ETV Bharat / health

দাঁত ক্ষয়ৰ বাবে মুখ বন্ধ কৰি থাকিব লগা হৈছে নেকি ? তেন্তে এয়া লওক উপায় - Dental Care Tips

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 9:40 PM IST

Dental care tips: যদি আপোনাৰ দাঁতত কেবিটি হৈছে তেন্তে আনৰ আগত মুখ মেলাটো কঠিন হৈ পৰে, কিন্তু যদি আপুনি দৈনিক কিছুমান ক্ষেত্ৰত দাঁতৰ যত্ন লয় তেন্তে আপুনি মুকলিকৈ হাঁহিব পাৰিব ।

Here are some ways to keep your mouth cavity-free
দাঁত ক্ষয়ৰ বাবে মুখ বন্ধ কৰি থাকিব লগা হৈছে নেকি ? তেন্তে এয়া লওক উপায় (FREEPIK)

প্ৰায় ৰোগীয়ে কয়-"মোৰ দাঁত পোকে খাইছে ৷ কেতিয়াবা সকাহ পাও যদি আৰু কেতিয়াবা কিবা খালেই খুব বিষাবলৈ আৰম্ভ কৰে ৷'' দৰাচলতে দাঁতৰ পোক বুলি কোনো ৰোগ নাই ৷ দাঁত পোকে খোৱাটো এক ভ্ৰান্ত ধাৰণাহে মাথো ৷ দাঁতৰ এনে বিষ বিভিন্ন কাৰণত হ'ব পাৰে ৷ সাধাৰণতে দেখা যায় খাদ্যবস্তু খোৱাৰ পিছত দাঁত ভালদৰে পৰিষ্কাৰ নকৰিলে সেইবোৰ দাঁতৰ ফাঁকত সোমাই যায় ৷ ইয়াতেই বিভিন্ন ধৰণৰ ৰাসায়নিক সৃষ্টি হৈ দাঁতত কলা বৰণ হ'বলৈ ধৰে ৷ এই ৰাসায়নিকে দাঁতৰ ক্ষতি সাধন কৰে ৷ ফলত ই কলা পৰে ৷ এনে অৱস্থাত যদি অৱহেলা কৰি চিকিৎসা নকৰে তেন্তে পিছত বিষ অনুভৱ হয় । যদি দাঁত পচিবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ ফলত যথেষ্ট বিষ অনুভৱ হয় আৰু লগতে গোন্ধ ওলাবলৈ আৰম্ভ কৰে । দাঁতৰ বিষৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত অনেক অসুবিধাৰ সৃষ্টি হয় । সাধাৰণতে আমাৰ নিজৰ ভুলৰ বাবেই দাঁতবোৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে । আমাৰ দাঁত আৰু দাঁতৰ গুৰি কেনেকৈ সুস্থ কৰি ৰাখিব লাগে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

দাঁতৰ যত্ন কেনেকৈ লব ?

১) এনে খাদ্য খাওক

  • কেলচিয়ামসমৃদ্ধ খাদ্য, যেনে কম চৰ্বিযুক্ত গাখীৰ, দৈ আৰু পনিৰ, আৰু চ’য়াৰ গাখীৰ ।
  • কণী, মাছ, মাংস, দুগ্ধজাত খাদ্য, বাদাম আৰু বীনত পোৱা ফচফৰাছ ।
  • ভিটামিন চি, য’ত টেঙা ফল, বিলাহী, জলকীয়া, ব্ৰকলি, আলু আৰু পালে আদি অন্তৰ্ভুক্ত ।

২) দৈনিক মুখখন ভালদৰে কৰক পৰিষ্কাৰ

যিকোনো বস্তু খোৱাৰ পিচত মুখখন নিশ্চয়কৈ পৰিষ্কাৰ কৰক । খাদ্য দাঁতত যাতে লাগি নাথাকে । মুখখন পানীৰে ধোৱাৰ লগতে ব্ৰাছেৰে ভালদৰে ধুই পৰিষ্কাৰ কৰক, বিশেষকৈ চেনিয়ে দাঁতৰ যথেষ্ট ক্ষতি কৰে আৰু দাঁত ক্ষয় হ’ব পাৰে । সেয়ে কোনো মিঠা খাদ্য খোৱাৰ পিচত ৰাতি শুবলৈ যোৱাৰ আগতে ব্ৰাছেৰে ভালদৰে দাঁত কেইটা চাফা কৰক ৷

৩) দিনটোত দুবাৰ ব্ৰাছ কৰিব লাগে

সাধাৰণতে প্ৰতিজন দন্ত চিকিৎসকে দিনটোত দুবাৰকৈ ব্ৰাছ বা পানীৰে কুলুকুলু কৰাৰ পৰামৰ্শ দিয়ে, এনে কৰিলে ক্ষয় ৰোধ হয় আৰু গোটেই মুখখন পৰিষ্কাৰ হয় । পুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতি শুবলৈ যোৱাৰ আগতে সদায় দাঁতকেইটা চাফা কৰক ।

৪) দন্ত চিকিৎসকৰ পৰামৰ্শ লওক

চাফাই আৰু নিয়মীয়া পৰীক্ষাৰ বাবে প্ৰতি ৬ মাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ ওচৰলৈ যাওক । তেওঁলোকে আপোনাৰ কেবিটি পৰীক্ষা কৰিব, কেলকুলাছ আঁতৰাব পাৰে, বৰ্তমানৰ সমস্যাসমূহ চিনাক্ত কৰিব পাৰে আৰু উপযুক্ত চিকিৎসাৰ পৰামৰ্শ দিব পাৰে ।

লগতে পঢ়ক: Dental Care: সঁচাকৈ দাঁত পোকে খায়নে ? এই সন্দৰ্ভত কি কয় চিকিৎসকে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.