ETV Bharat / health

বাৰিষাকালত প্ৰাণঘাতক স্বৰূপ এইসমূহ ৰোগ : বিশেষজ্ঞৰ পৰা জানি লওক প্ৰতিৰোধৰ উপায় - Deadly Disease - DEADLY DISEASE

Deadly Disease: বাৰিষা অহাৰ লগে লগে প্ৰকৃতি সেউজীয়া হৈ পৰে, কিন্তু একে সময়তে ই বহু ৰোগৰো কাৰণ হৈ পৰে আৰু এনে ৰোগক প্ৰতিৰোধ কৰিব নোৱাৰিলে ই প্ৰাণো কাঢ়িব পাৰে ৷ জানো আহক এই ৰোগসমূহ তথা ইয়াৰ প্ৰতিৰোধৰ উপায়-

Be careful of these deadly diseases in monsoon, know preventive measures from experts
বাৰিষাকালত প্ৰাণঘাতক স্বৰূপ এইসমূহ ৰোগ : বিশেষজ্ঞৰ পৰা জানি লওক প্ৰতিৰোধৰ উপায় (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:20 PM IST

বাৰিষা অহাৰ লগে লগে প্ৰকৃতি নিশ্চিতভাৱে সেউজীয়া হৈ পৰে, কিন্তু একে সময়তে ই বিভিন্ন ৰোগেও বাহৰ পাতে । লেতেৰা পানীত বিয়পা বীজাণুৱে বহুতো ৰোগৰ জন্ম দিয়ে । মহ, মাখি আৰু দূষিত খাদ্যৰ জৰিয়তে বিয়পি পৰা এই ৰোগবোৰৰ পৰা আমি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ ৷

এই সন্দৰ্ভত চিকিৎসক নিৰঞ্জন পাটিলে কয় যে, বাৰিষাৰ সময়ত লেতেৰা পানী, প্ৰদূষণ আদি বৃদ্ধিৰ বাবে বহু ধৰণৰ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰে । বাৰিষাৰ সময়ত আমি নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া উচিত । জানো আহক বাৰিষাৰ সময়ত কোনবোৰ ৰোগৰ আশংকা অধিক তথা ইয়াৰ প্ৰতিৰোধৰ উপায় ৷

মেলেৰিয়া

মেলেৰিয়া এনে এক ৰোগ যাৰ লক্ষণসমূহৰ ভিতৰত সাধাৰণতে জ্বৰ আৰু চৰ্দি আদি হোৱা দেখা যায় । তেজৰ পৰীক্ষা আৰু ৰেপিড মেলেৰিয়া এন্টিজেন পৰীক্ষাৰ জৰিয়তে এই ৰোগ ধৰা পৰে । এই ৰোগৰ পৰা হাত সাৰিবলৈ এই সময়ছোৱাত মহ নিবাৰণকাৰী ক্ৰীম, সম্পূৰ্ণ হাত ঢকা কাপোৰ, আঁঠুৱা আৰু খিৰিকীৰ নেট আদি ব্যৱহাৰ কৰিব পাৰে । লগতে ঘৰৰ কোনো ঠাইত পানী জমা হ’বলৈ নিদিব আৰু মহ বিকৃতকাৰী ঔষধ ব্যৱহাৰ কৰিব ।

ডেংগু

ডেংগুৰ লক্ষণসমূহ হ’ল জ্বৰ, ফোহা আৰু চকুৰ পতাত বিষ । গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত ৰক্তক্ষৰণ আৰু অংগ বিকলতাৰ সমস্যাও দেখা দিব পাৰে । ডেংগু এন এছ ১ এন্টিজেন টেষ্ট, ডেংগু আই জি এম এন্টিবডি, ডেংগু আই জি জি এন্টিবডি, ডেংগু পি চি আৰ আৰু ব্লাড কাউণ্টৰ জৰিয়তে ডেংগু ধৰা পৰে । মেলেৰিয়া প্ৰতিৰোধৰ উপায় সমূহেই হ’ল ডেংগু প্ৰতিৰোধ উপায় । লগতে পুৰণি টায়াৰ, ফুলৰ টাব আৰু টেংকত পানী জমা হ’বলৈ নিদিব ।

