ETV Bharat / health

দৃষ্টিশক্তি দুৰ্বল হোৱাটো হ’ব পাৰে ডিমেনচিয়াৰ লক্ষণ, শেহতীয়া অধ্যয়নৰ আচৰিত দাবী - Dementia

author img

By ETV Bharat Health Team

Published : Sep 11, 2024, 4:49 PM IST

Dementia: বিশ্বজুৰি ডিমেনচিয়াত আক্ৰান্তল লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মাজতে এক নতুন গৱেষণাই আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে । শেহতীয়াকৈ কৰা গৱেষণাত বিজ্ঞানীসকলে দৃষ্টিশক্তি দ্ৰুতগতিত হ্ৰাস পোৱাটো ডিমেনচিয়াৰ লক্ষণ হ’ব পাৰে বুলি জানিবলৈ দিছে-

Rapid weakening of vision can be a sign of dementia, a shocking claim of a recent study
দৃষ্টিশক্তি দুৰ্বল হোৱাটো হ’ব পাৰে ডিমেনচিয়াৰ লক্ষণ, শেহতীয়া অধ্যয়নৰ আচৰিত দাবী (ETV Bharat)

বিশ্বজুৰি ডিমেনচিয়াৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মাজতে এক নতুন গৱেষণাই আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে ৷ এই গৱেষণাত বিজ্ঞানীসকলে দৃষ্টিশক্তি দ্ৰুতগতিত হ্ৰাস পোৱাটোক ডিমেনচিয়াৰ লক্ষণ হ’ব পাৰে বুলি জানিবলৈ দিছে ৷ অৰ্থাৎ যিসকল লোকৰ চকু দ্ৰুতগতিত দুৰ্বল হৈ আহিছে, তেওঁলোকৰ স্মৃতিশক্তি হেৰুৱা ৰোগ হোৱাৰ সম্ভাৱনা অধিক ৷

আমেৰিকাৰ জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ বিজ্ঞানীসকলে কৰা এই গৱেষণাত দেখা গৈছে যে ৭১ বছৰ বা তাতকৈ অধিক বয়সৰ ২০ শতাংশ লোকৰ দৃষ্টিশক্তি কমি যোৱাৰ লগে লগে তেওঁলোকৰ স্মৃতিশক্তিও দুৰ্বল হৈ পৰে ৷ গৱেষকসকলে কয় যে, পূৰ্বৰ গৱেষণাত শ্ৰৱণ ক্ষমতা হেৰুৱা আৰু ডিমেনচিয়াৰ মাজত সম্পৰ্ক পোৱা গৈছিল যদিও দৃষ্টিশক্তিৰ অভাৱৰ বাবে মগজুত হোৱা প্ৰভাৱ ডিমেনচিয়াৰ কাৰণ বুলি কোৱাটো এক নতুন প্ৰকাশ ৷

অধ্যয়নটো কেনেকৈ কৰা হৈছিল ?

গৱেষকসকলে অধ্যয়নৰ লগত জড়িত লোকসকলক ছবিবোৰ মনত ৰখাৰ কাম দিছিল ৷ যিসকলৰ দূৰত্বৰ দৃষ্টিশক্তি বেয়া আছিল তেওঁলোকৰ ভিতৰত ৫ শতাংশৰ ডিমেনচিয়াৰ লক্ষণ দেখা গৈছিল ৷ একে সময়তে দূৰদৰ্শিতা থকা ১০ শতাংশ আৰু দৃষ্টিশক্তি ম্লান হোৱা ১৫ শতাংশৰ ক্ষেত্ৰত স্মৃতিশক্তিৰ সমস্যা হোৱা দেখা গৈছিল ৷

গৱেষকসকলে কয় যে, এই অংশগ্ৰহণকাৰীসকলৰ দৃষ্টিশক্তি হেৰুৱাৰ কথাটো যদি গুৰুত্বসহকাৰে লোৱা হ’লহেঁতেন তেন্তে প্ৰায় ২০ শতাংশ ৰোগীৰ ডিমেনচিয়া প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন ৷

ডিমেনচিয়াৰ লক্ষণসমূহ কি কি ?

ডিমেনচিয়া হৈছে এনে এক ৰোগ, য’ত মগজুৰ কোষবোৰ ক্ৰমান্বয়ে ধ্বংস হৈ যায়, যাৰ ফলত স্মৃতিশক্তি, চিন্তা ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাত প্ৰভাৱ পৰে ৷ ডিমেনচিয়াৰ কিছুমান সাধাৰণ লক্ষণ হ’ল-

  • স্মৃতিশক্তি দুৰ্বল হোৱা
  • নতুন কথা শিকিবলৈ অসুবিধা
  • বস্তু হেৰাই পেলোৱা
  • ভাষাৰ সমস্যা
  • সময় আৰু স্থানৰ জ্ঞান হেৰুৱাই পেলোৱা
  • সিদ্ধান্ত লোৱাত অসুবিধা
  • মেজাজৰ দোলাচল
  • ব্যক্তিত্বৰ পৰিৱৰ্তন

দৃষ্টিশক্তি আৰু মগজুৰ মাজৰ সম্পৰ্ক

এই গৱেষণাৰ পৰা দেখা গৈছে যে, চকু কেৱল দেখাৰ লগত নহয় মগজুৰ লগতো সংযুক্ত ৷ চকুৰ জৰিয়তে লাভ কৰা তথ্যই মগজুক উদ্দীপিত কৰে আৰু মগজুক সুস্থ কৰি ৰখাত সহায় কৰে ৷ দৃষ্টিশক্তি দুৰ্বল হ’লে মগজুৱে কম উদ্দীপনা লাভ কৰে, যাৰ ফলত মগজুৰ কোষবোৰ কম সক্ৰিয় হৈ পৰে আৰু ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পায় ৷

Ref:-https://publichealth.jhu.edu/2023/new-study-links-hearing-loss-with-dementia-in-older-adults

লগতে পঢ়ক: Alzheimer: ২০৫০ চনলৈ তিনিগুণ বৃদ্ধি হ’ব এলঝেইমাৰ ৰোগীৰ সংখ্যা ! জানক কেনেকৈ এই আশংকা দূৰ কৰিব পাৰি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.