ETV Bharat / health

আপুনিও বাৰে বাৰে চাহ গৰম কৰি খায় নেকি ? - পুনৰ গৰম কৰা চাহৰ পাৰ্শ্বক্ৰিয়া

Reheating tea Side Effects: বাৰে বাৰে চাহ গৰম কৰি খোৱাটো স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে ? চাহ কিয় বাৰে বাৰে গৰম কৰিব নালাগে আজি সেই বিষয়ে জানো আহক-

Is reheating tea dangerous for the body?
আপুনিও বাৰে বাৰে চাহ গৰম কৰি খায় নেকি ?
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:19 PM IST

বহুতৰ মতে, চাহ ভাৰতীয়ৰ আৱেগ ৷ পুৱা শোৱাৰ পৰা আৰম্ভ কৰি দিনটোৰ সকলো সময়তে চাহ খোৱাটো একপ্ৰকাৰ আমাৰ অভ্যাস ৷ কিন্তু আপোনাৰ-মোৰ এই অভ্যাসে শৰীৰটোৰ বহু ক্ষতি কৰিব পাৰে ৷ বাৰে বাৰে চাহ বনাই থাকিবলৈ অসুবিধা হোৱাৰ বাবে আমি একেলগে অলপ সৰহকৈ চাহ বনাই পাছত সেয়া গৰম কৰি খাই থাকো ৷

হোটেল-ৰোস্তোৰাৰ কথাটো ক’বই নালাগে ৷ গ্ৰাহকক সোনকালে চাহ কাপ যোগাৰ দিবলৈ হোটেলবোৰত একেলগে বহু পৰিমাণে চাহ বনাই থৈ দিয়ে ৷ কিন্তু বাৰে বাৰে চাহ গৰম কৰি খোৱাটো স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে ? চাহ কিয় বাৰে বাৰে গৰম কৰিব নালাগে আজি সেই বিষয়ে জানো আহক-

পুষ্টি হ্ৰাস হয়

বহু আগতে বনাই থোৱা চাহ পুনৰ গৰম কৰি খোৱাটোৱে স্বাস্থ্যৰ ক্ষতি কৰে ৷ চাহত বিকাশ হোৱা মৃদু বেক্টেৰিয়াবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ আমাৰ বহুতৰে ঘৰত গাখীৰ চাহ তৈয়াৰ কৰা হয়, য'ত উচ্চ পৰিমাণৰ গাখীৰ থাকে ৷ যাৰ বাবে এনে চাহত জীৱাণুৰ বিকাশৰ আশংকা যথেষ্ট বৃদ্ধি হয় ৷

পেটৰ সমস্যা বৃদ্ধি

বাৰে বাৰে গৰম কৰি চাহ খালে পেটৰ সমস্যা হ'ব পাৰে ৷ বিশেষকৈ পেটত গেছৰ সমস্যাৰ সৃষ্টি হৈ বিষ আৰম্ভ হ’ব পাৰে ৷ তদুপৰি, এনে চাহ খোৱাৰ ফলত অন্ত্ৰত এচিডৰ উৎপাদন বৃদ্ধি হয় ৷ যাৰ ফলত বুকুৰ জ্বলা-পোৰা আৰু বিষৰ সমস্যা হয় ৷

কোষ্ঠকাঠিন্যৰ সমস্যা

পুৰণি চাহ পুনৰ গৰম কৰি খালে ই পাচন তন্ত্ৰক প্ৰভাৱিত কৰে ৷ চাহত থকা এচিডিক গুণাগুণে পাকস্থলীত এচিডৰ পৰিমাণ আৰু অধিক বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ ফলত বদহজম আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা হ'ব পাৰে ৷

ৰক্তচাপ বৃ্দ্ধি

গৰম কৰি চাহ খালে ৰক্তচাপ বৃদ্ধি হ'ব পাৰে ৷ সেয়ে উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলে পৰাপক্ষত এনে চাহ সেৱনৰ পৰা বিৰত থাকিব লাগে ৷

সোৱাদ বেয়া হয়

একাপ চাহৰ বিশেষত্ব হৈছে ইয়াৰ গোন্ধ আৰু সোৱাদ ৷ কিন্তু বাৰে বাৰে চাহ গৰম কৰিলে ইয়াৰ সোৱাদ নষ্ট হৈ যায় ৷ একে সময়তে, ইয়াৰ গোন্ধও উৰি যায় ৷

চাহ কেনেদৰে খাব লাগে

যদি আপুনি চাহ বনোৱাৰ ১৫ মিনিটৰ ভিতৰত ইয়াক পুনৰ গৰম কৰে, তেনেহ'লে ই শৰীৰৰ বিশেষ ক্ষতি নকৰে ৷ দীঘলীয়া সময়ৰ পিছত চাহ গৰম কৰাটোৱেহে শৰীৰৰ বাবে ক্ষতিকাৰক ৷ সেয়ে সদায় আপুনি জোখৰ পৰিমাণত চাহ বনাবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ক: অতিমাত্ৰা খাদ্যৰে নহয় বৰঞ্চ এই স্বাস্থ্যসন্মত পদ্ধতিৰে বৃদ্ধি কৰক ওজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.