চিকুনগুনিয়া

চিকুংগুনিয়াৰ ফলত জ্বৰ আৰু গাঁঠিৰ বিষ হয় । চিকুনগুনিয়া আই জি এম এন্টিবডি পৰীক্ষা আৰু চিকুনগুনিয়া আৰ এন এ পি চি আৰৰ দ্বাৰা ইয়াক ধৰা পেলোৱা হয় । মেলেৰিয়া, ডেংগু প্ৰতিৰোধৰ উপায় সমূহেই হ’ল চিকুংগুনিয়া প্ৰতিৰোধৰ উপায় ৷

জিকা ভাইৰাছ

ছিৰাম আৰু প্ৰস্ৰাৱৰ জিকা ভাইৰাছ পি চি আৰ আৰু জিকা ভাইৰাছ আই জি এম এন্টিবডি পৰীক্ষাৰ দ্বাৰা জিকা ভাইৰাছ ধৰা পৰে । মেলেৰিয়া, ডেংগু আৰু চিকুংগুনিয়া প্ৰতিৰোধৰ ব্যৱস্থা জিকা ভাইৰাছ প্ৰতিৰোধৰ ব্যৱস্থাৰ সৈতে একে ।

লেপ্ট’স্পাইৰ’ছিছ

লেপ্ট’স্পাইৰ’ছিছৰ লক্ষণসমূহ হ’ল জ্বৰ, ঠাণ্ডা, ফোহা, জণ্ডিচ আৰু চকু ৰঙা পৰা আদি । ইয়াক লেপট’স্পাইৰা IgM এন্টিব’ডি পৰীক্ষা আৰু লেপ্ট’স্পাইৰা পিচিআৰৰ দ্বাৰা ধৰা পেলাব পাৰি । ইয়াৰ পৰা হাত সাৰিবলৈ বাৰিষাৰ সময়ত পানীত খোজ কঢ়াটো ত্যাগ কৰক, বিশেষকৈ ভৰিৰ কটা বা ঘা হ’লে । ঘৰ আৰু কৰ্মক্ষেত্ৰৰ আশে-পাশে নিগনি নিয়ন্ত্ৰণ কৰা । ডক্সিচাইক্লিন কেপচুলে লেপ্ট’স্পাইৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে ।

টাইফয়েড

টাইফয়েডৰ ভিতৰত জ্বৰ, পেটৰ বিষ, জিভাত বগা আৱৰণ আৰু ভোক কমি যোৱা আদি অন্তৰ্ভুক্ত ৷ চিবিচি, ব্লাড কালচাৰ, টাইফয়েড আইজিএম, ৱাইডাল টেষ্ট আৰু ছালমনেলা পিচিআৰৰ জৰিয়তে ইয়াক ধৰা পেলাব পৰা যায় । ইয়াৰ পৰা হাত সাৰিবলৈ ভালদৰে নিসিজা খাদ্য বা লেতেৰা ষ্ট্ৰীট ফুড নাখাব আৰু ফিল্টাৰ কৰা পানীহে খাব ।

কলেৰা

কলেৰাৰ ফলত ডায়েৰিয়া আৰু ডিহাইড্ৰেচন হয় । মলৰ জৰিয়তে এই ৰোগ ধৰা পেলাব পাৰি । এই ৰোগৰ পৰা হাত সাৰিবলৈ ভালদৰে নিসিজা খাদ্য বা লেতেৰা ষ্ট্ৰীট ফুড নাখাব আৰু ফিল্টাৰ কৰা পানীহে খাবলৈ চেষ্টা কৰক ।

এই ৰোগৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লোৱা উচিত, ঘৰৰ আশে-পাশে পানী জমা হ’বলৈ নিদিব আৰু মহ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰক । যদি আপুনি এনে কোনো ৰোগৰ লক্ষণ দেখিবলৈ পায় তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ।

লগতে পঢ়ক: সাৱধান ! শিশুৰ বাবে কালৰূপ ধাৰণ কৰিছে এই ভাইৰাছে - Chandipura Virus

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.