ETV Bharat / health

আন্তৰাষ্ট্ৰীয় স্নান দিৱস : দৈনিক দুবাৰকৈ স্নান কৰা উচিত - International Bath Day - INTERNATIONAL BATH DAY

Celebrating Love for Bathing : প্ৰতিবছৰে ১৪ জুনৰ দিনটোত উদযাপন কৰা হয় আন্তৰ্জাতিক স্নান দিৱস ৷ ইয়াৰ লক্ষ্য হৈছে গা ধোৱাৰ প্ৰতি সকলোকে আকৰ্ষিত কৰা ৷ গা ধোৱাটোৱে কেৱল মাত্ৰ পৰিস্কাৰ-পৰিচ্ছন্নভাৱে থকাটোকে নুবুজায়, ইয়ে ব্যক্তিৰ আৱেগিক আৰু মানসিক সুস্থতাক পুষ্টি প্ৰদান কৰে ৷

INTERNATIONAL BATH DAY
আন্তৰাষ্ট্ৰীয় স্নান দিৱস (Etv Bharat)
author img

By ETV Bharat Features Team

Published : Jun 14, 2024, 10:41 AM IST

বিশেষ প্ৰতিবেদন, 14 জুন : শুনাত কিছু আচহুৱা যেন লাগিলেও প্ৰতিবছৰে 14 জুনত পালন কৰা হয় আন্তৰ্জাতিক স্নান দিৱস ৷ এই দিনটোৰ উদ্দেশ্য হৈছে গা ধোৱাৰ প্ৰতি সকলোকে আকৰ্ষিত কৰা ৷ সচৰাচৰ প্ৰতিগৰাকী লোকে প্ৰতিদিনে গা ধুৱে ৷

স্নান কৰাটোৱে কেৱল মাত্ৰ পৰিস্কাৰ-পৰিচ্ছন্নভাৱে থকাটোকে নুবুজায়, ইয়ে ব্যক্তিৰ আৱেগিক আৰু মানসিক সুস্থতাক পুষ্টি প্ৰদান কৰে ৷ এগৰাকী ব্যক্তিয়ে দৈনিক দুবাৰকৈ গা ধোৱা উচিত ৷

লগতে পঢ়ক: উচ্চহাৰত প্ৰ’টিন গ্ৰহণে সৃষ্টি কৰিব পাৰে কিডনী পাথৰৰ দৰে গুৰুতৰ সমস্যা - Protien can be harmful

গা ধোৱাৰ ফলত কোনো ব্যক্তিৰ শান্তিৰ অনুভূতি বৃদ্ধি হয় ৷ দৈনিক গৰম পানীৰে গা ধুলে শৰীৰৰ পেশীবোৰ ঢিলা হৈ পৰে ৷ যিয়ে মাত্ৰাধিক ইলেক্ট্ৰনিক সঁজুলিবোৰ ব্যৱহাৰৰ পৰা আঁতৰত থকাৰ লগতে ইন্দ্ৰিয়বোৰক সজাগ কৰি তোলে ৷ তদুপৰি ব্যক্তিৰ মনোযোগ বৃদ্ধিতো সহায় কৰে । স্নান কৰাৰ সময়ত পানীয়ে ছালক স্পৰ্শ কৰাৰ লগে লগে মনত প্ৰশান্তিৰ সৃষ্টি হয় ৷

আন্তৰ্জাতিক স্নান দিৱসৰ ইতিহাস:

বৰষুণ, বাথটাব আৰু চাপ-নিয়ন্ত্ৰিত পানীৰ প্ৰবাহৰ সৈতে আৰামদায়ক এটা আধুনিক বাথৰুম বৰ্তমান প্ৰায় প্ৰতিঘৰৰে এক সাধাৰণ দৃশ্য । অৱশ্যে গা ধোৱাটো পূৰ্বতে কিছু অপ্ৰীতিকৰ অভিজ্ঞতা আছিল । কিয়নো এতিয়াৰ দৰে আগতে নাছিল তেনে কোনো উন্নত স্নানাগাৰৰ সুবিধা ৷

ঊনবিংশ শতিকাৰ ইংলেণ্ডত এটা বৃহৎ শীতল ধাতুৰ পাত্ৰ আছিল, য’ত গা ধোৱা পানী জমা কৰি ৰখা হৈছিল । ইয়াৰোপৰি পৃথিৱীৰ আন আন অঞ্চলৰ লোকসকলে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিবলৈ স্থানীয় পুখুৰী বা নদীত সাঁতুৰি গা ধোৱা কামটো কৰিছিল ৷

লগতে পঢ়ক: বিশ্বাস-অবিশ্বাসৰ মাজত ৰেইকীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ, কিবা এটাতো নিশ্চয় আছে ! - REIKI THERAPY

আন্তৰ্জাতিক স্নান দিৱসৰ দিনটোত প্ৰখ্যাত গ্ৰীক বিজ্ঞানী আৰ্কিমিডিছৰ আৱিষ্কাৰক সোঁৱৰণ কৰা হয় ৷ বিশিষ্ট বিজ্ঞানীগৰাকীয়ে স্নান কৰি থকাৰ সময়ত এটা বস্তুৰ আয়তন পানীত ডুবাই সঠিকভাৱে গণনা কৰিব পৰা কথাটো আৱিস্কাৰ কৰে ।

