ETV Bharat / health

ঘাম ওলোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া ? বিশেষজ্ঞসকলে কি কয় জানি লওক - is sweating good for skin - IS SWEATING GOOD FOR SKIN

Is sweating good for skin: ঘাম ওলোৱাটো শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া । যেতিয়া তাপমাত্ৰা অধিক হয়, আমাৰ শৰীৰৰ পৰা ঘাম ওলায় । কিন্তু ঘাম ওলোৱাটো স্বাস্থ্যৰ বাবে ভাল নে বেয়া সেই প্ৰশ্নটোক লৈ মানুহ প্ৰায়ে দ্বিধাত থাকে ।

is sweating good for skin
ঘাম ওলোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া (Getty Images)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 6:17 PM IST

ঘাম ! ই এক শাৰীৰিক প্ৰক্ৰিয়া যাৰ সন্মুখীন হ’বলগীয়া হয় সকলোৱে । চৌপাশৰ পৰিৱেশ গৰম হ’লে আমাৰ ঘাম ওলাবলৈ আৰম্ভ কৰে । কাৰোবাৰ ঘাম ওলালে সেই ব্যক্তিজনে বৰ অস্বস্তি অনুভৱ কৰে । ইয়াৰ পৰা সকাহ পাবলৈ মানুহে ফেন, কুলাৰ বা এচিৰ সহায় লয় । কিন্তু বহুতৰে এটা প্ৰশ্ন আছে যে ঘাম ওলোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?

ঘাম কিয় ওলায় ?

প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে, আমি জানো আহক ঘাম কিয় ওলায় ? প্ৰকৃততে, মানুহ হৈছে এক সমতাপীয় জীৱ । মানুহে বাহ্যিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে । বাহ্যিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি শৰীৰৰ উষ্ণতা সন্তুলিত কৰিবলৈ আমাৰ শৰীৰে ঘাম উলিয়াই । যেতিয়া তাপমাত্ৰা অধিক হয়, আমাৰ শৰীৰে ঘাম উলিয়াই আৰু শৰীৰটো শীতল কৰিবলৈ চেষ্টা কৰে ।

ঘাম ওলোৱাৰ লাভালাভ :

  1. দিল্লীৰ আগশাৰীৰ ছালৰ বিশেষজ্ঞ ডাঃ মহাজনে কয় যে ঘাম ওলোৱাটো বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী । তেওঁ কয় যে ঘামচিৰ ফলত বেক্টেৰিয়াৰ বৃদ্ধি হ্ৰাস পায় আৰু ছালখন উজ্জ্বল কৰি ৰখাত সহায় কৰে ।
  2. লগতে..২০১৬ চনত ‘জাৰ্নেল অৱ ইনভেষ্টিগেটিভ ডাৰ্মেট’লজী’ত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ঘামৰ ফলত ছালৰ পি এইচ কম হয়, যিয়ে বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে ।
  3. ঘামে ছিদ্ৰবোৰত জমা হোৱা অতিৰিক্ত লেতেৰা, তেল আৰু অশুদ্ধি আঁতৰ কৰাত সহায় কৰে । ইয়াৰ উপৰিও, ঘামে ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, ছালৰ সমস্যা যেনে পিম্পল আৰু দাগ আদিও নাইকিয়া হয় । ফলস্বৰূপে, ছালৰ স্বাস্থ্য উন্নত হয় ।
  4. ঘামৰ যোগেদি শৰীৰৰ পৰা অতিৰিক্ত নিমখ আঁতৰি যায় । লগতে হাড়বোৰে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পায় । চিকিৎসকৰ মতে, ঘাম ওলোৱাৰ ফলতো কিডনীত পাথৰ গঠন হোৱাৰ পৰা হাত সাৰিব পাৰি ।
  5. ঘাম ওলোৱাটোৱে ছালত ৰক্ত সঞ্চালন উন্নত কৰে । কোৱা হয় যে ই ছালখন স্বাস্থ্যৱান আৰু উজ্জ্বল দেখায় ।
  6. ডাঃ মহাজনে কয় যে ঘাম ওলোৱা শৰীৰৰ বাবে অতি উপকাৰী । ই শৰীৰৰ উষ্ণতা শীতল কৰে । ইয়াৰ উপৰিও ই আপোনাৰ ছালখনক হাইড্ৰেট আৰু মইশ্ব’ৰাইজ কৰে ।

কিন্তু এনেদৰে ঘাম ওলোৱাটো ভাল হ’লেও অত্যধিক ঘাম ওলোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলি কোৱা হয় । অত্যধিক ঘাম ওলোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলায় ।

ঘাম ওলোৱাৰ পাৰ্শ্বক্ৰিয়া:

  1. বিশেষজ্ঞসকলৰ মতে, অত্যাধিক ঘাম ওলোৱাৰ ফলত ছালৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে । পৰিৱেশত থকা ধুলি ছালৰ ছিদ্ৰত প্ৰৱেশ কৰিলে শালমইনা আৰু দাগ সৃষ্টি হয় ।
  2. লগতে, ঘামত থকা খনিজ লৱণ আৰু লেক্টিক এচিডে সময়ৰ সৈতে প্ৰাকৃতিক ময়েশ্চাৰাইজিং কাৰক যেনে চেৰামাইড, ফেটি এচিড আৰু হাইলুৰোনিক এচিডৰ স্তৰ হ্ৰাস কৰে । ফলস্বৰূপে, ছালত শুষ্কতা আৰু জ্বলা-পোৰাৰ দৰে সমস্যাই দেখা দিব পাৰে।
  3. চিকিৎসকসকলে কৈছে যে অত্যাধিক ঘাম ওলোৱা বা একেবাৰে ঘাম নোহোৱাটোও চিন্তাৰ কাৰণ । অত্যাধিক ঘাম ওলোৱাক হাইপাৰহাইড্ৰ’চিছ বুলিও কোৱা হয় ।

ডাঃ মহাজনে কয় যে অত্যধিক ঘামচিৰ ফলত এথলীটৰ ভৰি, শৰীৰৰ দুৰ্গন্ধ, আঠাযুক্ত বা ঘামচি ওলোৱা হাতৰ তলুৱা আদি ভেঁকুৰৰ সংক্ৰমণ হয় । গতিকে যদি অত্যধিক ঘাম ওলায় তেন্তে আপোনাৰ স্বাস্থ্যৰ বাবে উপযুক্ত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক : গ্ৰীষ্মকালত অতিমাত্ৰা ব্যায়াম কৰে নেকি ? তেন্তে সাৱধান ! - Over Exercising

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.