ETV Bharat / health

ৰমজানত উপবাসে থাকিলে ভুগিব পাৰে এই ৰোগত - Cause of Hypoglycemia

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 7:20 PM IST

Cause of Hypoglycemia: হাইপোগ্লাইছেমিয়া কি ? ইয়াৰ লক্ষণ কি ? কি কাৰণত এই হয় ৰোগ ? এই সম্পৰ্কে জনালে ডায়বেট'ল'জিষ্ট নাচিমুৰ ৰিয়াজে ।

Hypoglycemia can be caused by fasting during Ramadan
ৰমজানত উপবাসে থাকিলে ভুগিব পাৰে এই ৰোগত

নিউজ ডেস্ক, 3 এপ্ৰিল : "হাইপোগ্লাইছেমিয়া" এই শব্দটোৰ সৈতে প্ৰায়ভাগ লোকেই পৰিচিত। দীৰ্ঘদিন ধৰি এই ৰোগত আক্রান্ত ব্যক্তি বিশেষকৈ যি সকল ৰোগীয়ে এনে ৰোগত আক্রান্ত হোৱাৰ পাচতো দীর্ঘসময় উপবাসে থাকে তেওঁলোক প্ৰায়ে এই সমস্যাত আক্রান্ত হোৱা দেখা যায় ।

যেতিয়া প্ৰয়োজনতকৈ তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস পায় তেতিয়া সেই অৱস্থাটোকে চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় হাইপোগ্লাইছেমিয়া । বহুতে হাইপোগ্লাইছেমিয়া মানে তেজৰ শৰ্কৰাৰ পৰিমাণ শূন্য হোৱা বুলি ভাৱে। কিন্তু এয়া শুদ্ধ নহয়, দৰাচলতে শৰ্কৰাৰ পৰিমাণ হ্ৰাস পোৱা আৰু শূন্য হোৱাৰ মাজত পাৰ্থক্য আছে ।

এগৰাকী লোকৰ শৰীৰত যদি শৰ্কৰাৰ পৰিমাণ কমি যায় তেন্তে সেই ৰোগী গৰাকীৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে । সেয়ে এনেধৰণৰ ৰোগীয়ে দীৰ্ঘসময় ধৰি উপবাসে থাকিলে কিছু সতৰ্কতা অৱলম্বন কৰা উচিত। সাধাৰণতে পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মলম্বী লোকসকলে দিনটো কঠোৰ উপবাসে থকা দেখা যায় ।

উপবাসে থাকিলেও ডায়েবেটিচ আক্রান্ত ৰোগীসকলে কিছু সাৱধানতা অৱলম্বন কৰাটো উচিত । যদিহে এই সময়ছোৱাত সাৱধানতা অৱলম্বন নকৰিলে তেজৰ শৰ্কৰা হ্ৰাস পাব পাৰে । হাইপোগ্লাইছেমিয়াৰ কেতিয়াবা কিছুমান বিশেষ ঔষধ দীৰ্ঘদিন ধৰি সেৱন কৰাৰ ফলতো এনে হ'ব পাৰে । খালী পেটত সুৰাপানৰ ফলত গ্লুকজ নিঃসৰণত ব্যাঘাত জন্মিলেও এনে হ'ব পাৰে ।

হাইপোগ্লাইছেমিয়াৰ লক্ষণ কি :

১) হাইপোগ্লাইছেমিয়া হ'লে শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণৰ ঘাম ওলাবলৈ ধৰে।

২) হৃদস্পন্দন অস্বাভাৱিক হ'ব পাৰে।

৩) এনে ৰোগীৰ খুব ভোক লাগিব ধৰে। খাদ্য গ্ৰহণ কৰাৰ পাচতো খাবলৈ মন যায়।

৪) বেছিকৈ ক্লান্ত হোৱাৰ ফলত কাম কৰিবলৈ ইচ্ছা নাযায়।

৫) হঠাৎ অজ্ঞান হৈ পৰাটো এই ৰোগৰ অন্য এটা লক্ষণ ।

৬) এই আক্রান্ত ৰোগীৰ ছালখন হঠাতে শেঁতা হৈ পৰে।

এনে লক্ষণসমূহ ফুটি উঠিলে কেতিয়াও লুকুৱাই ৰাখিব নালাগে। ডায়েবেটিচ আক্রান্ত সকলৰ যদি শৰ্কৰাৰ পৰিমাণ হ্ৰাস পোৱাৰ লক্ষণ ফুটি উঠে চিকিৎসকক অৱগত কৰাব লাগে।

লগতে পঢ়ক: ধূমপান ত্যাগ আৰু ইলেক্ট্ৰনিক চিগাৰেট সন্দৰ্ভত গৱেষণাত ওলাইছে আচৰিত তথ্য ! - e cigarette vs smoking

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.