বিজ্ঞানীগৰাকীয়ে স্নানাগাৰৰ পৰা ওলাই তেওঁৰ আৱিস্কাৰৰ কথা সকলোকে জনাবলৈ ইউৰেকা, ইউৰেকা বুলি চিঞৰিবলৈ ধৰিছিল ৷ পৰৱৰ্তী সময়ত এই সূত্ৰটোৱে শিক্ষা আৰু জ্ঞান আদান-প্ৰদানৰ মূল্যৰ স্মাৰক হিচাপে কাম কৰে ।

গা ধোৱাৰ সময়ত এই ভুলবোৰ নকৰিব:

  • লেতেৰা টাৱেল ব্যৱহাৰ নকৰিব
  • গা ধোৱাৰ সময়ত ডিঅ’ড্ৰেণ্ট ব্যৱহাৰ নকৰিব
  • অত্যাধিক বা অতি কম পৰিমাণে গা ধোৱা
  • য’তে-ত’তে পৰি থকা চাবোন ব্যৱহাৰৰ পৰা বিৰত থকা
  • ব্যৱহাৰ কৰা শ্বাৱাৰ হেড লেতেৰাকৈ পুনৰ ব্যৱহাৰ কৰা

স্নানৰ ৰীতি-নীতি:

প্ৰতিটো দিনৰ লগে লগে জীৱনৰ গতি ত্বৰান্বিত হোৱা দেখা যায় ৷ তেনেক্ষেত্ৰত নিজৰ যত্ন লোৱাতো কেৱল এক বিলাসিতা নহয়, ই এক প্ৰয়োজনীয়তাও । গা ধোৱাটো এটা পৰম্পৰা, যি যুগে যুগে নিজৰ যত্ন লোৱাৰ উপায় হিচাপে চলি আহিছে ।

লগতে পঢ়ক: কেনেকৈ জানিব আপুনি আৰু আপোনাৰ পাৰ্টনাৰ Power Couple হয় নে নহয় - Supercouple

এটা আৰামদায়ক স্নানে আত্মনিৰীক্ষণৰ বাবে উপযুক্ত সুযোগ প্ৰদান কৰে । ই আপোনাক নেতিবাচকতা ত্যাগ কৰাৰ ক্ষেত্ৰত সহায় কৰে ৷ সেয়ে সকলোৱে সদায় গা ধোৱাৰ অভ্যাস গঢ়ি তোলা উচিত ৷

সমগ্ৰ বিশ্বৰ পৃথক পৃথক গা-ধোৱাৰ ৰীতি-নীতি:

  • দ্য বালিনিজ ফ্লোৰেল বাথ
  • আইচলেণ্ডৰ ভূ-তাপীয় পুলসমূহ
  • জাপানৰ অনচেন্স
  • ভাৰতীয় আয়ুৰ্বেদিক স্নান
  • ৰাছিয়াৰ বানিয়া
  • থেলাচোথেৰাপী

ভাৰতত আয়ুৰ্বেদিক স্নান:

সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত এক পুৰণি ভাৰতীয় দৃষ্টিভংগী হৈছে আয়ুৰ্বেদ ৷ আয়ুৰ্বেদে মন, শৰীৰ আৰু আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক মুখ্য উপাদান হিচাপে গা ধোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । এই পদ্ধতিৰ মূল হৈছে- এই ধাৰণাটো ব্যক্তিসকলৰ কফ, পিত্ত বা বাত নামৰ তিনিটা দোষৰ এটাত পৰে আৰু আয়ুৰ্বেদত স্নান কৰাৰ উদ্দেশ্য হৈছে এই দোষবোৰত সন্তুলন অনা ।

গা ধোৱাৰ পূৰ্বে শৰীৰত তিল তেল প্ৰয়োগ কৰিলে বা গা ধোৱা পানীত ছালৰ প্ৰয়োজন অনুসৰি অত্যাৱশ্যকীয় তেল, গাখীৰ আৰু বনৌষধি মিহলাই ল’লে ব্যক্তিবিশেষৰ দোষ খণ্ডন হয় ৷

লগতে পঢ়ক: কেৱল পিয়াহ দূৰ কৰাই নহয় এই ৫টা ৰোগ নিৰাময়ৰ বাবেও উপকাৰী মাটিৰ কলহৰ পানী - Matka Water

পিত্তৰ দোষ থকা লোকসকলে গা ধোৱা পানীত গোলাপ আৰু শীতল বনৌষধি যেনে পদিনা বা ধনিয়া ব্যৱহাৰ কৰিলে উদ্বেগ প্ৰশমিত কৰাৰ লগতে নোমছিদ্ৰৰ পৰা অতিৰিক্ত মলি পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে ।

ইয়াৰ বিপৰীতে কফত ভোগা লোকসকলে ৰোজমেৰী, তুলসী আৰু এক চিকুট সৰিয়হৰ গুৰি গা ধোৱা পানীত মিহলাই লৈ স্নান কৰিলে এলাহ ভাৱ দূৰ কৰিব পাৰে ৷ তদুপৰি চাউলৰ গুৰিৰ সৈতে মিঠা কমলা, গুৰি গাখীৰৰ সংমিশ্ৰণে ছালৰ গাঁথনি উন্নত কৰাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক: এলবিনিজম ৰোগ কি ? কিয় এই ৰোগৰ সজাগতাৰ প্ৰয়োজন ? - World Albinism Awareness Day 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.