ETV Bharat / health

দৈনিক খাদ্যাভ্যাসৰ তালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পাব আচৰিত লাভ - Garlic Benefits

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:37 AM IST

Garlic Benefits For health: বহু বিপদজনক ৰোগৰ পৰা শৰীৰক মুক্ত কৰে নহৰুৱে ৷ কোষ্ঠকাঠিন্যৰ পৰা দাঁতৰ বিষলৈকে সকাহ দিয়াত সহায়ক দুই ফোটা নহৰু ৷ জানো আহক দৈনিক নহৰু খালে আমাৰ শৰীৰে কেনেধৰণৰ উপকাৰিতা পাব পাৰে ৷

Eating garlic every day can lead to unique improvements in your health
দৈনিক নহৰু খায়নে ? লাভালাভ জানি হ’ব আচৰিত (FREEPIK)

নহৰুৱে আমাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, আমাৰ স্বাস্থ্যৰ বাবেও বহুতো উপকাৰিতা সাধন কৰে । আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে চৰ্দি আৰু ফ্লুৰ ভাইৰাছ প্ৰতিৰোধ কৰাত সহায় নহৰু অতি ফলপ্ৰসূ । কেৱল এয়াই নহয়, নহৰু সেৱনে আমাৰ স্বাস্থ্যক আন বহুতো উপকাৰিতা প্ৰদান কৰে ।

যুগ যুগ ধৰি নহৰু আমাৰ পাকঘৰৰ এটা অংশ হৈ আহিছে ৷ ইয়াত ফছফৰাছ, জিংক, পটাছিয়াম আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থাকে ৷ ভিটামিন চি, কে, ফ’লেট, নিয়াচিন আৰু থাইয়ামিন আদিও নহৰুত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিচেপ্টিক গুণৰ বাবেই ই আমাৰ শৰীৰত ঔষধ হিচাপে কাম কৰে ৷ সাধাৰণতে ইয়াক খালী পেটত সেৱন কৰিলে অধিক উপকাৰ পাব পাৰি ৷ জানো আহক নহৰুৰ কিছুমান উপকাৰিতা-

  • নহৰু খালে আমাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ সহজে পৰিষ্কাৰ হয় বা আমি ক’ব পাৰোঁ যে পেট পৰিষ্কাৰ কৰাত নহৰু অতি ফলপ্ৰসূ ৷ ইয়াৰ সেৱনে পেটৰ লগত জড়িত ৰোগ দূৰ কৰে ৷
  • হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ বাবেও নহৰু সেৱন কৰাটো অতি উপকাৰী ৷
  • ইয়াক খালে তেজ জমা হোৱা কমি যায় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা ৰোধ হয় ৷ দৈনিক নহৰু আৰু মৌৰ মিশ্ৰণ খাব পাৰে ৷
  • পেটৰ লগত জড়িত ৰোগ থাকিলে নহৰু সেৱন কৰক ৷ ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ সহজে আঁতৰাই পেট পৰিষ্কাৰ কৰে ৷
  • নহৰুত উচ্চ এণ্টি অক্সিডেণ্ট থাকে, যিয়ে আপোনাৰ শৰীৰৰ যিকোনো অক্সিডেটিভ ক্ষতি ৰোধ কৰাত সহায় কৰে ৷ এই এণ্টি অক্সিডেণ্ট গুণসমূহে ডিমেনচিয়া আৰু এলঝেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে ৷
  • শীতকালত নহৰু সেৱন কৰিলে চৰ্দি, কাহ, হাপানী, নিউমোনিয়া, ব্ৰংকাইটিছৰ দৰে সমস্যাৰ চিকিৎসাত সহায়ক বুলি প্ৰমাণিত হয় ৷ ইয়াৰ দ্বাৰা শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি ৷
  • কোষ্ঠকাঠিন্যৰ সমস্যাৰ বাবে নহৰু মহৌষধ স্বৰূপ ৷ ই আপোনাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে খালী পেটতে নহৰু চোবাই খাব লাগে ৷ ইয়াৰ ফলত আপোনাৰ হজম শক্তি উন্নত হ’ব আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়াত সহায় কৰে ৷
  • নহৰুত চেলেনিয়াম থাকে ৷ যাৰ ফলত বন্ধ্যাত্বকৰণৰ সমস্যা দূৰ হয় ৷ ইয়াত বৃহৎ পৰিমাণৰ ভিটামিন পোৱা যায়, যাৰ ফলত শুক্ৰাণুৰ গুণাগুণ বৃদ্ধি পায় ৷ পুৰুষৰ হৰম’নৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷ ইয়াৰ দ্বাৰা পুৰুষৰ ইৰেক্টিল ডিছফংচন নিৰাময় হয় ৷
  • কেৱল এয়াই নহয় দাঁতৰ বিষতো নহৰু অতি উপকাৰী ৷ শুকানকৈ ভজা নহৰু সেৱন কৰিলে দাঁতৰ বিষৰ পৰা সকাহ পোৱা যায় ৷

লগতে পঢ়ক: খালী পেটত নহৰু খোৱাটো লাভজনক ! কিন্তু জানি লওক খোৱাৰ সঠিক পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.