ETV Bharat / health

৩৬ বছৰ বয়সতো এই খাদ্যৰে নিজকে ফিট ৰাখিছে সামান্থা ৰুথ প্ৰভুৱে - সামান্থা ৰুথ প্ৰভু

Samantha Ruth Prabhu Diet: একশ্যন হওক বা নৃত্য হওক, তেওঁৰ শৰীৰটো ইমানেই নমনীয়ভাৱে ব্যৱহাৰ কৰে যে তেওঁৰ পৰা চকু আঁতৰোৱাটো খুব কঠিন হৈ পৰে ৷ তেওঁৰ ফিটনেছৰ প্ৰকৃত ৰহস্য কি কিদৰে তেওঁ নিজকে ফিট আৰু এক্টিভ ৰাখে জানো আহক-

Samantha Ruth Prabhu keeps herself fit at the age of 36 with this diet
৩৬ বছৰ বয়সতো এই খাদ্যৰে নিজকে ফিট ৰাখিছে সামান্থা ৰুথ প্ৰভুৱে
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 3:42 PM IST

দক্ষিণৰ অন্যতম এগৰাকী অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ বয়স সম্প্ৰতি ৩৬ বছৰ, কিন্তু তেওঁৰ ফিটনেছলৈ চাই এই কথা বিশ্বাস কৰাটো টান ৷ একশ্যন হওক বা নৃত্য হওক, তেওঁৰ শৰীৰটো ইমানেই নমনীয়ভাৱে ব্যৱহাৰ কৰে যে তেওঁৰ পৰা চকু আঁতৰোৱাটো খুব কঠিন হৈ পৰে ৷

ফিটনেছ নিশ্চিত কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰাটো নিশ্চিত যদিও ইয়াৰ লগতে বিশেষ খাদ্যও মানি চলিব লাগে ৷ অভিনেত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পোষ্টত এই কথা প্ৰকাশ কৰিছে ৷ তেওঁ কয়, অটোইম্যুন ডায়েট প্লেন অনুসৰণ কৰাৰ পিছত মই গম পালোঁ যে শক্তি আপোনাৰ খাদ্যৰ পৰা নহয় আপোনাৰ চিন্তাধাৰাৰ পৰাই আহে ৷

অটোইম্যুন ডায়েট কি ?

নিজৰ পোষ্টত অটোইম্যুন ডায়েটৰ কথা উল্লেখ কৰাৰ সময়তে সামান্থাই লিখিছে যে, ই এক অতি কঠোৰ ডায়েট ৷ কিন্তু ইণ্টাৰনেটত বিচাৰিলে ফলাফলত Autoimmune Protocol Diet ৰ সৈতে জড়িত তথ্য পোৱা যায় ৷ এই খাদ্যৰ উদ্দেশ্য হৈছে অটোইম্যুন ৰোগৰ লক্ষণসমূহ উন্নত কৰা আৰু শৰীৰৰ প্ৰদাহৰ সমস্যা নিৰাময় কৰা ৷ গতিকে প্ৰদাহজনিত খাদ্যসমূহ অটোইম্যুন খাদ্যত অন্তৰ্ভুক্ত নহয় ৷

অটোইম্যুন প্ৰট’কল ডায়েটত কিয় খাব লাগে

সাগৰীয় খাদ্য, বনৌষধি, পাতল সেউজীয়া শাক-পাচলি (পালেং, বিলাহী, বনৌষধি আদি), ক্ৰুচিফেৰাছ শাক-পাচলি (ব্ৰকলি, ফুলকবি, বন্ধাকবি আদি), শিপাৰ শাক-পাচলি (গাজৰ, মিঠা আলু, কুমলীয়া ডালিম আদি), এভোকেডো, ফলমূল যেনে- জামু, টেঙা ফল, আপেল, চেৰী আদি, অলিভ অইল আৰু নাৰিকল তেল, মিঠা নকৰা ভিনেগাৰ (বেলচামিক, ৰেড ৱাইন, চাইডাৰ ভিনেগাৰ) অটোইম্যুন খাদ্যত অন্তৰ্ভুক্ত কৰা হয় ৷

অটোইম্যুন প্ৰট’কল ডায়েটৰ নিয়ম

অটোইম্যুন ডায়েটৰ কোনো নিৰ্দিষ্ট সময় নাই ৷ ভোক অনুযায়ী দিনটোত ৩-৪ বাৰ খাব পাৰে ৷ কিন্তু ৰক্তশৰ্কৰাৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখিবলৈ দিনটো নিয়মীয়াকৈ আহাৰ আৰু জলপান খোৱাটো অতি প্ৰয়োজনীয় ৷ সাধাৰণতে প্ৰয়োজন হ’লে মাজতে জলপানো খাব পাৰি ৷ এই খাদ্যাভ্যাসত এজন ব্যক্তিৰ পেট ভৰি পৰালৈকে আৰু তেওঁ তৃপ্ত নোহোৱালৈকে ইমানখিনি খাবলৈ দিয়া হয় ৷

লগতে পঢ়ক: উজ্জ্বল তথা নিমজ ছালৰ গৰাকী হ’বলৈ খাওক এই ৪বিধ বিশেষ চাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.