ETV Bharat / health

Shark Tankত নমিতা থাপাৰে ক’লে পেৰিমেন’পজৰ কথা; পেৰিমেন’পজ দৰাচলতে হয় কি ? - Perimenopause Diagnosis

Shark Tank Namita Thapar: নমিতা থাপাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত তেওঁ পেৰিমেন’প’জৰ কথা মুকলিকৈ উল্লেখ কৰিছে । ইয়াৰ বিষয়ে আজি জানো আহক-

Namita Thapar mentioned perimenopause in Shark Tank, know the symptoms and prevention measures of perimenopause
Shark Tankত নমিতা থাপাৰে ক’লে পেৰিমেন’পজৰ কথা; পেৰিমেন’পজ দৰাচলতে হয় কি ?
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 6:03 PM IST

Updated : Mar 14, 2024, 9:13 AM IST

নমিতা থাপাৰ এগৰাকী সুপৰিচিত আৰু অতি সফল ব্যৱসায়ী ৷ এমকিউৰ ফাৰ্মাচিউটিকেলছৰ(Emcure pharmaceuticals) কাৰ্যবাহী সঞ্চালিকা ৷ বিগত তিনি বছৰ ধৰি শ্বাৰ্ক টেংকৰ বিচাৰক হিচাপে কাম কৰি আহিছে নমিতাই ৷ শেহতীয়াকৈ নমিতাই ইনষ্টাগ্ৰামত শ্বাৰ্ক টেংকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ পেৰিমেন’পজৰ কথা মুকলিকৈ উল্লেখ কৰিছে ৷

নমিতাই কয় যে, তেওঁ পেৰিমেন’প’জৰ মাজেৰে পাৰ হৈ আছে ৷ এই সময়ছোৱাত তেওঁ প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবে অসুবিধাত ভুগিবলগীয়া হয় ৷ কেৱল এয়াই নহয়, পেৰিমেন’প’জৰ সময়ত প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবে তেওঁ ৰক্তহীনতাতো ভুগিবলগীয়া হৈছিল ৷ জানো আহক মহিলাসকলৰ ক্ষেত্ৰত দেখা দিয়া পেৰিমেন’প’জ দৰাচলতে হয় কি ? লগতে পেৰিমেন’পজৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থাসমূহো জানি লওক-

পেৰিমেন’পজ কি ?

পেৰিমেন’পজ হ’ল ৰজোনিবৃত্তিৰ পূৰ্বে হোৱা এক অৱস্থা ৷ ইয়াত ঋতুস্ৰাৱ অনিয়মীয়া হৈ পৰে ৷ সাধাৰণতে মহিলাসকলে পেৰিমেন’পজৰ লক্ষণসমূহ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে প্ৰায় ৪০ বছৰ বয়সত ৷ কিছুমান মহিলাৰ ক্ষেত্ৰত ৩০ বছৰ বয়সতো পেৰিমেন’পজ আৰম্ভ হ’ব পাৰে ৷ ৰজোনিবৃত্তিৰ সময়ত শৰীৰত বহুতো পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে ৷ পেৰিমেন’পজত ঋতুস্ৰাৱ অনিয়মীয়া হ’বলৈ আৰম্ভ কৰে ৷ এই সময়ছোৱাত মহিলাসকল টোপনিৰ সমস্যা, মেজাজৰ পৰিৱৰ্তন, ভাগৰ আৰু হট ফ্লেচৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷

মহিলাসকলে পেৰিমেন’পজৰ সময়ত এই লক্ষণসমূহ অনুভৱ কৰিব পাৰে:

  • মেজাজৰ পৰিৱৰ্তন
  • যৌন ইচ্ছা হ্ৰাস পোৱা
  • মনোনিৱেশ কৰাত সমস্যা
  • মূৰৰ বিষ হোৱা
  • ৰাতি ঘাম ওলোৱা
  • যোনি শুকান হোৱা
  • টোপনিৰ লগত জড়িত সমস্যা
  • পেশীৰ বিষ
  • হঠাতে গৰম অনুভৱ কৰা

পেৰিমেন’পজৰ লক্ষণ

পেৰিমেন’পজৰ লক্ষণৰ পৰা সকাহ পাবলৈ আপুনি এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে-

  • পেৰিমেন’পজৰ লক্ষণৰ পৰা সকাহ পাবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক ৷ ইয়াত প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থ অন্তৰ্ভুক্ত কৰিব লাগিব ৷
  • পেৰিমেন’পজৰ পৰা হাত সাৰিবলৈ ফল-মূল আৰু শাক-পাচলি খাব লাগে ৷
  • পেৰিমেন’পজৰ সময়ত খাদ্যত কেলচিয়াম নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক ৷
  • পেৰিমেন’পজ হ’লে নিয়মিত ব্যায়ামো কৰিব লাগিব ৷

যদি আপুনিও পেৰিমেন’পজৰ পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে, তেন্তে আপোনাৰ খাদ্যৰ বিশেষ যত্ন লওক ৷ যদি এই সময়ছোৱাত আপোনাৰ অধিক সমস্যা হয়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক ৷

লগতে পঢ়ক: ওজন বৃদ্ধি হোৱাক লৈ চিন্তিত নেকি ? এই ৫বিধ পানীয়ই কৰিব সহায়

Last Updated : Mar 14, 2024, 9:13 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.