ETV Bharat / health

বাৰিষাৰ বতৰত জেঠীক প্ৰৱেশত বাধা দিব কেনেকৈ : চাওক ঘৰুৱা দিহা - GET RID OF LIZARDS FROM HOME

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 8:49 AM IST

Common House Lizard: বৰষুণৰ বতৰত ঘৰলৈ অবাঞ্চিত আলহীৰ আগমন হ’লে নিশ্চয়কৈ খং উঠে । নহয় জানো ? এনে আলহীৰ ভিতৰত এবিধ হৈছে য’তে ত’তে বগাই ফুৰা জেঠী ৷ দেখাত সৰু হ’লেও এই প্ৰাণীবিধে যথেষ্ঠ সমস্যাৰ সৃষ্টি কৰে । ঘৰত জেঠীৰ সমস্যা নোহোৱা কৰিবলৈ কি কৰা উচিত, চাওক এই প্ৰতিবেদনত ৷

GET RID OF LIZARDS FROM HOME
বাৰিষাৰ বতৰত জেঠী খেদাৰ উপায় (Etv Bharat)

এক দীঘলীয়া অপেক্ষাৰ অন্তত আৰম্ভ হৈছে বৰ্ষাকাল ৷ বাৰিষাৰ পৰিপ্ৰেক্ষিতত প্ৰায়ে দিবলৈ ধৰিছে বৰষুণ ৷ বৰষুণৰ বাবে কিছু পৰিমাণে গৰমৰ উত্তাপ কমি দিছে সকাহ ৷ পিছে এই সকাহৰ সমানে সমানে উদ্ভৱ হয় আন কেতবোৰ সমস্যা ৷

বাৰিষাৰ দিনকেইটাত কীট-পতংগ, মাখি, ম’হ আদি বৃদ্ধি পায় ৷ যাৰ বাবে এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰা জেঠীবোৰো ঘৰৰ য’তে-ত’তে বগাই ফুৰা দেখা যায় ৷ এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিও বহুলোকে নাজানে ইয়াৰ উপায় ৷ এনে কেতবোৰ উপায়ে আজি আমি লৈ আহিছো ৷ চাওক সেয়া কি কি -

ঠাণ্ডা পানী: জেঠী হৈছে এবিধ শীতলৰক্তী প্ৰাণী ৷ ঠাণ্ডাৰ দিনত ইয়াক দেখিবলৈ পোৱা নাযায় ৷ বৰঞ্চ নিম্নমানৰ তাপমাত্ৰাৰ বাবে ই গৰম বিচাৰি তেনেকুৱা স্থানতহে লুকাই থাকে ৷ গতিকে জেঠী দেখা মাত্ৰকে আপুনি ঠাণ্ডা পানী ব্যৱহাৰ কৰি চাব পাৰে ৷ ই নিশ্চয়কৈ ফলপ্ৰসূ হ’ব ৷

কণীৰ চোকোৰা: এই উপায়ৰ বিষয়ে সকলোৱে কম-বেছি পৰিমাণে অৱগত ৷ বেৰত বগাই ফুৰা জেঠীটোৱেতো আৰু অমলেট ভাল নাপায় ৷ বৰং কণীৰ গোন্ধৰ পৰা আঁতৰত থাকে জেঠীবোৰ ৷ যদিহে ঘৰত বহুত বেছি জেঠীৰ উপদ্ৰৱ হৈছে, তেন্তে ব্যৱহাৰ কৰক কণীৰ চোকোৰা ৷ জেঠী অহা-যোৱা স্থানত কণীৰ চোকোৰা ৰাখি জেঠীৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷

নহৰু আৰু পিঁয়াজ: হয়তো এই বিষয়ে সকলো জ্ঞাত নহয়, কিন্তু জেঠী খেদিবলৈ ই এক সহজ উপায় ৷ ঘৰৰ দুৱাৰ-খিৰিকী আৰু পাকঘৰত পিঁয়াজ-নহৰুৰ কলি তথা বাকলি ওলোমাই ৰাখিলেও ঘৰত জেঠী প্ৰৱেশ নকৰে ৷

নেফথেলিন: নেফথেলিন বল যাক সহজ ভাষাত ফেনাইল পিল বুলিও কোৱা হয়, প্ৰায়ে সৰু সৰু পোক-পতংগবোৰ ঘৰত প্ৰৱেশত বাধা দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু এই বল ব্যৱহাৰ কৰি জেঠীকো আঁতৰত ৰাখিব পৰা যায় ৷ জেঠীয়ে নেফথেলিনৰ গোন্ধ সহ্য কৰিব নোৱাৰি আঁতৰি যায় ৷

লগতে পঢ়ক: সাৱধান ! অত্যধিক ক’ল্ড ড্ৰিংকছ সেৱনে ঠেলি দিব পাৰে মৃত্যুৰ মুখলৈ - Cold Drinks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.