ETV Bharat / health

হালধীয়া দাঁতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এইকেইটা ঘৰুৱা উপায়

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 9:54 PM IST

Yellow Teeth: বহুবাৰ পৰিস্কাৰ কৰাৰ পিচতো আমাৰ দাঁতৰ হালধীয়া স্তৰ পৰিস্কাৰ নহয় ৷ যিয়ে আমাৰ আত্মবিশ্বাস হ্ৰাস কৰে ৷ এনে পৰিস্থিতিত, আপুনি কেতবোৰ ঘৰুৱা উপায়ৰে হালধীয়া দাঁত চাফা কৰিব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

How to Get Rid of Yellow Teeth: 5 Home Remedies
হালধীয়া দাঁতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কৰক এই ঘৰুৱা উপায়

আমাৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত হাঁহিৰ গুৰুত্ব অপৰিসীম ৷ কিন্তু সমস্যাটো তেতিয়া হয়, যেতিয়া হাঁহিলে আপোনাৰ হালধীয়া দাঁত আনে দেখা পায় ৷ হয়, বহুবাৰ পৰিস্কাৰ কৰাৰ পিচতো আমাৰ দাঁতৰ হালধীয়া স্তৰ পৰিস্কাৰ নহয় ৷ যিয়ে আমাৰ আত্মবিশ্বাস হ্ৰাস কৰে ৷ এনে পৰিস্থিতিত, আপুনি কেতবোৰ ঘৰুৱা উপায়ৰে হালধীয়া দাঁত চাফা কৰিব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

  • " class="align-text-top noRightClick twitterSection" data="">

নেমু আৰু বেকিং চ’ডা

আপুনি দাঁতৰ হালধীয়া স্তৰটো আঁতৰাবলৈ নেমু আৰু বেকিং চ’ডা ব্যৱহাৰ কৰিব পাৰে ৷ইয়াৰ বাবে আপুনি এক চামুচ বেকিং চ’ডাৰ সৈতে এক চাহ চামুচ নেমুৰ ৰস মিহলি কৰি এই মিশ্ৰণৰে ২-৩ মিনিটৰ বাবে দাঁতখিনি ভালদৰে ঘঁহিব ৷ইয়াৰ পাছত ভালদৰে মুখখন ধুই পেলাব ৷

কমলাৰ বাকলি

কমলাৰ বাকলিয়েও দাঁতৰ হালধীয়া স্তৰ আঁতৰ কৰাত আপোনাক সহায় কৰিব ৷ইয়াৰ বাবে আপুনি কমলাৰ বাকলি ৰ'দত শুকুৱাই গুৰি কৰি পাউডাৰ বনাই ল’ব ৷এই পাউডাৰখিনি পানীৰ সৈতে মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰি দাঁতত লগাই মালিচ কৰিব ৷ নিয়মীয়াকৈ এনেদৰে ব্ৰাছ কৰিলে আপোনাৰ হালধীয়া দাঁতৰ সমস্যা নাইকিয়া হ'ব ৷

নাৰিকল তেল

হালধীয়া দাঁতৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে ৷আপুনি আঙুলিত অলপ তেল প্ৰয়োগ কৰি দাঁতত ভালদৰে মালিচ কৰিব ৷ ইয়াৰ পিছত পানীৰে ভালদৰে ধুই পেলাব ৷ নাৰিকল তেলত থকা লাউৰিক এচিডে দাঁতৰ প্লেক আৰু বেক্টেৰিয়া আঁতৰ কৰাত আপোনাক সহায় কৰিব ৷

ষ্ট্ৰবেৰী

দাঁতত ষ্ট্ৰবেৰী ঘঁহিলেও ই আপোনাক হালধীয়া দাঁতৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিব ৷ ইয়াত পোৱা পুষ্টিবোৰে দাঁত হালধীয়া হোৱাৰ সমস্যা আঁতৰ কৰাত সহায় কৰিব ৷

সৰিয়হৰ তেল আৰু পিংক ছল্ট

দৈনিক দাঁতত সৰিয়হ তেল আৰু পিংক ছল্টৰে তৈয়াৰ কৰা মিশ্ৰণ ব্যৱহাৰ কৰিলে দাঁতৰ হালধীয়া স্তৰ নাইকিয়া হয় ৷ পিংক ছল্টত এণ্টিবেক্টেৰিয়েল আৰু আয়ডিন থাকে ৷ এই ক্ষেত্ৰত, আপুনি হালধীয়া দাঁতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ এই মিশ্ৰণটো ব্যৱহাৰ কৰিব পাৰে ৷

লগতে পঢ়ক: ফলৰ মিল্ক শ্বেক বাৰুকৈয়ে স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.