ETV Bharat / entertainment

মুক্তিৰ বাবে সাজু জুবিন গাৰ্গৰ চিকাৰ - Zubeen Garg Movie Sikaar - ZUBEEN GARG MOVIE SIKAAR

Zubeen Garg Assamese movie Sikaar : চিকাৰ ছবিখনক লৈ অপেক্ষাৰত দৰ্শকসকলৰ বাবে এয়া এক সুখবৰ । ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে ।

Assamese movie sikaar
ছবি নিৰ্মাণৰ ব্যস্ততা (Team Sikaar)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 10:55 AM IST

গুৱাহাটী, 9 আগষ্ট : বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ‘চিকাৰ’ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন এতিয়া সাজু হৈ উঠিছে মুক্তিৰ বাবে । ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব ছবিখনে ।

Assamese movie sikaar
চিকাৰ ছবিখনৰ পোষ্টাৰ (Team Sikaar)

বৃহস্পতিবাৰে শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া এই এই নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় । সামাজিক মাধ্যম যোগে মুক্তি দিয়া হয় ছবিখনৰ পোষ্টাৰ । ইফালে টীম ‘চিকাৰ’ৰ তৰফৰ পৰা জনোৱা অনুসৰি চলিত মাহতে মুক্তি লাভ কৰিব ছবিখনৰ টিজাৰে । কিছুদিন পূৰ্বে সম্পন্ন হয় ছবিখনৰ ডাবিং । ছবিখনৰ এটি মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী উৰ্মিলা মহন্তই শেহতীয়াকৈ ছবিখনৰ বাবে ডাবিং সম্পূৰ্ণ কৰে ।

Assamese movie sikaar
চিকাৰৰ লগত জড়িত কলা-কুশলী (Team Sikaar)
Assamese movie sikaar
চিকাৰ ছবি দৃশ্যগ্ৰহণৰ সময়ৰ ফটো (Team Sikaar)

ইফালে আহিবলগীয়া নতুন অসমীয়া ছবি চিকাৰৰ জৰিয়তে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক আকৌ এবাৰ নতুন ৰূপত পৰ্দাত দেখিবলৈ পাব দৰ্শকে । লগতে ছবিখনত আছে বিশিষ্ট অভিনেতা আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাইকে ধৰি কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী ।

Assamese movie sikaar
চিকাৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ৰ ফটো (Team Sikaar)

অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰা হৈছে ছবিখনত ৷ অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত শ্ৰমিকসকলক কম মজুৰি দিয়া, মহিলাৰ প্ৰতি অত্যাচাৰ কৰা আৰু শ্ৰমিকসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা আদি ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ।

Assamese movie sikaar
ব্যস্ত হৈ থকা সময়ত ছবিখনৰ কলা-কুশলী (Team Sikaar)
Assamese movie sikaar
শ্বুটিঙৰ সময়ৰ দৃশ্য (Team Sikaar)

দেবাংকৰ বৰগোঁহাইৰ কাহিনী পৰিচালনা তথা সম্পাদনাৰে নিৰ্মাণ কৰা এই ছবিখনৰ শ্বুটিং অসমৰ লগতে লণ্ডনত কৰা হৈছে । ছবিখনৰ প্ৰায় 70 শতাংশ শ্বুটিঙেই কৰা হৈছে লণ্ডনত । ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদান্তৰ ।

লগতে পঢ়ক : নিছা আৰু পেছা সমান্তৰালকৈ চলাই নিয়া মানুহজনে ক’লে- শিপাক কেতিয়াও পাহৰিব নাপায় - All about Dr Hitesh Baruah

শীঘ্ৰেই ছবিগৃহলৈ আহি আছে 'চিলনী চোৰ' - Assamese movie Chiloni Chor

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.