ETV Bharat / health

ফলৰ মিল্ক শ্বেক বাৰুকৈয়ে স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি ? - ভিটামিন চি আৰু গাখীৰৰ সংমিশ্ৰণ

Are Milkshakes Healthy Or Unhealthy: ফলৰ পৰা তৈয়াৰী মিল্ক শ্বেক যে বৰ সোৱাদযুক্ত, তাত কোনো সন্দেহ নাই । কিন্তু আপুনি জানেনে যে আয়ুৰ্বেদত ইয়াক স্বাস্থ্যৰ বাবে বৰবিহ হিচাপে গণ্য কৰা হয় । কিন্তু কিয়, আজি এই প্ৰতিবেদনৰ জৰিয়তে বিশেষজ্ঞৰ পৰা বিতংভাৱে জানো আহক ।

Ayurveda expert said that fruit milkshake is not healthy; Do you know why?
ফলৰ মিল্ক শ্বেক বাৰুকৈয়ে স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি ?
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 2:09 PM IST

বেছিভাগ মানুহেই ফলৰ মিল্ক শ্বেক খাই ভাল পায় ৷ কিছুমান অভিভাৱকে ইয়াক স্বাস্থ্যকৰ বুলি গণ্য কৰি সন্তানক ইয়াক পান কৰিবলৈ দিয়ে ৷ কিন্তু এইটো বুজাটো অতি প্ৰয়োজনীয় যে আপোনাৰ জিভাই সোৱাদ পোৱা সকলো বস্তুৱেই স্বাস্থ্যৰ বাবে উপকাৰী নহ’বও পাৰে ৷ গাখীৰ আৰু ফলৰ দৰে পুষ্টিকৰ উপাদানৰে প্ৰস্তুত কৰা সত্ত্বেও ফলৰ মিল্ক শ্বেক ইয়াৰ উত্তম উদাহৰণ ৷

শেহতীয়াকৈ আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ ডিম্পল জাংৰাৰ ইনষ্টাগ্ৰামত এক পোষ্টযোগে উল্লেখ কৰি কয় যে, মিল্ক শ্বেকৰ দৰে খাদ্য স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷ কোম্পানীয়ে কেৱল স্বাস্থ্যকৰ পানীয়ৰ নামত মানুহক আকৰ্ষণ কৰিবলৈহে এই পানীয় বনায় ৷

বিশেষজ্ঞগৰাকীয়ে তেওঁৰ ভিডিঅ’টোত এই কথাও কৈছে যে, যেনেকৈ নেমু, কমলা, আঙুৰ, অমিতা, তৰমুজৰ দৰে ফলৰ পৰা মিল্ক শ্বেক খাব নালাগে, একেদৰে আন ফলবোৰো মিল্ক লগত মিহলাই খোৱাৰ উপযোগী নহয় ৷

মিল্কশ্বেক কিয় অস্বাস্থ্যকৰ ?

বিশেষজ্ঞসকলে কয় যে, ফল-মূলত ভিটামিন চিৰ উপস্থিতিৰ বাবে গাখীৰৰ লগত মিহলাই খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷ গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন চি, যাক এছক’ৰবিক এচিড বুলিও কোৱা হয়, এবিধ এচিড যৌগ যিয়ে গাখীৰত থকা প্ৰ’টিন ভাঙি গাঢ় কৰিব পাৰে যাৰ দ্বাৰা গাখীৰ ফাটিব পাৰে ৷

ভিটামিন চি আৰু গাখীৰৰ সংমিশ্ৰণ সঠিক নহয়

যদি আপুনি ভিটামিন চি সমৃদ্ধ ফল যেনে আপেল, চেৰী, ষ্ট্ৰবেৰী, আনাৰস, নাচপতি, মধুৰিআম খাব বিচাৰে তেন্তে দুগ্ধজাত সামগ্ৰীৰ লগত খাব নালাগে ৷ কাৰণ এনে কৰিলে ভিটামিন চিয়ে গাখীৰৰ লগত বিক্ৰিয়া কৰি বদহজম, পেটৰ বিষ, জ্বলা-পোৰা, ক্ৰেম্প, এচিডিটি, ডায়েৰিয়া আদিৰ সৃষ্টি কৰিব পাৰে ৷

ভুল খাদ্যৰ সংমিশ্ৰণ খোৱা এৰিলে এই সমস্যা হ্ৰাস পাব

আয়ুৰ্বেদ চিকিৎসকে ৰোগীৰ হেল্থ হিষ্ট্ৰীক ভাগ-বতৰা কৰি কয় যে, এনে ৰোগী যিয়ে Irritable Bowel Syndrome, Leaky Gut Syndrome, Blood Toxicity, Skin Disorders আদি লক্ষণত ভুগি আছিল তেওঁলোকক কেৱল ভুল খাদ্যৰ সংমিশ্ৰণৰ সৈতে খাদ্য খোৱা এৰি দিয়াৰ লগে লগে তেওঁলোকে যথেষ্ট সকাহ লাভ কৰিছিল৷

লগতে পঢ়ক: কাক ভাৰতত ফাৰ্মাচীৰ পিতৃ বুলি জনা যায়; যাৰ স্মৃতিত পালন কৰা হয় ৰাষ্ট্ৰীয় ফাৰ্মাচী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.