ETV Bharat / health

এগৰাকী মাতৃ, যমজ সন্তান আৰু দুগৰাকী পিতৃ: 'বেড নিউজ' ছবিৰ এই কাহিনী বাস্তৱ জীৱনত কেনেকৈ সম্ভৱ ? - Heteropaternal Superfecundation

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 1:44 PM IST

Heteropaternal Superfecundation: ‘বেড নিউজ’ চিনেমাখন চোৱাৰ পিছত আপুনিও হয়তো ভাবিছে যে কেনেকৈ এগৰাকী মহিলাই একে সময়তে দুজন বেলেগ বেলেগ পুৰুষৰ দ্বাৰা গৰ্ভৱতী হ’ব পাৰে । ইয়াৰ বাবে আপুনি জানিব লাগিব ‘হেটেৰ’পেটাৰ্নেল ছুপাৰফিকণ্ডিচন’ৰ বিষয়ে ।

One mother, twins, and two fathers. How is this possible, like in the movie "Bad News"? Learn about Heteropaternal Superfecundation from a gynecologist
‘হেটেৰ’পেটাৰ্নেল ছুপাৰফিকণ্ডিচন’ মানে কি (INSTAGRAM)

এগৰাকী মাতৃৰ যমজ সন্তান আৰু এই যমজ সন্তানৰ পিতৃ বেলেগ বেলেগ প্ৰকৃততে এয়া জানো সম্ভৱ ? শুনি নিশ্চয় আচৰিত লাগিছে নহয় জানো ৷ দৰাচলতে শেহতীয়াকৈ মুক্তিলাভ কৰা ছবি বেড নিউজৰ কাহিনীও ঠিক একেধৰণৰ ৷

য’ত ছবিখনৰ অভিনেত্ৰী তৃপ্তী ডিমৰি হঠাৎ গৰ্ভৱতী হয়, তেওঁ যমজ সন্তানৰ মাতৃ হয়, কিন্তু যমজ সন্তানৰ পিতৃ বিকি কৌশল নে এমি বিৰ্ক তৃপ্তীয়ে সেয়া নাজানে । ইয়াৰ মাজতে এই বিভ্ৰান্তি দূৰ কৰিবলৈ যেতিয়া চিকিৎসালয়ত পেটাৰ্নিটী টেষ্ট কৰা হয় তেতিয়া পোহৰলৈ আহে যে এই যমজ সন্তানৰ এটাৰ পিতৃ বিকি কৌশল আৰু আনটোৰ পিতৃ এমি বিৰ্ক ।

এই চিকিৎসাজনিত অৱস্থা অতি বিৰল

এতিয়া আপুনি হয়তো ভাবিছে যে এইটো সম্ভৱ জানো ? দৰাচলতে চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘হেটেৰ’পেটাৰ্নেল ছুপাৰফিকণ্ডিচন’ বুলি কোৱা হয় । জীৱ-জন্তুৰ ক্ষেত্ৰত এইটো বহুবাৰ হোৱা দেখা গৈছে যদিও মানুহৰ ক্ষেত্ৰত ই অতি বিৰল যদিও অসম্ভৱ নহয় । বিশেষজ্ঞৰ পৰা জানিবলৈ চেষ্টা কৰোঁ যে এয়া কেনেকৈ সম্ভৱ ?

‘হেটেৰ’পেটাৰ্নেল ছুপাৰফিকণ্ডিচন’ মানে কি ?

জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ৰাহুল মানচন্দই কয় যে, "যি অৱস্থাত এগৰাকী মহিলাৰ একেসময়তে দুটি সন্তানৰ মাতৃ হয় যাক আমি যমজ সন্তান বুলিও কওঁ । এই অৱস্থাত মহিলাৰ একেটা জৰায়ুতে দুটা সন্তান গঠন হয় ৷ এই দুয়োটা সন্তানৰ পিতৃ বেলেগ বেলেগ হয়, চিকিৎসাৰ ভাষাত আমি ইয়াক 'হেটেৰ'পেটাৰ্নেল ছুপাৰফিকণ্ডিচন' (Heteropaternal Superfecundation)বুলি কওঁ ৷

এয়া কেনেকৈ সম্ভৱ ?

