ETV Bharat / health

ভৱিষ্যতে ডিমেনচিয়াৰ কাৰণ হ’ব পাৰে এইসমূহ ৰোগ : গৱেষণাত পোহৰলৈ আহিল ডাঙৰ তথ্য - Dementia

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 5:19 PM IST

Future dementia risk factor: সময়ৰ লগে লগে মেদবহুলতা আৰু ডায়েবেটিছৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে । এই ৰোগৰ ফলত ডিমেনচিয়াৰ আশংকাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ইউ চি এলৰ গৱেষকসকলে সময়ৰ লগে লগে এই বিপদসমূহৰ প্ৰাদুৰ্ভাৱ কেনেকৈ সলনি হৈছে সেই বিষয়ে অন্বেষণ কৰিছিল । পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

future dementia risk factor
ভৱিষ্যতে ডিমেনচিয়াৰ কাৰণ হ’ব পাৰে এইসমূহ ৰোগ; গৱেষণাত পোহৰলৈ আহিল ডাঙৰ তথ্য (FREEPIK)

এক অধ্যয়নত প্ৰকাশ পাইছে যে হৃদযন্ত্ৰৰ লগত জড়িত বিকাৰ ডিমেনচিয়াৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাব পাৰে ৷ এয়া আমি কোৱা কথা নহয় শেহতীয়াকৈ এটি গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য ৷

future dementia risk factor
ডিমেনচিয়াৰ কাৰণ (ETV Bharat)

ধূমপানৰ ফলত হোৱা ডিমেনচিয়াতকৈ হৃদৰোগৰ ফলত হোৱা ডিমেনচিয়াৰ ৰোগীৰ সংখ্যা বেছি হ’ব বুলিও পোহৰলৈ আহিছে ৷ উচ্চ ৰক্তচাপ, মেদবহুলতা, ডায়েবেটিছ, শিক্ষা আৰু ধূমপানকে ধৰি জিনীয় আৰু পৰিৱেশগত কাৰকৰ সংমিশ্ৰণ ডিমেনচিয়াৰ প্ৰধান বিপদজনক কাৰক ৷

future dementia risk factor
ডিমেনচিয়াৰ কাৰণ (ETV Bharat)

ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ (ইউ চি এল) গৱেষকসকলে সময়ৰ লগে লগে এই বিপদসমূহৰ প্ৰাদুৰ্ভাৱ কেনেদৰে সলনি হৈছে সেই বিষয়ে অন্বেষণ কৰিছিল ৷ গৱেষকৰ দলটোৱে ১৯৪৭ চনৰ পৰা ২০১৫ চনৰ ভিতৰত সংগ্ৰহ কৰা তথ্য আৰু ২০২০ চনত প্ৰকাশিত শেহতীয়া গৱেষণা পত্ৰৰ ভিত্তিত বিশ্বজুৰি ডিমেনচিয়াত আক্ৰান্ত লোকৰ সৈতে জড়িত ২৭খন গৱেষণা পত্ৰ বিশ্লেষণ কৰে ৷

ইফালে, দ্য লেন্সেট পাব্লিক হেল্থত প্ৰকাশিত এই প্ৰতিবেদনৰ ফলাফলত দেখা গৈছে যে কম শিক্ষিত আৰু ধূম্ৰপায়ীৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে সময়ৰ লগে লগে ডিমেনচিয়াৰ হাৰ হ্ৰাস পাইছে ৷

বেছিভাগ গৱেষণাতে উচ্চ ৰক্তচাপ (উচ্চ ৰক্তচাপ) ডিমেনচিয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ ইউ চি এল চাইকিয়াট্ৰিৰ মুখ্য লেখক নাহিদ মুকাদামে কয় যে, "কাৰ্ডিঅ'ভাস্কুলাৰ ৰিস্কে অৰ্থাৎ হৃদয়ৰ সৈতে জড়িৰ বিপদে সময়ৰ লগে লগে ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ গতিকে ভৱিষ্যতে ডিমেনচিয়া প্ৰতিৰোধৰ প্ৰচেষ্টা এই কাৰকসমূহৰ ওপৰত লক্ষ্য কৰি লোৱাটো প্ৰয়োজন ৷"

তেওঁ কয় যে, বহু উচ্চ আয়ৰ দেশত সময়ৰ লগে লগে শিক্ষাৰ স্তৰ বৃদ্ধি পাইছে ৷ অৰ্থাৎ ই ডিমেনচিয়াৰ বাবে কম উল্লেখযোগ্য বিপদজনক কাৰক হৈ পৰিছে ৷ গৱেষকসকলে কয় যে, ইউৰোপ আৰু আমেৰিকাতো ধূমপানৰ মাত্ৰা হ্ৰাস পাইছে কাৰণ ই সামাজিকভাৱে কম গ্ৰহণযোগ্য আৰু ব্যয়বহুল হৈ পৰিছে ৷

যিসকলে নাজানে যে ডিমেনচিয়া দৰাচলতে হয় কি তেওঁলোকক আমি জনাব বিচাৰিছো যে ই এক মগজুৰ ৰোগ বা ষ্ট্ৰোকৰ ফলত হোৱা এক গুৰুতৰ মানসিক বিকাৰ যিয়ে ব্যক্তিৰ স্বাভাৱিকভাৱে চিন্তা, মনত ৰখা আৰু আচৰণ কৰাৰ ক্ষমতাত বিৰূপ প্ৰভাৱ পেলায় ।

লগতে পঢ়ক: অতিমাত্ৰা শব্দই শিশুৰ মগজুত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে আপুনি সেয়া জনাটো খুবেই প্ৰয়োজনীয় - Brain Health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.