ETV Bharat / health

বহু সময়লৈকে হাঁচি ধৰি ৰাখে নেকি ? তেন্তে আজিয়েই ত্যাগ কৰক এই অভ্যাস - Risks Of Holding In A Sneeze

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:24 PM IST

Risks Of Holding In A Sneeze: কিছুমান মানুহৰ হাঁচি ধৰি ৰখাৰ অভ্যাস আছে যদিও তেনে কৰাটো উচিত নহয় । আজি এই খবৰৰ জৰিয়তে আমি জানিম যে হাঁচি বন্ধ কৰাৰ ফলত আমাৰ স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে।

Risks Of Holding In A Sneeze
বহু সময়লৈকে হাঁচি ধৰি ৰাখে নেকি ? তেন্তে আজিয়েই ত্যাগ কৰক এই অভ্যাস (ETV Bharat)

Corona মহামাৰীৰ পিচত বহুতে মানুহৰ মাজত হাঁচিয়াবলৈ কুন্ঠাবোধ কৰে । হাঁচি মাৰিলে চৌপাশৰ মানুহে কি ভাবিব তাৰ বাবেই মানুহে নিজৰ হাঁচিক স্তব্ধ কৰি ৰাখে । অৱশ্যে এনেদৰে হাঁচি বন্ধ কৰাটো উচিত নহয় বুলি চিকিৎসকে মত প্ৰকাশ কৰে ।

হাঁচি বন্ধ কৰা বা ধৰি ৰখা ব্যক্তিজনে নিজৰ চৌপাশৰ মানুহে কি ভাবিব সেই কথা চিন্তা কৰে । কিছুমান মানুহে এইটোও ভাবে যে অনবৰতে হাঁচিয়ালে মানুহে এইটো ভাবিবলৈ আৰম্ভ কৰে যে, তেওঁলোকৰ বাবে আন লোকো সংক্ৰমিত হ’ব পাৰে । একে সময়তে ওচৰতে উপস্থিত থকা লোকসকলে হাঁচি মৰা ব্যক্তিজনৰ ফালে এনেদৰে একেৰাহে চাই থাকে যেন তেওঁ এটা ডাঙৰ অপৰাধহে কৰিছে ।

  • হাঁচি মাৰিলে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে

হাঁচি দৰাচলতে শৰীৰত প্ৰৱেশ কৰা বেক্টেৰিয়া, ধূলি, মলি, ধোঁৱা, প্ৰদূষণ আদিৰ দ্বাৰা হোৱা প্ৰতিক্ৰিয়া । ইয়াৰ বাবে আপুনি নাকৰ ওচৰত অলপ অস্বস্তি অনুভৱ কৰে । তেতিয়াই আমাৰ হাঁচি আহে । বিশেষজ্ঞসকলেও কয় যে, এই কাৰ্যই আপোনাক বেমাৰৰ পৰা ৰক্ষা কৰে । কোৱা হয় যে, হাঁচিয়ে শৰীৰক বীজাণু আৰু কোষৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰে । গৱেষণাৰ পৰা দেখা গৈছে যে, হাঁচি ধৰি ৰাখিলে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু কেতিয়াবা বিপদজনকও হ’ব পাৰে ।

সেয়ে আজি জানো আহক বহু সময়লৈকে হাঁচি বন্ধ কৰি ৰাখিলে বা ধৰি ৰাখিলে আমাৰ স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে ৷

  • এই অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হ’ব পাৰে

বিশেষজ্ঞসকলৰ মতে, হাঁচি মাৰিলে ঘণ্টাত ১০০ মাইল বেগত নাকৰ পৰা শ্লেষ্মাৰ টোপাল বা নাকেৰে পানী ওলাই আহে । ই শ্বাস-প্ৰশ্বাসতন্ত্ৰত যি চাপৰ সৃষ্টি কৰে তাৰ বাবে ই এক শক্তিশালী ক্ৰিয়াত পৰিণত হয় । এটা অধ্যয়নৰ মতে, এগৰাকী মহিলাই হাঁচি মাৰিলে শ্বাসনলীৰ প্ৰতি বৰ্গ ইঞ্চিত কমেও এক পাউণ্ড বল প্ৰয়োগ কৰে । কিন্তু ইয়াক বন্ধ কৰিলে শ্বাস-প্ৰশ্বাসতন্ত্ৰত চাপ ৫-২৪ গুণ বৃদ্ধি পায় । বিশেষজ্ঞসকলে কয় যে, ইয়াৰ বাবে আমি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

  • মগজুৰ ওপৰত প্ৰভাৱ

যদি আপুনি হাঁচি ধৰি ৰাখে তেন্তে আপোনাৰ শৰীৰে সেই চাপক বজাই ৰাখিবলৈ চেষ্টা কৰে । যাৰ বাবে মগজু ফাটি যোৱাৰ আশংকা থাকে । এনে হ’লে মগজুৰ আশে-পাশে থকা অংশত ৰক্তক্ষৰণ হোৱাৰ আশংকা থাকে ।

  • ডিঙিৰ ক্ষতি

হাঁচি বন্ধ কৰি ৰাখিলে ডিঙিৰ পিছফালে চাপ পৰে । ফলত সেই অংশটো ফাটি যোৱাৰ আশংকা থাকে আৰু বিষ আৰু ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে । গতিকে হাঁচি যিমান পাৰি ধৰি নাৰাখিবলৈ চেষ্টা কৰক । হাঁচিৰ ফলত হোৱা এলাৰ্জীৰ সমস্যাৰ সঠিক যত্ন লওক আৰু উপযুক্ত খাদ্য গ্ৰহণ কৰক ।

  • কাণতো পৰিব পাৰে প্ৰভাৱ

হাঁচি ধৰি ৰাখিলে আপোনাৰ কাণৰ ড্ৰাম ফাটি যাব পাৰে । হাঁচি বন্ধ কৰি থাকোঁতে নাক কৰি ৰাখিলে মুখত হেঁচা পৰে । এই চাপ ইউষ্টেচিয়ান নলীৰ মাজেৰে আপোনাৰ মধ্য কাণলৈ যাব পাৰে । ইয়াৰ ফলত কাণৰ ড্ৰাম ফাটি যাব পাৰে ।

লগতে পঢ়ক: হঠাৎ হাঁচি আহি চকুৰে পানী ওলাই নেকি, তেন্তে এইসমূহ খাদ্য সামগ্ৰীৰে দূৰ কৰক এনে সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.