ETV Bharat / health

নিয়মিত ৩ টাকৈ খেজুৰ খালে লাভ কৰিব এই উপকাৰিতা - Dates Benefits

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 2:17 PM IST

Proven Health Benefits of Dates: কেতিয়াবা সৰু বস্তুতো ডাঙৰ উপকাৰিতা লুকাই থাকে ৷ ঠিক তেনেদৰে দেখিবলৈ সৰু যেন লগা মিঠা আৰু আঠাযুক্ত ফল খেজুৰো আমাৰ স্বাস্থ্যৰ পক্ষে অতিকৈ উপকাৰী ৷ কেনেকৈ জানো আহক-

Consuming 3 dates daily can provide these 4 incredible health benefits
নিয়মিত ৩টাকৈ খেজুৰ খালে পাব এই উপকাৰিতা (ETV Bharat)

আমাৰ দেশত কেৱল ঈদতে নহয়, বহু শুভ অনুষ্ঠানত খেজুৰ অতি আমেজ লৈ খোৱা হয় ৷ কিন্তু আপুনি জানেনে যে এই মিঠা আৰু আঠাযুক্ত ফলবিধ স্বাস্থ্যৰ বাবে কোনো মূল্যৱান খাদ্যসামগ্ৰীতকৈ কম নহয় ৷ খেজুৰ কেৱল সোৱাদতেই নহয় পুষ্টিৰেও ভৰপূৰ ৷

লগতে পঢ়ক: Dates Benefits: ৰক্তহীনতা তথা হাড়ৰ বাবে বৰদান স্বৰূপ খেজুৰ

দৈনিক এমুঠিমান অৰ্থাৎ প্ৰায় ৩ টাকৈ খেজুৰ খালে আপুনি বহুতো আচৰিত উপকাৰিতা পাব পাৰে ৷ গতিকে তেন্তে অপেক্ষা কিহৰ, আহক জানো দৈনিক ৩টাকৈ খেজুৰ খালে স্বাস্থ্যৰ কি কি উপকাৰিতা সাধন হয় ৷

১/ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখক

খেজুৰত যথেষ্ট পৰিমাণে আঁহ পোৱা যায়, যিয়ে পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰখাত সহায় কৰে ৷ নিয়মিতভাৱে খেজুৰ খালে কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷

২/ শক্তিৰ সমৃদ্ধ উৎস

খেজুৰ প্ৰাকৃতিক শৰ্কৰাৰ ভাল উৎস ৷ দৈনিক ৩ টাকৈ খেজুৰ খালে শৰীৰত তৎক্ষণাত শক্তি পোৱা যায় ৷ পুৱাৰ ব্ৰেকফাষ্টত বা ৱৰ্কআউটৰ আগতে খেজুৰ খালে গোটেই দিনটো আপুনি শক্তিশালী অনুভৱ কৰিব ৷

৩/ তেজত থকা আইৰণৰ অভাৱ দূৰ কৰে

খেজুৰত যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায় ৷ আইৰণৰ অভাৱত সৃষ্টি হোৱা ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত খেজুৰ অতি উপকাৰী ৷ ইয়াৰ উপৰিও মাহেকীয়াৰ সময়ত মহিলাৰ বাবেও খেজুৰ অতি উপকাৰী ৷

৪/ হাড়বোৰ মজবুত কৰে

খেজুৰত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ পোৱা যায়, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে ৷ দৈনিক খেজুৰ খালে হাড়ৰ লগত জড়িত সমস্যা যেনে, অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা হ্ৰাস পায় ৷

মনোযোগ দিয়ক: খেজুৰ খোৱাৰ বহু উপকাৰিতা থাকিলেও ইয়াক সঠিক পৰিমাণতহে খোৱাটো উচিত ৷ ডায়েবেটিছ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিচতহে খেজুৰ গ্ৰহণ কৰিব লাগে ৷ খেজুৰ খোৱাৰ পিচত অলপ পানী খাব লাগে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: কি কাৰণত আমি শীতকালত খেজুৰ খোৱা উচিত জানো আহক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.