ETV Bharat / health

দৈনিক কণী খোৱাটোৱে তেজৰ কলেষ্টেৰল বৃদ্ধিৰ কাৰণ হ'ব পাৰে নেকি? জানি লওক বিশেষজ্ঞই কি কয় - Eggs Benefits

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 11:46 AM IST

Eggs Benefits: কণীক লৈ মানুহৰ মাজত বহুতো ভুল ধাৰণা আছে ৷ তাৰ ভিতৰত এটা হ’ল যে, দৈনিক কণী খালে কলেষ্টেৰল বৃদ্ধিৰ লগতে সম্ভাৱনা বৃদ্ধি পায় হৃদৰোগৰ । কিন্তু এই বিষয়ৰ সত্যাসত্যতা কিমান, জানক এই প্ৰতিবেদনৰ জৰিয়তে...

Does Eating Eggs Daily Can be A Cause of Increasing Blood Cholesterol
সঁচাকৈ কণী খালে কলেষ্টেৰল বৃদ্ধি হয়নে ? (CANVA)

কণী খোৱাৰ ক্ষেত্ৰত সকলোৰে মতামত আৰু চিন্তাধাৰা ভিন্ন ৷ চিকিৎসকৰ মতে, সিজোৱা কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ আনহাতে, কিছুমান লোকে বিশ্বাস কৰে যে, দৈনিক কণী খোৱাতো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক প্ৰমাণিত হ’ব পাৰে ৷ বিশেষকৈ সাধাৰণ লোকে কণী খালে কলেষ্টেৰল বৃদ্ধি পোৱাৰ ফলত হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগৰ সৃষ্টি হ’ব পাৰে বুলিয়েই বিশ্বাস কৰে ৷ প্ৰকৃতাৰ্থত ইয়াৰ আঁৰৰ সত্যতা কি ? জানো আহক-

Does Eating Eggs Daily Can be A Cause of Increasing Blood Cholesterol
কণী খালে কলেষ্টেৰল বৃদ্ধি পায় নেকি ? (ফটো-Getty Images)

কণীৰ কুহুম অৰ্থাৎ কণীৰ হালধীয়া অংশত কলেষ্টেৰল পোৱা যায়: সকলোৱে জানে যে, কণী বহু পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ এবিধ সম্পূৰ্ণ খাদ্য ৷ কিন্তু ইয়াৰ হালধীয়া অংশ অৰ্থাৎ কুহুমত পোৱা যায় কলেষ্টেৰল ৷ সকলোৱে জানে যে, হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত কলেষ্টেৰল এটা ডাঙৰ কাৰক ৷ গতিকে এনে পৰিস্থিতিত সাধাৰণ লোকে ভাৱে যে, দৈনিক কণী খালে হৃদৰোগৰ সৃষ্টি হ’ব পাৰে ৷

খাদ্যৰ কলেষ্টেৰল কণীত পোৱা যায়: যিকোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে কণীত কোনবিধ কলেষ্টেৰল পোৱা যায় আৰু কোনবিধ কলেষ্টেৰল হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ বাবে দায়ী, সেই কথা জনাটো খুবেই জৰুৰী ৷ সেয়ে এই সন্দৰ্ভত হায়দৰাবাদ এপ’ল’ হাস্পতালৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে জনাইছে যে, কণীত খাদ্যৰ কলেষ্টেৰল থাকে ৷ আনহাতে, তেজৰ কলেষ্টেৰল হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ বাবে দায়ী ৷

দৈনিক কিমান কণী খাব পাৰে: ডাঃ সুধিৰে কৈছে যে, খাদ্যৰ কলেষ্টেৰলে হৃদযন্ত্ৰৰ কোনো ধৰণৰ ৰোগৰ সৃষ্টি নকৰে ৷ গতিকে দৈনিক নিৰ্দিষ্ট পৰিমাণত কণী খোৱাটো আপোনাৰ বাবে উপকাৰীহে হ’ব ৷ ডাঃ সুধিৰে লগতে কয় যে, দৈনিক খাদ্যৰ সৈতে দুটাকৈ সিজোৱা কণী খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ই আপোনাৰ শৰীৰক দৈনিক বহুতো পুষ্টিকৰ উপাদানৰ যোগান ধৰে ৷

কণীত থকা পুষ্টিকৰ উপাদান:

  1. কেলৰি: ৭০ গ্ৰাম
  2. প্ৰ’টিন: ৫-৭ গ্ৰাম
  3. মুঠ চৰ্বি: ৫ গ্ৰাম
  4. সংপৃক্ত চৰ্বি: ২ গ্ৰাম
  5. কাৰ্বহাইড্ৰেট: ০ গ্ৰাম
  6. ভিটামিন বি১২: ০.৫ মিলিগ্ৰাম
  7. ভিটামিন ডি: ১.২৪ মিলিগ্ৰাম
  8. ক’লীন: ১৬৯ মিলিগ্ৰাম

গতিকে ডাঃ সুধীৰৰ তথ্যৰ পৰা জানিব পৰা গ’ল যে, আপুনি দৈনিক দুটাকৈ কণী খাব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ বাবে সুৰক্ষিত আৰু লাভদায়ক ৷ গতিকে আমি আশা কৰো কণী খালে যে কলেষ্টেৰল বৃদ্ধি নাপায় ৷ এই প্ৰতিবেদনে আপোনাৰ মনত থকা এই ভুল ধাৰণা নিশ্চয় দূৰ কৰিলে ৷

লগতে পঢ়ক: কণী নে পনীৰ, কোনবিধত থাকে অধিক প্ৰ’টিন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.