ETV Bharat / health

ৰাতি টোপনি নাহে নেকি ? এই ৪ বিধ ভিটামিনৰ অভাৱ বিপদজনক...কাঢ়ি ল’ব পাৰে আপোনাৰ টোপনি - Causes of Sleeplessness

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 9:18 PM IST

Insomnia: সাধাৰণতে টোপনি নহাৰ কাৰণ কেৱল আপোনাৰ চৌপাশে ঘটি থকা পৰিঘটনাবোৰেই নহয় আপোনাৰ শৰীৰত কিছুমান ভিটামিনৰ অভাৱো হ’ব পাৰে ইয়াৰ কাৰণ ৷ আজি এই বিষয়ে জানো আহক-

Having trouble sleeping at night? Deficiency of these 4 vitamins can cause of insomnia
ৰাতি টোপনি নাহে নেকি ? এই ৪বিধ ভিটামিনৰ অভাৱ বিপদজনক...কাঢ়ি ল’ব পাৰে আপোনাৰ টোপনি (FREEPIK)

সুস্বাস্থ্যৰ বাবে নিদ্ৰা অতি প্ৰয়োজনীয় । বহুলোকৰ ক্ষেত্ৰত এনে হোৱা দেখা যায় যে ইকাটি-সিকাটি হোৱাৰ পিচতো টোপনি নাহে । ইয়াৰ কাৰণ হ’ব পাৰে মানসিক চাপ, হতাশা বা ভুল ৰুটিন । কিন্তু আপুনি জানেনে যে কিছুমান ভিটামিনৰ অভাৱেও আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে ?

হয়, আপোনাৰ শৰীৰত কিছুমান ভিটামিন আছে যাৰ পৰিমাণ কম হ’লে অনিদ্ৰাৰ সমস্যাই দেখা দিয়াৰ লগতে, টোপনিৰ মানদণ্ডও অৱনতি ঘটিবলৈ আৰম্ভ কৰে । যাৰ বাবে বহু সময়ত পুৱা সাৰ পোৱাৰ পিচত সতেজ অনুভৱ নহয় । আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক কোনকেইটা ভিটামিনৰ অভাৱত অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে ৷

বহু গৱেষণাৰ পৰা ভিটামিন ডি আৰু টোপনিৰ মাজত সম্পৰ্ক পোৱা গৈছে । শৰীৰত ভিটামিন ডিৰ অভাৱৰ লগত টোপনিত ব্যাঘাত জন্মে । কিন্তু অত্যধিক পৰিমাণৰ ভিটামিন ডি গ্ৰহণ কৰিলেও অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে কাৰণ ইয়াৰ ফলত মেলাটনিন (টোপনি নিয়ন্ত্ৰণ কৰা হৰম’ন)ৰ মাত্ৰা হ্ৰাস পায় ।

ভিটামিন বি ১২

ভিটামিন বি ১২ৰ মাত্ৰা কম হ’লে মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে । কাৰণ সাধাৰণতে মানুহে উদ্বিগ্নতাৰ ফলত ভালদৰে শুব নোৱাৰে ।

লগতে পঢ়ক: Sleep Tips: নিশা আপোনাৰ টোপনি নাহে নেকি ? চিন্তা নকৰিব, এইকেইবিধ খাদ্যই কৰিব সহায়

ভিটামিন চি

ভিটামিন চিয়ে নিদ্ৰাত গুৰুতৰ প্ৰভাৱ পেলায় । এনে পৰিস্থিতিত শৰীৰত ভিটামিন চিৰ অভাৱত আমি শান্তিত শুব নোৱাৰো । ভিটামিন চি কমকৈ সেৱন কৰা লোকৰ ক্ষেত্ৰত ভিটামিন ডি আৰু কেৰটিনয়ডো কম হয় । ইয়াৰ ফলত টোপনি কমকৈ আহে ৷

ভিটামিন ই

ভিটামিন ই হৈছে এক ফলপ্ৰসূ এন্টিঅক্সিডেন্ট যিয়ে আপোনাৰ শৰীৰৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু টোপনিৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাত সহায় কৰে । এনে পৰিস্থিতিত যদি আপোনাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ই নাথাকে তেন্তে আপুনি অনিদ্ৰাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ।

ভাল টোপনিৰ বাবে কি কৰিব ?

যদি আপুনি অনিদ্ৰাৰ সমস্যাত ভুগিছে তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক । তেজৰ পৰীক্ষা কৰি ভিটামিনৰ অভাৱ পৰীক্ষা কৰক । ইয়াৰ পিচত প্ৰয়োজন অনুসৰি ভিটামিনৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ আপোনাক চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিব পাৰে । লগতে ভাল টোপনিৰ বাবে দৈনিক ব্যায়াম কৰক, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক আৰু শোৱাৰ সময় নিৰ্ধাৰণ কৰক ।

লগতে পঢ়ক: অনিদ্ৰাৰ সমস্যাই দেখা দিছে ? আজিয়েই খাবলৈ আৰম্ভ কৰক এই ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.