গুৱাহাটী, 10 এপ্ৰিল : পদূলিমুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । ৰঙালী বিহুৰ এই সময়ছোৱাত নাচনীৰ পৰা আৰম্ভ কৰি প্ৰায়ভাগ লোকেই হাতত জেতুকা পাত লগায় ।
জেতুকা পাতৰ বহু গুণাগুণ আছে । জেতুকা পাত ছাল আৰু চুলি দুয়োটাৰ বাবেই উপকাৰী । জেতুকা পাতৰ ৰং গাঢ় কৰিবৰ বাবে বহুতে তাত পান এখিলা অথবা ডালিমৰ পাতো দিয়ে । জেতুকা পাতৰ লগত এইকেইটা সামগ্ৰী ব্যৱহাৰ কৰি দুহাতত লগাই যদি ভালদৰে এৰাতি কোমল কলপাতেৰে বান্ধি থয় তেন্তে হাতত খুব সুন্দৰ ৰং উঠে । লগতে বহাগ বিহুৰ সময়ছোৱা নখত জেতুকা লগালে গোটেই বছৰটোত নখৰ কোনো ৰোগ নহয় বুলিও এক লোকবিশ্বাস আছে । সেয়ে নখ যদি নিৰোগী কৰি ৰাখিব বিচাৰে তেন্তে জেতুকা লগাব পাৰে ।
জেতুকাপাত চুলিত কিদৰে ব্যৱহাৰ কৰিব ?
হাতৰ দৰে চুলিৰ বাবেও জেতুকা পাত বহু উপকাৰী । এবাটিমান জেতুকা পাতৰ পেষ্টৰ লগত, এমুঠি মান তিলৰ পেষ্ট আৰু তাৰ লগত এলোভেৰা বা ছালকুঁৱৰীৰ ভিতৰৰ জেলখিনি উলিয়াই ভালদৰে আটাইখিনি মিহলাই ল’ব ৷ তাৰ পিচত ভালদৰে চুলিৰ গুৰিত লগাব । এনেদৰে ৩০/৪৫ মিনিট ৰখাৰ পাচত ভালদৰে চুলিখিনি ধুই দিব । তিল ব্যৱহাৰ কৰিলে চুলিৰ অকালপক্কতা ৰোধ হোৱাৰ লগতৰ চুলি সৰা সমস্যা ৰোধ হয় ।
লগতে ছালকুঁৱৰী ব্যৱহাৰ কৰিলে চুলিৰ গুৰিত হোৱা খজুৱতি আৰু উফিৰ সমস্যা, ৰঙা পৰা সমস্যা আৰু আগফটা সমস্যা নোহোৱা হয় । এনেদৰে ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ চুলিকোছা ধুনীয়া হ'ব ।
লগতে পঢ়ক: নৱজাতকক ডাইপাৰ পিন্ধোৱাৰ অভ্যাস আছে নেকি ? তেনেহ’লে সাৱধান হওক - Pediatrician On Child Health Issue