ETV Bharat / health

প্ৰাকৃতিকভাৱে ডায়েবেটিছক কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি... - Diabetes Sugar Control - DIABETES SUGAR CONTROL

Diabetes Sugar Control: বিশেষজ্ঞসকলে কয় যে, এবাৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে গোটেই জীৱন ঔষধৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় । অৱশ্যে বিশেষজ্ঞসকলৰ মতে, দৈনন্দিন কিছুমান অভ্যাস পালন কৰি আৰু কিছু উপায় অনুসৰণ কৰি কোনো ঔষধ অবিহনে আপুনি শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷

DIABETES SUGAR CONTROL
প্ৰাকৃতিকভাৱে এনেদৰে ডায়েবেটিছক ৰাখক নিয়ন্ত্ৰণ... (FREEPIK)
author img

By ETV Bharat Health Team

Published : Sep 3, 2024, 4:13 PM IST

বৰ্তমান জীৱনশৈলীত বহুতে কম বয়সতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে ৷ বিশেষজ্ঞসকলৰ মতে, কম বয়সতে ডায়েবেটিছ ৰোগ হোৱাৰ বহু কাৰণ আছে, যেনে- খাদ্যাভ্যাস, ব্যায়ামৰ অভাৱ, জিনীয় বিজ্ঞান আৰু পৰিৱৰ্তিত জীৱনশৈলী ৷ কিন্তু ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে কোনো ঔষধ বা বেজী নোহোৱাকৈ কিছুমান কাম কৰি ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে বুলি কোৱা হয় ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি সেই অভ্যাসবোৰ কি কি, জানো আহক-

স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰক: ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷ সেয়েহে দৈনিক খাদ্য তালিকাত শাক-পাচলি আৰু সতেজ ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে ৷ বিশেষকৈ জামু আৰু কমলা খোৱাটো খুবেই প্ৰয়োজনীয় য’ত ভিটামিন, মিনাৰেল ফাইবাৰ, আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে ৷ লগতে প্ৰচেছড খাদ্য, শীতল পানীয় আৰু অধিক পৰিমাণৰ চেনি থকা শীতল পানীয় খোৱাটো একেবাৰেই পৰিহাৰ কৰাটো উচিত ৷ বিশেষজ্ঞসকলে খাদ্যত অধিক শস্য অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে ৷

হাইড্ৰেটেড হৈ থাকক: ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে শৰীৰক হাইড্ৰেটেড কৰি ৰাখে যাতে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পৰা যায় ৷ বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত বৃক্কৰ কাৰ্যক্ষমতাও উন্নত হয় ৷ সেয়েহে বিশেষজ্ঞসকলে দিনটোত কমেও ৮ গিলাচ পানী খোৱাৰ পৰামৰ্শ দিয়ে ৷ লগতে ওপৰত উল্লেখ কৰা সকলো পৰামৰ্শ পালন কৰি সময়ে সময়ে শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰিবলৈ কোৱা হৈছে ৷

ওজন কমাব: অতিৰিক্ত ওজনৰ লোকে শৰীৰৰ ৰক্তশৰ্কৰাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে ওজন কমাব পাৰে ৷ কিন্তু বিশেষজ্ঞসকলৰ মতে, স্বাস্থ্যসন্মত ওজন পৰিচালনা কৰিবলৈ ভাল খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন ৷

দৈনিক ব্যায়াম: ডায়েবেটিছ ৰোগীয়ে দৈনিক খোজ কঢ়া, দৌৰা আৰু চাইকেল চলোৱা আদি শাৰীৰিক কাৰ্য-কলাপ কৰিব লাগে ৷ এনে কৰিলে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে ৷ বিশেষজ্ঞসকলৰ মতে, ইয়াৰ ফলত শৰীৰটো ফিট হৈ থাকিব ৷ ২০১৮ চনত "দ্য জাৰ্নেল অৱ দ্য আমেৰিকান মেডিকেল এছ'চিয়েচন" (JAMA)ত প্ৰকাশিত এক গৱেষণাৰ মতে গৱেষকসকলে টাইপ ২ ডায়েবেটিছ ৰোগীয়ে সপ্তাহত ১৫০ মিনিট ১২ সপ্তাহ ধৰি ব্যায়াম কৰা লোকসকলে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিছে ৷ ডাঃ নন্দনা জস্তীয়ে (সাধাৰণ চিকিৎসক) কৈছে যে দৈনিক ব্যায়াম কৰিলে শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ৷

মানসিক চাপ হ্ৰাস কৰক: বিশেষজ্ঞসকলে কয় যে মানসিক চাপত ভুগি থকা লোকৰ ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় ৷ সেয়েহে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলক দৈনিক মানসিক চাপ কমোৱাৰ বাবে দৈনিক যোগাসন আৰু ধ্যান-ধাৰণা কৰাৰ পৰামৰ্শ দিয়া হৈছে ৷ লগতে মানসিক চাপ নিয়ন্ত্ৰণত ৰাখি কোনো ঔষধ নোখোৱাকৈ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলিও পৰামৰ্শ দিয়া হৈছে ৷

লগতে পঢ়ক: আঁঠুৰ বিষ হৈ পৰিছে ছাইনা নেহৱালৰ শত্ৰু...জানক কম বয়সতে কিয় হয় বাতবিষৰ সমস্যা ? - Saina Nehwal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.