ETV Bharat / health

ফ্ৰীজত ৰাখে নেকি এই 4বিধ সামগ্ৰী ? তেন্তে সৰ্বনাশ !

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 9:01 PM IST

Food Storage Tips: যদি আপুনিও খাদ্য সতেজ কৰি ৰাখিবলৈ ফ্ৰীজ ব্যৱহাৰ কৰে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে । ইয়াত এনে কিছুমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে যিসমূহ ফ্ৰীজত ৰখাটো আপোনাৰ স্বাস্থ্যৰ অপকাৰী হ’ব পাৰে ।

4 natural foods that turn toxic when refrigerated
ফ্ৰীজত ৰাখে নেকি এই 4বিধ সামগ্ৰী তেন্তে সৰ্বনাশ!

খাদ্য পচি নোযোৱাৰ বাবে প্ৰায় প্ৰতিখন ঘৰতে ফ্ৰীজ ব্যৱহাৰ কৰা হয় ৷ কিন্তু আপুনি জানেনে যে খাদ্যৰ অপচয় হ্ৰাস কৰা এই গেজেটটোৱে আপোনাৰ স্বাস্থ্যৰ বাবেও বিপদ মাতিব পাৰে ? হয়, আপুনি ঠিকেই পঢ়িছে, আজি আমি আপোনালোকক ক’বলৈ ওলাইছো এনে কিছুমান খাদ্যৰ কথা যিবোৰ ফ্ৰীজত ৰাখিলে ক্ৰমাৎ বিষাক্ত হৈ পৰে ৷

শেহতীয়াকৈ আয়ুৰ্বেদ ডাঃ আৰু আন্ত্ৰিক স্বাস্থ্য বিশেষজ্ঞ ডাঃ ডিম্পল জাংডাই তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত এনে ৪বিধ খাদ্যৰ তালিকা শ্বেয়াৰ কৰিছে যিবোৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ফ্ৰীজত ৰখাটো ভাল নহয়, কাৰণ এই খাদ্যবোৰ ফ্ৰীজত ৰখাৰ লগে লগে বিষাক্ত হৈ পৰে আৰু কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে ৷

নহৰু

বিশেষজ্ঞসকলে কয় যে, খোলা নহৰু ফ্ৰীজত ৰাখিব নালাগে ৷ ইয়াৰ ফলত নহৰু সোনকালে পচিবলৈ আৰম্ভ কৰে, যাৰ ফলত কেন্সাৰ হোৱাৰ আশংকা থাকে ৷ ইয়াৰ উপৰিও নহৰু ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ আৰু পুষ্টিকৰ উপাদান নষ্ট হয় ৷ নহৰু সংৰক্ষণৰ আটাইতকৈ উত্তম উপায় হ’ল ফ্ৰীজৰ বাহিৰত ঠাণ্ডা আৰু শুকান ঠাইত ৰখা ৷

পিঁয়াজ

পিয়াঁজ কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে, কাৰণ কম উষ্ণতাৰ ফলত পিঁয়াজৰ ষ্টাৰচ চেনিলৈ ৰূপান্তৰিত হয় আৰু তাত ভেঁকুৰ জমা হ’বলৈ আৰম্ভ কৰে ৷ গতিকে পিয়াঁজ সদায় ঠাণ্ডা, শুকান আৰু আন্ধাৰ ঠাইত ৰাখিব লাগে ৷

আদা

বেছিভাগ মানুহেই আদা সতেজ কৰি ৰাখিবলৈ ফ্ৰীজত জমা কৰি ৰাখে ৷ কিন্তু বিশেষজ্ঞসকলৰ মতে, এনে কৰিলে আদাত ভেঁকুৰৰ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত বৃক্ক আৰু যকৃতৰ ক্ষতি হ’ব পাৰে ৷ গতিকে ইয়াক ফ্ৰীজত ৰাখিব নালাগে ৷

ভাত

ব্ৰিটেইনৰ নেশ্যনেল হেল্থ চাৰ্ভিচৰ এক অধ্যয়নৰ উদ্ধৃতি দি বিশেষজ্ঞসকলে কয় যে, ৰন্ধা চাউল ২৪ ঘন্টাতকৈ অধিক সময় ফ্ৰীজত ৰাখিলে বিষাক্ত হৈ পৰে ৷ লগতে ভাত পুনৰ গৰম কৰাৰ সময়ত সদায় পৰীক্ষা কৰক যে সম্পূৰ্ণ গৰম হৈছে নে নাই ৷ ইয়াৰ উপৰিও চাউল এবাৰতকৈ অধিকবাৰ গৰম কৰিব নালাগে বুলিও অধ্যয়নত উল্লেখ কৰা হৈছে ৷

খাদ্য কেনেকৈ ফ্ৰীজত ৰাখিব লাগে

বিশেষজ্ঞসকলৰ মতে, খাদ্য স্বাস্থ্যসন্মত কৰি ৰখাৰ বাবে কিছুমান মৌলিক নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ ভিতৰত মূলতঃ লিক-প্ৰুফ, পৰিষ্কাৰ পাত্ৰ বা ৰেপত বাকী থকা বস্তুবোৰ সংৰক্ষণ কৰা, বাকী থকাখিনি ৰন্ধাৰ দুঘণ্টাৰ ভিতৰত ফ্ৰীজত ৰখা আৰু গৰম খাদ্য সংৰক্ষণ কৰাৰ আগতে ঠাণ্ডা হ’বলৈ দিয়া আদি অন্তৰ্ভুক্ত ৷

লগতে পঢ়ক: বিচনাত প্ৰস্ৰাৱ কৰাকে ধৰি এই ৬টা লক্ষণ আপোনাৰ শিশুটিৰ দেহত দেখা দিছে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.