ETV Bharat / health

ৰুটিৰ সলনি এই খাদ্য খাওক, শীঘ্ৰেই পৰিৱৰ্তন দেখিবলৈ পাব ওজনত - Food that helps in weight loss

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 4:35 PM IST

Food that helps in weight loss: বৰ্তমান সময়ত ওজন বৃদ্ধি এটা ডাঙৰ সমস্যা হৈ পৰিছে । বৃদ্ধি পোৱা ওজন কমাবলৈ মানুহে ডায়েট চাৰ্ট মানি চলি ৰাতি কেৱল ৰুটিহে খায় । অৱশ্যে বিশেষজ্ঞসকলৰ মতে ৰুটিৰ সলনি এই ব্যঞ্জন খালে সহজেই কমি যাব ওজন । তথ্যৰ বাবে সম্পূৰ্ণ বাতৰিটো আগলৈ পঢ়ক…

health benefits of jowar roti in diet helps to reduce weight fast check full details here
ওজন হ্ৰাস কৰাৰ উপায় (ETV bharat)

আজিৰ দিনৰ পৰিৱৰ্তনশীল জীৱনশৈলীৰ বাবে, বহুলোক বৰ্ধিত ওজনৰ সমস্যাত ভুগি আছে । ওজন বৃদ্ধিৰ বাবে অসুবিধাত পৰা লোকসকলে ডায়েট চাৰ্ট অনুসৰণ কৰি ৰাতিৰ আহাৰত কেৱল ৰুটিহে খায় । অৱশ্যে, ইয়াৰ ফলাফল সীমিত ৰূপতহে দেখা যায় । সেয়েহে বিশেষজ্ঞসকলে আহাৰত অন্য এক প্ৰকাৰৰ জলপান অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে ।

বিশেষজ্ঞসকলে উল্লেখ কৰা এইবিধ বিশেষ খাদ্য হৈছে জোৱাৰ ৷ বিশেষকৈ জোৱাৰৰ পৰা তৈয়াৰ কৰা ব্যঞ্জন গ্ৰহণ কৰি, বৰ্ধিত ওজন কেইদিনমানৰ ভিতৰত সহজে হ্ৰাস কৰিব পাৰি । জানো আহকচোন জোৱাৰত এনে কি পুষ্টি আছে যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে ।

বিশেষজ্ঞসকলে কয় যে জোৱাৰত বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । বিশেষকৈ জোৱাৰত গ্লুটেন নাথাকে, সেয়েহে ইয়াক সকলো মানুহৰ বাবে ভাল খাদ্য হিচাপে গণ্য কৰা হয় । ইহঁত প্ৰচুৰ পৰিমাণে আঁহযুক্ত আৰু জোৱাৰে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে । ইয়াৰ উপৰিও ই তেজত চেনিৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰে । এই কাৰণতে জোৱাৰৰ পৰা তৈয়াৰী খাদ্যক ডায়েবেটিছ ৰোগীৰ বাবে এটা ভাল বিকল্প বুলি ক’ব পাৰি ।

জোৱাৰ ব্ৰেড খালে ভাল ফল পোৱা যায়

বিশেষজ্ঞসকলে কয় যে জোৱাৰে ওজন কমোৱাত যথেষ্ট সহায় কৰে । এইসকল লোকে কয় যে দৈনিক ৰুটিৰ সলনি ‘জোৱাৰ ব্ৰেড’ খালে আকাংক্ষিত ফলাফল পোৱা যায় । ইয়াৰ কাৰণ হ’ল জোৱাৰত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু আঁহযুক্ত পদাৰ্থ থাকে । ফলস্বৰূপে জোৱাৰ খালে বহু সময়লৈকে ভোক অনুভৱ নহয় । বাৰে বাৰে বেছিকৈ খোৱাৰ হেঁপাহ কমি যায় । সেয়ে বিশেষজ্ঞসকলে কয় যে ইয়াৰ দ্বাৰা ওজন কমাব পাৰি ।

গৱেষণাই কৰা দাবী

তথ্য অনুসৰি ২০১৯ চনত ‘আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিশ্যন’ত প্ৰকাশিত এক গৱেষণাৰ মতে ১২ সপ্তাহ ধৰি জোৱাৰ ৰুটি খোৱা লোকৰ ওজন ঘেঁহুৰ ৰুটি খোৱা লোকতকৈ বহুত কমি যায় । কানাডাৰ টৰন্টো বিশ্ববিদ্যালয়ৰ পুষ্টিবিদ ডাঃ জেমছ পেৰীয়েও এই গৱেষণাত অংশ লৈছিল । তেওঁ দাবী কৰে যে জোৱাৰত থকা পুষ্টিকৰ উপাদানসমূহ ওজন হ্ৰাসৰ বাবে অতি ফলপ্ৰসূ ।

হাড় মজবুত কৰাত সহায়ক

জোৱাৰৰ পৰা তৈয়াৰী ৰুটি খালে আন বহু উপকাৰ পোৱা যায় । বিশেষজ্ঞসকলে কয় যে আইৰণ, মেগনেছিয়াম, তাম, কেলচিয়াম, জিংক আৰু ভিটামিন বি-৩ আদি পুষ্টিকৰ উপাদানৰে সমৃদ্ধ জোৱাৰে হাড় সবল কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰিও কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনন্দিন খাদ্য তালিকাত জোৱাৰ অন্তৰ্ভুক্ত কৰাটো জৰুৰী । একেদৰে জোৱাৰত উপস্থিত থকা পুষ্টিকৰ উপাদানসমূহ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰাত সহায়ক বুলি প্ৰমাণিত হৈছে ।

কোৱা হয় যে ইয়াৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কমি যায় । ইয়াৰ উপৰিও ইয়াৰ এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-কেন্সাৰ গুণাগুণ আছে । বিশেষজ্ঞসকলে কয় যে এইবোৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

ইয়াত আপোনাক দিয়া স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ বুজাবুজিৰ বাবেহে । আমি বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰীৰ পৰামৰ্শৰ ভিত্তিত এই তথ্য প্ৰদান কৰিছো । কিন্তু, এইবোৰ কাৰ্যকৰী কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

লগতে পঢ়ক : গুড়ৰ সৈতে মিহলাই খাওক আপোনাৰ পাকঘৰত থকা এইবিধ মছলা; নোহোৱা হ’ব গাঁঠিৰ বিষ আৰু বহু সমস্যা - Jaggery with Black Pepper

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.