ETV Bharat / health

শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ? - TIPS FOR GOOD HEALTH - TIPS FOR GOOD HEALTH

How to take care of health : এটা সুস্থ জীৱন-যাপনৰ বাবে খাদ্যৰ প্ৰয়োজন গুৰুত্বপূৰ্ণ । শৰীৰৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চিকিৎসক হৃদৰোগ বিশেষজ্ঞ ডাঃ বিকাশ ৰায় দাসে ।

How to take care of health
শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ? (ETV BHARAT ASSAM)
author img

By ETV Bharat Health Team

Published : Jun 18, 2024, 7:01 AM IST

গুৱাহাটী, 18 জুন : আমি খোৱা প্ৰায়ভাগ খাদ্যতে বহুৰোগৰ কাৰক নিৰ্ভৰ কৰে । সেয়ে কিছুমান খাদ্য আমি পৰিহাৰ কৰি চলাৰ লগতে কমাই খাব লাগে । আমি কি খাদ্য গ্ৰহণ কৰিছো সেইটো অতি গুৰুত্বপূৰ্ণ । আমি গ্ৰহণ কৰা খাদ্যৰ ওপৰত শৰীৰৰ পাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ মিনাৰেলছ বা ভিটামিন, শৰীৰত প্ৰয়োজনীয় খনিজ দ্ৰব্য খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে ।

শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ? (ETV BHARAT ASSAM)

আমি এটা সীমিত পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব লাগে, যাতে ই কমো নহয় বেছিও নহয় ৷ ই আপোনাৰ শৰীৰটোৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ সুস্বাস্থ্যৰ বাবে খাদ্য সদায় কম পৰিমাণে বহুবাৰ খাব লাগে । লগতে সতেজ পাচলি, ফল-মূল আদি বেছিকৈ খাব লাগে । পাচলি বুলি ক’লে যিসমূহ বতৰৰ পাচলি সেইবোৰ গ্ৰহণ কৰিব লাগে ।

আনহাতে, বহু লোকক দেখা যায় ফল-মূল বুলিলে তেওঁলোকে বাহিৰৰ পৰা আমদানি হোৱা ফল-মূল বৈছিকৈ গ্ৰহণ কৰা দেখা যায় ৷ বেছিভাগ লোকে যিবোৰ ফল-মূল আমাৰ ইয়াত উৎপাদন নহয়, সেইবোৰহে খোৱা দেখা যায় । দৰাচলতে তেনেকুৱা একো কথা নাই, আমাৰ ইয়াত থলুৱা যিসমূহ ফল-মূল পোৱা যায় যেনে-আম, কঁঠাল, লেতেকু, পনিয়ল আদি আমাৰ শৰীৰৰ বাবে উপকাৰী । এইসমূহ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন থকাৰ লগতে খনিজ দ্ৰব্য থাকে । লগতে শাক-পাচলি, ফল-মূল আদিত পটাচিয়াম যথেষ্ট থাকে ।

বহুত লোকক দেখা যায় যে তেওঁলোকে মাছ-মাংস আদিৰ দৰে প্ৰটিনযুক্ত যিবোৰ খাদ্য দৈনিক গ্ৰহণ কৰে ৷ এনে প্ৰটিনযুক্ত খাদ্য এটা নিৰ্দিষ্ট সময়ৰ সময়ৰ মূৰে মূৰে খাব লাগে । যিমান পাৰে নিৰামিষ খাদ্য গ্ৰহণ কৰিব পাৰিলে ভাল । লগতে আমি সদায় নিমখ বা ছ'ডিয়াম যুক্তখাদ্য সদায় কমাই খাব লাগে । নিমখ যদি বেছিকৈ গ্ৰহণ কৰা যায় তেতিয়া উচ্চৰক্তচাপত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে ।

চৰ্বিযুক্ত যিবোৰ অহাৰ যেনে- ঘিউ, বাটাৰ আদি কমকৈ গ্ৰহণ কৰিব লাগে । এইসমূহ খাদ্যত কলেষ্টলৰ মাত্ৰা বেছি থাকে। আমাৰ শৰীৰত কলেষ্টৰলৰ দুটাই উৎস এটা হৈছে লিভাৰ আৰু আনটো খাদ্য। লিভাৰত কলেষ্টলৰ উৎপন্ন হয় আৰু খাদ্যত আমি কলেষ্টলৰ গ্ৰহণ কৰো । সেয়ে আমি তেল বা চৰ্বিযুক্ত আহাৰ কমাই গ্ৰহণ কৰিব লাগে। লগতে জাংক ফুড আদি কম পৰিমাণে গ্ৰহণ কৰিব লাগে ।

লগতে শাৰীৰিক পৰিশ্ৰম, ব্যায়াম আদি কৰিলেও আমাৰ শৰীৰটো সুস্থ হৈ থকাৰ লগতে হৃদৰোগৰ পৰা বাচি থাকিব পাৰি ৷

লগতে পঢ়ক: ঘাম ওলোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া ? বিশেষজ্ঞসকলে কি কয় জানি লওক - is sweating good for skin

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.