ETV Bharat / health

এক নহয় অনেক ৰোগ নিবাৰণ কৰিব পাৰে চফগুটিয়ে: জানি লওক খোৱাৰ সঠিক পদ্ধতি - Fennel Water Benefits

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 8:25 PM IST

Benefits of saunf : চফৰ বহু গুণাগুণ আছে, যাৰ ফলত আমাৰ শৰীৰে বহুতো আচৰিত উপকাৰিতা লাভ কৰে । আহকচোন, ইয়াৰ উপকাৰিতা আৰু ইয়াক পান কৰাৰ সঠিক সময় জানি লও ৷

Amazing Health Benefits Of Drinking Fennel Water Saunf Water
এক নহয় অনেক ৰোগ নিবাৰণ কৰিব পাৰে চফ গুটিয়ে: জানি লওক খোৱাৰ সঠিক পদ্ধতি (FREEPIK)

চফ হৈছে এনে এবিধ মছলা যি মানুহে মাউথ ফ্ৰেচনাৰ হিচাপেও সেৱন কৰে ৷ কিন্তু আপুনি জানেনে যে এইবিধ মছলা বহু স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সক্ষম ? হয় নিতৌ এগিলাচ পানীত চফ মিহলাই খালে আপুনি বহু গুৰুতৰ ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে ৷ জানো আহক স্বাস্থ্যৰ কোনবোৰ সমস্যাৰ ক্ষেত্ৰত পাকঘৰত থকা এইবিধ মছলা অতি উপকাৰী ৷ লগতে ইয়াক খোৱাৰ সঠিক সময়ো জানো আহক-

চফ মিহলোৱা পানীৰ উপকাৰিতা:

ডায়েবেটিছ নিয়ন্ত্ৰণ: চফত এন্টিঅক্সিডেন্ট আৰু ফাইটোকেমিকেল থাকে যিয়ে ডায়েবেটিছ (ৰক্তশৰ্কৰা) হ্ৰাস কৰাত সহায় কৰে ৷

চকুৰ বাবে উপকাৰী: চফত ভিটামিন এ থাকে, যিটো চকুৰ দৃষ্টিশক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ এনে পৰিস্থিতিত ইয়াৰ সেৱনে দৃষ্টিশক্তি উন্নত কৰে আৰু লগতে চকুত হোৱা সংক্ৰমণৰ পৰাও ৰক্ষা কৰে ৷

দাঁত আৰু গুৰিৰ বাবে: চফৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে মুখৰ দুৰ্গন্ধ আঁতৰাই দাঁত আৰু দাঁতৰ গুৰি আদি সুস্থ কৰি ৰাখে ৷

ছালৰ বাবে: চফগুটিয়ে ছালখন কোমল আৰু গ্লোয়িং কৰি তোলে ৷ ব্ৰণ আৰু দাগ কমোৱাতো সহায় কৰে ৷

চুলিৰ বাবে: চফে চুলিক মজবুত আৰু চিকচিকিয়া কৰাত সহায় কৰে ৷ চুলি সৰা ৰোধতো ই সহায়ক ৷

হজম শক্তি উন্নত কৰে: চফ পেটৰ গেছ, বদহজম আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা উপশম দিয়াত অতি ফলপ্ৰসূ ৷

ওজন কমোৱাত সহায় কৰে: চফৰ এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰে, ইয়াৰ সেৱনে আপোনাৰ লেহেমীয়া বিপাকীয় ক্ৰিয়া দ্ৰুত কৰে যিয়ে বৃদ্ধি পোৱা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত অতি লাভদায়ক ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে: চফত ভিটামিন চি আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

চফৰ পানী কেনেকৈ বনাব ?

এগিলাচ পানীত এচামুচ চফ দি উতলাই লওক ৷ এতিয়া এই পানী ভালদৰে চেকি ঠাণ্ডা কৰি পান কৰক ৷ ইচ্ছা কৰিলে তাত অলপ নেমুৰ ৰস দিও খাব পাৰে ৷ ৰাতি শুবলৈ যোৱাৰ আগতে চফৰ পানী খোৱাটো খুবেই উপকাৰী ৷ ইচ্ছা কৰিলে দিনতো আপুনি ইয়াক পান কৰিব পাৰে ৷ কিন্তু আপোনাৰ যদি কোনো পুৰণি ৰোগ আছে বা অন্য কোনো সমস্যা আছে তেন্তে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ৷ চফ মিহলোৱা পানী হৈছে এবিধ ঘৰুৱা প্ৰতিকাৰ, কিন্তু যিকোনো ৰোগৰ চিকিৎসাৰ বাবে প্ৰথমে সদায় চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম ৷

লগতে পঢ়ক: গেছ-এচিডিটিৰ সমস্যাৰ পৰা তৎক্ষণাত সকাহ লাভ কৰিবলৈ খাওক এই পানীয় - Cumin and Celery Water

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.