ডাঃ ৰাহুল মানচন্দই আৰু কয়, "এগৰাকী স্বাভাৱিক মহিলাৰ ক্ষেত্ৰত প্ৰতিমাহে, ঋতুচক্ৰৰ মাজভাগত এটা ডিম্ব মুক্ত হয়, সাধাৰণতে মাত্ৰ এটা ডিম্ব মুক্ত হয় । যদি সেই মহিলাগৰাকী বিবাহিত হয়, বা কাৰোবাৰ লগত থাকে আৰু এনেক্ষেত্ৰত যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে একেটা শুক্ৰাণুৰ দ্বাৰা নিষেচন কৰিলে তেওঁ গৰ্ভৱতী হ’ব পাৰে আৰু এনে ক্ষেত্ৰত তেতিয়া মাত্ৰ এটা সন্তানহে গঠন হ'ব ।

"কেতিয়াবা এগৰাকী মহিলাই এটা চক্ৰত একাধিক ডিম্ব মুক্ত কৰে । অৰ্থাৎ ২টা ডিম্বও মুক্ত কৰিব পাৰে । গতিকে এইটো স্বাভাৱিক নহয়, কিন্তু অসম্ভৱো নহয় । গতিকে যদি সেই মহিলাগৰাকীয়ে ২ জন ভিন্ন পুৰুষৰ সৈতে কম সময়ৰ ব্যৱধানত সম্পৰ্ক স্থাপন কৰে অৰ্থাৎ, যদি তেওঁ একেটা ঋতুচক্ৰৰ ভিতৰত দুজন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে মুক্ত হোৱা এই দুয়োটা ডিম্বই ২ জ ভিন্ন পুৰুষৰ দ্বাৰা নিষিক্ত(Fertilize) হ’ব পাৰে আৰু দুয়োৰে পৰা এটা সন্তান গঠন কৰিব পাৰে ।"

"এনে ক্ষেত্ৰত যমজ সন্তানৰ জন্ম হয়, একে সময়তে জন্ম হয়, একেটা জৰায়ুতে, কিন্তু ইহঁতৰ পিতৃ বেলেগ বেলেগ হয় । আমি ইয়াক 'হেটেৰ'পেটাৰ্নেল ছুপাৰফিকণ্ডিচন' বুলি কওঁ । ইতিমধ্যে বহু ক্ষেত্ৰত এনে হোৱা দেখা গৈছে, কিন্তু ই ইমান সাধাৰণ ঘটনাও নহয়, কিন্তু, এয়া সম্ভৱ ।"

কিবা জটিলতা হ’ব পাৰে নেকি ?

"এই ধৰণৰ গৰ্ভাৱস্থাত হোৱা চিকিৎসাজনিত জটিলতাৰ সন্দৰ্ভত ডাঃ মানচন্দাই কয়, "নাই, সাধাৰণতে এনেকুৱা হোৱা দেখা নাযায়, কাৰণ এই দুয়োটা পৃথক গৰ্ভাৱস্থা, ইহঁতে স্বাভাৱিক যমজ গৰ্ভাৱস্থাৰ দৰে আচৰণ কৰে, যিটো আমাৰ সাধাৰণভাৱে যমজ সন্তানৰ প্ৰসৱৰ সময়ত হয় ।" স্বাভাৱিক যমজ গৰ্ভাৱস্থাৰ দৰেই গৰ্ভাৱস্থা হ'ব পাৰে, কিন্তু এনে ডাঙৰ ঘটনা খুব কম সংখ্যক মহিলাৰ ক্ষেত্ৰতহে হোৱা দেখা যায় ৷"

লগতে পঢ়ক: কেটৰিণাৰ গৰ্ভধাৰণৰ খবৰ সন্দৰ্ভত বিকি কৌশলৰ প্ৰতিক্ৰিয়া: ক’লে উপভোগ কৰক 'Bad Newz' - Vicky reacts on Katrina Pregnancy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.