই ভালপায় । সেয়ে এজন লোকে অনলাইনৰ জৰিয়তে অৰ্ডাৰ দিছিল আইচক্ৰীম । কিন্তু আইচক্ৰীমটোত আছিল ২ ছেন্টিমিটাৰ দীঘল এটা হাতৰ আঙুলি । আচৰিত হ’লেও এয়াই সত্য ৷ ক’ত ঘটিল এই ঘটনা পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

MH update Human finger in ice cream shocking news
সাৱধান! আইচক্ৰীমৰ ভিতৰত ওলাল মানুহৰ কটা আঙুলি... (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jun 14, 2024, 12:48 PM IST

আপুনি আইচক্ৰীম খাই ভাল পাই নেকি ? তেন্তে আপোনাৰ বাবে বেয়া খবৰ ৷ আপুনি যদি অনলাইনত খাদ্য সামগ্ৰী ক্ৰয় কৰে, তেন্তে এতিয়াৰে পৰা সাৱধান হঁওক । আইচক্ৰীম খোৱাৰ আগতে ভালদৰে চাই লওক আইচক্ৰীমটো ৷ ভাৱকচোন আপুনি খাবলৈ লোৱা আইচক্ৰীমত মানুহৰ দেহৰ অংগ পাইছে, কেনে লাগিব আপোনাৰ ? কিন্তু এনে এক ঘটনাই সম্প্ৰতি পোহৰলৈ আহিছে ৷

সাৱধান! আইচক্ৰীমৰ ভিতৰত ওলাল মানুহৰ কটা আঙুলি... (ETV Bharat)

সুস্বাদু আইচক্ৰীমত ওলাইছে মানুহৰ হাতৰ কটা আঙুলি ৷ হয়, আপুনি ঠিকেই শুনিছে ৷ এই বাতৰি সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৷ ঘটনাটো আছিল এনেধৰণৰ-

এজন লোকে অনলাইনৰ জৰিয়তে অৰ্ডাৰ দিছিল বাটাৰ স্কচ আইচক্ৰীম ক’ন । লোকজন আছিল এমবিবিএছৰ চিকিৎসক ব্ৰেণ্ডন ফেৰাও ৷ কিছু সময় পিচতেই ডেলিভাৰী বয়ে দি গ’ল অৰ্ডাৰ কৰা আইচক্ৰীমটো ৷ কিন্তু যেতিয়া লোকজনে পেকেট খুলি আইচক্ৰীমটো খায় ৷ আইচক্ৰীম খাই থাকোঁতে প্ৰায় দুই চেণ্টিমিটাৰ দীঘল কিছু টান এটি অৱশিষ্ট মুখত আহে তেওঁৰ ।

প্ৰথমতে তেওঁ সেয়া আইচক্ৰীমৰ ভিতৰত থকা চকলেটৰ টুকুৰা বুলি ভাবিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চিকিৎসক ব্ৰেণ্ডন ফেৰাওৱে ভালদৰে আইচক্ৰীমটো পৰীক্ষা কৰাত তেওঁ আচৰিত হৈ পৰে ৷ কিয়নো আইচক্ৰীমটো খাওঁতে প্ৰথমে তেওঁৰ মুখত যোৱা টুকুৰাটো চকলেটৰ অংশ নাছিল; আছিল মানুহৰ হাতৰ কটা আঙুলিহে ৷

এই দৃশ্য দেখাৰ লগে লগে ব্ৰেণ্ডনে ভয়ত চিঞৰি উঠে ৷ পিচত ব্ৰেণ্ডনে ভাবিলে যে তেওঁৰ লগত কোনোৱাই হয়তো ধেমালি কৰিছে বা তেওঁৰ ভুল হ’ব পাৰে ৷ সেয়ে পুনৰ এবাৰ তেওঁ আইচক্ৰীমটো পৰীক্ষা কৰিলে ৷ তেতিয়া স্পষ্ট হ’ল যে যি দেখিছে সেয়া সঁচা ৷

আইচক্ৰীমটোত আছিল ২ ছেন্টিমিটাৰ দীঘল এটা হাতৰ আঙুলি ৷ ইয়াৰ পিচত ব্ৰেণ্ডনে আৰু পলম নকৰি আঙুলিটোৰ অৱশিষ্ট প্ৰকৃততে মানুহৰ আঙুলি বুলি সন্দেহ কৰি মালাড থানাত এখন এজাহাৰ দাখিল কৰে । ইয়াৰ পিচত লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় আৰু মানুহৰ আঙুলিৰ সৈতে আইচক্ৰীমটো পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

পিচত লোকজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইয়াম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, আইচক্ৰীম আৰু মানুহৰ আঙুলি এতিয়া ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ আঙুলিটো পুৰুষৰ নে মহিলাৰ সেই সম্পৰ্কে এতিয়াও একো জানিব পৰা হোৱা নাই ৷ প্ৰতিবেদন অহাৰ পিচত সকলো স্পষ্ট হৈ পৰিব ৷

এই ঘটনা সম্প্ৰতি অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বিভিন্ন সময়ত মানুহে ৰেষ্টুৰা বা হোটেলৰ খাদ্যত জেঠী, নিগনি আৰু অন্যান্য পোক-পৰুৱা আদি পোৱা বাতৰি পোহৰলৈ আহিছিল ৷ কিন্তু মানুহৰ শৰীৰৰ অংগ পোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

এই আইচক্ৰীমত মানুহৰ আঙুলি পোৱা ফটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ জানিব পৰা মতে Yummo Ice Cream এটা প্ৰখ্যাত ব্ৰেণ্ড ৷ এই প্ৰখ্যাত ব্ৰেণ্ডৰ আইচক্ৰীত কেনেকৈ মানুহৰ আঙুলি আহিব পাৰে সেইলৈহে প্ৰশ্নৰ উত্থাপন হৈছে ৷

গাৰ নোম শিয়ৰি উঠা এই ঘটনাই সম্প্ৰতি আৰক্ষীকো আচৰিত কৰি তুলিছে ৷ এতিয়া প্ৰশ্ন হয় যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: বজাৰৰ আইচক্ৰীমে আপোনাক কৰিব পাৰে ৰুগীয়া; ঘৰতে কম খৰচতে প্ৰস্তুত কৰক আইচক্ৰীম - Homemade Ice Cream Recipe

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.