ETV Bharat / health

আপোনাৰ সন্তানৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই খাদ্য

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 1:16 PM IST

Eyes Care Tips: চকুৰ পৰা চশমা আঁতৰাবলৈ আৰু দৃষ্টিশক্তি উন্নত কৰিবলৈ শিশুৰ খাদ্য তালিকাত তলত উল্লেখিত এই খাদ্যসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে । সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

How To Improve Children's Eye Vision Without Glasses
আপোনাৰ সন্তানৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই খাদ্য

আজিকালি অতি কম বয়সতে বহু সৰু ল’ৰা-ছোৱালীয়ে চশমা পৰিধান কৰাৰ লগতে চকু দুটা দুৰ্বল হৈ পৰাটো আপুনি নিশ্চয় দেখিছে ৷ এনে ল’ৰা-ছোৱালীৰ চশমা নোহোৱাকৈ দেখাত অসুবিধা হয় ৷ ইমান কম বয়সত চশমা পিন্ধা মানে গোটেই জীৱনৰ বাবে তেওঁলোকেও ভৱিষ্যতেও চশমা পৰিধান কৰিব লাগিব ৷ কিন্তু আপুনি জানেনে যে, খাদ্য তালিকাত কিছুমান খাদ্য বস্তু অন্তৰ্ভুক্ত কৰি আপুনি এই চশমাক আঁতৰাই পেলাব পাৰে ৷ গতিকে কোনবোৰ খাদ্য সামগ্ৰীয়ে চশমা আঁতৰোৱাত সহায় কৰিব পাৰে জানি লওক-

দৃষ্টিশক্তি উন্নত কৰিবলৈ কি কৰিব লাগে

গাজৰ

গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায় যিয়ে দৃষ্টিশক্তি বৃদ্ধি তথা চশমা আঁতৰোৱাত সহায় কৰিব পাৰে ৷ সেয়েহে শিশুৰ খাদ্যত গাজৰ অন্তৰ্ভুক্ত কৰক৷ বিচাৰিলে ইয়াৰ ৰস তৈয়াৰ কৰিও আপুনি শিশুটিক খুওৱাব পাৰে ৷

এপ্ৰিকোট

এপ্ৰিকোট হৈছে এনে এবিধ ফল যি খাবলৈ অতি সোৱাদযুক্ত আৰু ইয়াৰ উপৰিও ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ এই ফলত ভিটামিন এ, পটাছিয়াম, ভিটামিন চি, বিটা কেৰটিন আৰু লাইকোপিন পোৱা যায় যিয়ে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰিব পাৰে ৷ গতিকে নিশ্চিতভাৱে এই ফলবিধত নিশ্চিতভাৱে আপোনাৰ শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷

কমলা

কমলাত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াৰ লগতে ই ভিটামিন এৰ এক উত্তম উৎসও ৷ ইয়াৰ সেৱনে চকুৰ দৃষ্টিশক্তি বৃদ্ধি আৰু চশমা আঁতৰোৱাত সহায় কৰিব পাৰে ৷

অমিতা

অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ভিটামিন চি পোৱা যায় ৷ এই ফলবিধ আপুনি আপোনাৰ শিশুৰ খাদ্যত অন্তৰ্ভুক্ত কৰি চকুৰ দৃষ্টিশক্তি উন্নত কৰাৰ লগতে চশমা আঁতৰাই পেলাব পাৰে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: আপুনি কেতিয়াবা খাইছেনে ওটছৰ ৰুটি ; ইয়াৰ লাভালাভ জানেনে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.