ETV Bharat / health

চৰ্দি নিৰাময় হোৱাৰ পিচতো কাহে অসুবিধাৰ সৃষ্টি কৰিছে নেকি ? ইয়াৰ উপায় কি - Coughs and colds treatment

Causes Of Cough: চৰ্দি আৰু কাহ ভাল হৈছে যদিও জেদী কাহৰ পৰা সকাহ পোৱা নাই নেকি ? আপোনাৰো হয়তো এনেকুৱা অভিজ্ঞতা নিশ্চয় আছে ৷ তেনেহ’লে ইয়াৰ কাৰণ কি আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Is a lingering cough after a cold normal?
চৰ্দি নিৰাময় হোৱাৰ পিচতো কাহে অসুবিধাৰ সৃষ্টি কৰিছে নেকি ? ইয়াৰ উপায় কি
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:50 PM IST

চৰ্দি আৰু কাহ ভাল হৈছে যদিও কাহৰ সমস্যা এতিয়াও দূৰ হোৱা নাই ৷ আপোনাৰো হয়তো এনেকুৱা অভিজ্ঞতা নিশ্চয় আছে ৷ অৱশ্যে এই বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, ই যথেষ্ট সাধাৰণ কথা ৷ এই সন্দৰ্ভত কানাডিয়ান মেডিকেল এছ’চিয়েশ্যন জাৰ্নেলত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ১১%ৰ পৰা ২৫% প্ৰাপ্তবয়স্ক লোক চৰ্দিৰ পিচত কাহত আক্ৰান্ত হয় ৷ এই কাহ ৩ৰ পৰা ৮ সপ্তাহলৈকে থাকিব পাৰে ৷

গৱেষকসকলৰ মতে, ভাইৰেল সংক্ৰমণৰ পিছত সংক্ৰামক কাহ (যাক ভাইৰাছৰ পিছৰ কাহ বুলিও কোৱা হয়) হ’ব পাৰে ৷ অটোলেৰিংগোলজিষ্ট (ENT) ওমিদ মেহদিজাদেহ, এম ডিয়ে বুজাইছে যে কাঁহ নাক, ডিঙি, ভয়েচ বক্স আৰু হাওঁফাওঁকে ধৰি শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰদাহ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হয় ৷ অধ্যয়ন অনুসৰি এই প্ৰদাহে শ্বাস-প্ৰশ্বাসৰ নলীৰ সংবেদনশীলতা বৃদ্ধি কৰি শ্লেষ্মা গঠন প্ৰক্ৰিয়া বৃদ্ধি কৰিব পাৰে, একে সময়তে শ্লেষ্মা বাহিৰ কৰাৰ ক্ষমতাও হ্ৰাস কৰিব পাৰে ৷

সংক্ৰমণৰ পিছৰ কাহৰ চিকিৎসা

Columbia University Irvine Medical Centerৰ Primary care physician and internist ডাঃ চান্টাল ষ্ট্ৰেচানে কয় যে, ক’ভিড-১৯ মহামাৰীৰ এটা অৱশিষ্ট প্ৰভাৱ হ’ল ধাৰাবাহিক কাহৰ আশে-পাশে থকা কলংক ৷ অৱশ্যে তেওঁ কয় যে, সংক্ৰমণৰ পিছৰ কাহ সাধাৰণতে চিন্তাৰ বিষয় হ’ব পাৰে, কিন্তু ইয়াৰ দ্বাৰা কোনো গুৰুতৰ ৰোগৰ ইংগিত পোৱা নাযায় ৷

ডাঃ ষ্ট্ৰেচানে আৰু কয় যে, এই কাহৰ বাবে ফাৰ্মাচীত বিক্ৰী হোৱা কফ চিৰাপ, নাকৰ ডিকনজেষ্টেণ্ট স্প্ৰে(Decongestant Sprays), হিউমিডিফায়াৰ আৰু লজেঞ্জ ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷ লগতে তেওঁ কয় যে, এই পৰিস্থিতিত এন্টিবায়টিক বা ষ্টেৰইডৰ কোনো লাভ নাই ৷ গৱেষণাৰ মতে, বেছিভাগ ক্ষেত্ৰতে কোনো ঔষধ নোহোৱাকৈও কাহ সময়ৰ লগে লগে আৰোগ্য হয় ৷ ঔষধ ব্যৱহাৰ কৰিলেও পৰিবেশৰ ক্ষতি হ’ব পাৰে ৷

কেতিয়া বুজিব যে কাহ গুৰুতৰ ?

সংক্ৰমণৰ কাহ সাধাৰণতে শুকান কাহ ৷ একে সময়তে উশাহ-নিশাহ লোৱাত অসুবিধা বা বুকুৰ বিষত হোৱা কাহ অনুসন্ধান কৰাটোও গুৰুত্বপূৰ্ণ ৷ তেওঁ কয় যে, কফত ৰক্তক্ষৰণ, গিলিবলৈ অসুবিধা, বিষ, জ্বৰ, উশাহ লোৱাত অসুবিধা আৰু উশাহ লওঁতে হুহুকি অহা আদি লক্ষণক আওকাণ কৰিব নালাগে ৷ এনে লক্ষণৰ ক্ষেত্ৰত বুকুৰ এক্স-ৰেৰ প্ৰয়োজন হ’ব পাৰে ৷ যদি কাহ ৮ সপ্তাহতকৈ অধিক সময় থাকে বা আপুনি আন গুৰুতৰ লক্ষণ লক্ষ্য কৰে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

লগতে পঢ়ক: স্বাভাৱিক ঋতুচক্ৰ কিমান দিনলৈ থাকিব লাগে ? চিকিৎসকৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.