এতিয়ালৈকে ষ্ট্ৰোক সম্পৰ্কে এটা সাধাৰণ বিশ্বাস চলি আহিছে যে ই কেৱল বৃদ্ধসকলৰ ক্ষেত্ৰত দেখা দিয়া ৰোগ ৷ কিন্তু শেহতীয়া প্ৰকাশিত গৱেষণা আৰু তথ্যই এই ধাৰণা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে ৷ ৪০ বছৰৰ তলৰ পুৰুষৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ বিগত দুটা দশকত পুৰুষৰ ষ্ট্ৰোক ৰোগীৰ সংখ্যা প্ৰায় ২৫% বৃদ্ধি পোৱাৰ বিপৰীতে মহিলাৰ মাত্ৰ ১%হে বৃদ্ধি হোৱা দেখা গৈছে ৷
মগজুলৈ তেজৰ যোগান বন্ধ হৈ গ’লে ষ্ট্ৰোক হয়, যাৰ ফলত মগজুৰ কোষবোৰ মৰিবলৈ আৰম্ভ কৰে ৷ ই মূলতঃ দুবিধ: ইস্কেমিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোক ৷
ইস্কেমিক ষ্ট্ৰোক: যেতিয়া ৰক্তবাহী নলী বন্ধ হৈ যায় ৷
হেমৰেজিক ষ্ট্ৰোক: যেতিয়া মগজুৰ কোনো ৰক্তবাহী নলী ফাটি যায় ৷ এই সমস্যা হৃদযন্ত্ৰৰ ৰোগ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু বেয়া জীৱনশৈলীৰ লগতো জড়িত ৷
কাৰণ কি ?
- জাংক ফুড: অতিৰিক্ত চৰ্বি আৰু চেনিযুক্ত খাদ্য খালে ৰক্তবাহী নলীত প্লেক জমা হয় ৷ বৰ্তমান জাংক ফুডৰ প্ৰতি বৃদ্ধি হোৱা আসক্তিয়ে বহু ৰোগৰ আশংকাও সৃষ্টি কৰিছে ৷
- অত্যধিক মদ্যপান: মদ্যপানে ৰক্তচাপ বৃদ্ধি কৰে আৰু তেজ গাঢ় কৰে ৷
- মানসিক চাপ আৰু অনিয়মিত জীৱনশৈলী: বৰ্তমানৰ দ্ৰুত গতিৰ জীৱনত মানসিক চাপ আৰু শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ আদি ষ্ট্ৰোকৰ প্ৰধান কাৰণ হৈ পৰিছে ৷
- ধূমপান: ই ৰক্তবাহী নলী দুৰ্বল কৰি তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷
কোনবোৰ লক্ষণক আওকাণ কৰা উচিত নহয় ?
- F (Face): মুখখন হঠাৎ এফালে বেঁকা হৈ পৰা বা নামি যোৱা ৷
- A (Arms): দুয়োটা বাহু ওপৰলৈ তুলিবলৈ অসুবিধা হোৱা ৷
- S (Speech): কথা কোৱাত থতমত খায় বা মাতটো স্পষ্ট নহয় ৷
- T (Time): সময় নষ্ট নকৰিব, তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷
কেনেকৈ সুৰক্ষা দিব ?
- ফল-মূল, শাক-পাচলি আৰু আঁহযুক্ত খাদ্য খাব লাগে ৷
- মদ্যপান আৰু চিগাৰেট পৰিহাৰ কৰক ৷
- নিয়মীয়াকৈ ব্যায়াম কৰক ৷ দৈনিক ৩০ মিনিট লঘু ব্যায়াম কৰক ৷
- মানসিক চাপ কমাব ৷ যোগ, ধ্যান আৰু ভাল টোপনি আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক ৷
- নিয়মীয়াকৈ চিকিৎসকৰ পৰা পৰীক্ষা কৰাব লাগে ৷
এলাৰ্মিং কেইচ
ডেইলী মেইলৰ এটি প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ২৯ বছৰীয়া লুইছ ক্লাছবি নামৰ এজন যুৱক সম্পূৰ্ণ ফিট আৰু সুস্থ আছিল যদিও হঠাৎ তেওঁ ষ্ট্ৰোকত ভুগিবলগীয়া হয় ৷ সেয়ে ইয়াৰ লক্ষণসমূহক আওকাণ কৰিলে তেওঁৰ বাবে মাৰাত্মক হ’লহেতেন, কিন্তু সময়োপযোগী চিকিৎসাৰ বাবেই তেওঁৰ জীৱন কথমপি ৰক্ষা পৰে ৷ এই ঘটনাই আমাক সকলোকে বুজিবলৈ এটা বাৰ্তা দিয়ে যে, ষ্ট্ৰোক যিকোনো বয়সতে হ’ব পাৰে ৷ গতিকে শৰীৰত দেখা দিয়া সংকেতক আওকাণ নকৰি, জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক ৷