ETV Bharat / health

চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য ?

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:03 PM IST

Abortion Pills Side Effects: চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰিলে আমাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

Over The Counter Abortion Pills Side Effects
চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য ?

অবাঞ্চিত গৰ্ভাৱস্থাৰ পৰা হাত সাৰিবলৈ মহিলাসকলে আফটাৰ পিল, গৰ্ভনিৰোধক বড়ি, জৰুৰীকালীন বড়ি ব্যৱহাৰ কৰে ৷ এই বড়ি সেৱনে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা আঁতৰি থকাত সহায় কৰে ৷ কিন্তু জানেনে, গৰ্ভনিৰোধক বড়ি সেৱন কৰাটোও শৰীৰৰ বাবে ক্ষতিকাৰক ৷ গৰ্ভাৱস্থাৰ পৰা হাত সাৰিবলৈ জন্ম নিয়ন্ত্ৰণৰ বড়ি এটা সাধাৰণ আৰু ফলপ্ৰসূ উপায় ৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াৰ সেৱন শৰীৰৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে বিতংভাৱে জানো আহক চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি খোৱাৰ পাৰ্শ্বক্ৰিয়া ৷

  • " class="align-text-top noRightClick twitterSection" data="">

জন্ম নিয়ন্ত্ৰণৰ বড়ি খোৱাৰ পাৰ্শ্বক্ৰিয়া

গৰ্ভনিৰোধক বড়ি ৭২ ঘণ্টাৰ ভিতৰত খাব লাগে ৷ ষ্টাৰ হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ বিজয় লক্ষ্মীয়ে কয় যে, "গৰ্ভনিৰোধক বড়িয়ে শৰীৰত হৰম'নৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ কাম কৰে ৷ ইয়াক সেৱন কৰিলে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিব পাৰি ৷ কিন্তু অতিৰিক্তভাৱে বা চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰিলে ৷ ইয়াক সেৱন কৰিলে শৰীৰৰ বিস্তৰ ক্ষতিসাধন হ'ব পাৰে ৷"

চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি সেৱন কৰিলে এনেদৰে ক্ষতিকাৰক হ’ব পাৰে-

১/ হাৰ্ট এটেক আৰু হৃদৰোগৰ সমস্যা

কিছুমান জন্ম নিয়ন্ত্ৰণ বড়িয়ে মহিলাৰ শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে আৰু হাৰ্ট এটেক আৰু হৃদৰোগ বৃদ্ধি কৰিব পাৰে ৷ অধিক পৰিমাণৰ ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন থকা গৰ্ভনিৰোধক ঔষধ সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷

২/ হৰম’নৰ ভাৰসাম্যহীনতা

জন্ম নিয়ন্ত্ৰণ বড়িয়ে মহিলাৰ হৰম’নৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে ৷ ইয়াৰ ফলত চুলি সৰা, মেজাজৰ দোলাচল, আৰু অন্যান্য হৰম’ন সম্পৰ্কীয় সমস্যা হ’ব পাৰে ৷

৩/ জৰায়ুৰ সংক্ৰমণ

কিছুমান মহিলা অত্যধিক জন্ম নিয়ন্ত্ৰণৰ বড়ি সেৱনৰ বাবে জৰায়ুৰ সংক্ৰমণত ভুগিব পাৰে ৷ ইয়াৰ বাবেই জৰায়ুত বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়, যাৰ ফলত সংক্ৰমণ হ’ব পাৰে ৷

৪/ শৰীৰত পানীৰ অভাৱ

কিছুমান জন্ম নিয়ন্ত্ৰণ বড়িয়ে শৰীৰত পানীলগা হ’ব পাৰে, যাৰ ফলত বিশেষকৈ গৰমত মূৰ ঘূৰোৱা, ভাগৰুৱা, অস্বস্তিৰ সৃষ্টি হয় ৷

গৰ্ভনিৰোধক বড়ি খোৱাৰ লগত জড়িত সাৱধানতা

যিকোনো ধৰণৰ গৰ্ভনিৰোধক বড়ি খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ৷ জন্ম নিয়ন্ত্ৰণৰ বড়ি খাওঁতে ওপৰত উল্লেখ কৰা অসুবিধাবোৰৰ কথা মনত ৰাখিব ৷ যিকোনো গৰ্ভনিৰোধক বড়ি শুদ্ধ আৰু নিৰাপদভাৱে ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাহিৰেও জন্ম নিয়ন্ত্ৰণৰ বড়ি খোৱাৰ সময়ত নিয়মীয়াকৈ পৰীক্ষা কৰাটো জৰুৰী ৷ ইয়াৰ ফলত আপোনাৰ শৰীৰত কোনো সমস্যা নাই আৰু বড়িটোৱে সঠিকভাৱে কাম কৰি আছে নে নাই সেইটো নিশ্চিত কৰাত সহায় কৰে ৷

লগতে পঢ়ক: বয়স অনুসৰি দৈনিক কিমান কেলচিয়ামৰ প্ৰয়োজন হয় ? জানি লওক বিশেষজ্ঞৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.