ETV Bharat / health

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ পৰা শৰীৰ সতেজ কৰি ৰখালৈকে লাভদায়ক এইসমূহ ফল - Seasonal fruits health benefits

Seasonal Fruits: গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে ফল নাইবা ফলৰ ৰস গ্ৰহণ কৰে ৷ এই সময়খিনিত অত্যন্ত গৰমৰ ফলত বিভিন্ন ধৰণৰ ৰোগত ভোগাৰো সম্ভাৱনা থাকে ৷ এইক্ষেত্ৰত ফলে আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাত সহায় কৰে ৷ সেয়েহে জনাবলৈ বিচাৰিছোঁ কেইবিধমান ফল আৰু তাৰ পৰা পাব পৰা পুষ্টিৰ বিষয়ে-

Eat these seasonal fruits and get more nutritional benefits
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ পৰা শৰীৰ সতেজ কৰি ৰখালৈকে লাভদায়ক এইসমূহ ফল
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:04 PM IST

গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগে বজাৰত, ফুটপাথৰ কাষত ফলৰ সমাহাৰ ঘটে ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে ফল নাইবা ফলৰ ৰস গ্ৰহণ কৰে ৷ এই সময়খিনিত অত্যন্ত গৰমৰ ফলত বিভিন্ন ধৰণৰ ৰোগত ভোগাৰো সম্ভাৱনা থাকে ৷ এইক্ষেত্ৰত ফলে আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাত সহায় কৰে ৷ সেয়েহে জনাবলৈ বিচাৰিছোঁ কেইবিধমান বতৰৰ ফল আৰু তাৰ পৰা পাব পৰা পুষ্টিৰ বিষয়ে-

আম

আমাৰ ভাৰতৰ মানুহে উৎকট গৰম পৰা স্বত্ত্বেও বৰ্ষা কালক আমন্ত্ৰণ জনাই ৰসেৰে ভৰা আমৰ সোৱাদ ল’বলৈ ৷ এই দিনকেইটা সকলোৱে আম খাবলৈ ভালপায় ৷ সেয়েহে আমক কোৱা হয় ‘ফলৰ ৰজা’ বুলি ৷ ই অকল সু-স্বাদুৱেই নহয়, আমাৰ শৰীৰৰ বাবে আৰু ইয়াত এণ্টিঅক্সিডেণ্টজাতীয় বিভিন্ন ধৰণৰ পুষ্টিবৰ্ধক দ্ৰব্য থাকে ৷

আনাৰস

আনাৰস বহু লোকৰে প্ৰিয় ফল ৷ আনাৰসৰ মিঠা-টেঙা ৰসাল সেৱাদে ইয়াক সকলোৰে প্ৰিয় কৰি তোলে ৷ সোৱাদৰ লগতে আনাৰসৰ গুণাগুণো যথেষ্ট আছে ৷ হজমশক্তি বঢ়োৱা আটাইকেইবিধ ভিটামিন আৰু খনিজ পদাৰ্থ ইয়াত থাকে ৷ তাৰ উপৰি ই কিডনীক সবল কৰি ৰাখে আৰু হৃদযন্ত্ৰ আৰু ক্ষুদ্ৰান্তৰ বেমাৰৰ পৰাও ৰক্ষা কৰে ৷ কেঁচা আনাৰসৰ ৰসে অন্ত্ৰত হোৱা পেলু নোহোৱা হোৱাত সহায়ক হয় ৷ আনাৰসৰ ৰসত থকা চি ভিটামিৰ দ্বাৰা বেক্টেৰিয়া বা ভাইৰাছৰ ফলত হ’ব পৰা সংক্ৰমণৰ পৰাও শৰীৰক ৰক্ষা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তৰমুজ

গৰমৰ দিনত ঠাণ্ডা ফলৰ কথা মনলৈ আহিলে তৰমুজৰ নামটোও মনলৈ আহে ৷ গৰম-ভাগৰ লাগিলে তৰমুজ খালে পিয়াহ পলায় ৷ তৰমুজত পানীৰ পৰিমাণ প্ৰায় ৯৫ শতাংশ থাকে ৷ সেয়েহে গৰমৰ দিনত এই ফলবিধ বাট-পথ, বজাৰ সকলোতে পোৱা যায় ৷ সাধাৰণতে তৰমুজ ৰঙা, গুলপীয়া ধৰণৰ হয় যদিও কিছুমান ঠাইত মকলা, হালধীয়া বা বগাও হয় ৷ তৰমুজত নাইক’পিল ভিটামিন বি-৬, ভিটামিন চি, ভিটামিন এ আদি প্ৰচুৰ পৰিমাণে থাকে ৷ ভিটামিন বি-৬য়ে মগজুৰ কোষবোৰ সজীৱ কৰি ৰখাত সহায় কৰে ৷ তাৰ ফলত মানুহে হতাশ বা বিষাদৰ পৰা আঁতৰি থাকিব পাৰে ৷ তাৰ উপৰি বিভিন্ন ধৰণৰ ৰোগ যেনে, কেঞ্চাৰ, হাৰ্টৰ সমস্যা, এজমা আদিৰ পৰাও শৰীৰটোক বচাই ৰাখে ৷ এই ফলবিধত চৰ্বি নাথাকে যদিও শক্তি উত্পন্ন কৰাত সহায় কৰে ৷ ইয়াত ইলেক্ট্ৰ’লাইট যেনে- ছডিয়াম আৰু পটাছিয়ামৰ পৰিমাণ বেছি থকা বাবে ঘামৰ লগত দেহৰ পৰা ওলাই যোৱা ছডিয়াম, পটাছিয়ামৰ পৰিমাণ সন্তুলিত কৰি ৰাখিব পাৰে ৷

অমিতা

অমিতা গৰমৰ দিনত খোৱাৰ বাবে উপযোগী আন এবিধ পুষ্টিদায়ক ফল ৷ পকা অমিতা খাবলৈ খুব ভাল আৰু সোৱাদভৰা হয় ৷ অমিতাৰ বাকলি, গুটি আৰু শাহ আদিয়ো শৰীৰৰ বাবে অতিকৈ উপকাৰী দ্ৰব্য থাকে ৷ অমিতাত থকা বেটা-কেৰাটিন, ভিটামিন চি আৰু ই-য়ে বিষ আৰু এজমা ৰোগ নিৰ্মূল কৰাত সহায় কৰে ৷

জামু

জামু হৈছে শৰীৰৰ বাবে আন এবিধ উপযোগী ফল ৷ ইয়াত কেল’ৰীৰ পৰিমাণ কম থাকে লগতে এই ফলবিধ পুষ্টিদায়কো ৷ তদুপৰি ইয়াত গৰম বতৰত শৰীৰৰ বাবে উপযোগী পটাছিয়াম, ভিটামিন আদিও থাকে ৷

লিচু

শৰীৰৰ বাবে লাভদায়ক আন এবিধ ফল হৈছে লিচু ৷ এনেকুৱা সময়ত ৰঙা ৰঙা লিচুবোৰ লমালমে লাগে গছত ৷ লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰক শক্তিশালী কৰি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ ইয়াৰ উপৰি লিচুৱে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে ৷

এইবোৰৰ উপৰিও কল, আপেল, আঙুৰ, প্লাম, চেৰি আদি সকলো ধৰণৰ ফল গৰমৰ দিনত আমাৰ শৰীৰৰ বাবে উপকাৰী ৷

লগতে পঢ়ক: আপুনি গাখীৰ দিয়া কফি খাই ভাল পায় নেকি ? Neuroscientist এ কি কয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.