ETV Bharat / entertainment

আপুনিও কেৱল চখৰ বাবেহে সংগীত শুনে নেকি ? তেন্তে আপোনাৰ বাবে সুখবৰ - World Music Day 2024

author img

By ETV Bharat Entertainment Team

Published : Jun 21, 2024, 11:57 AM IST

Benefits of Music : বহুতে সংগীত ভাল পায় । ই কেৱল মনলৈ শান্তি কঢ়িয়াই অনাই নহয় বৰঞ্চ ই মেজাজৰো উন্নতি সাধন কৰে । বেছিভাগ মানুহেই নিজৰ পছন্দ অনুসৰি গান শুনি ভালপায় । অৱশ্যে চখ হিচাপে শুনা সংগীত স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি আপুনি জানেনে । আজিৰ প্ৰতিবেদনত আমি এই বিষয়েই জানিবলৈ চেষ্টা কৰিম-

Do you listen to music as a hobby? If so, here are some amazing benefits
আপুনিও কেৱল চখৰ বাবেহে সংগীত শুনে নেকি? তেন্তে আপোনাৰ বাবে সুখবৰ (FREEPIK)

গান শুনি ভাল নোপোৱা লোক হয়তো খুব কমেইহে ওলাব । মানুহে নিজৰ পছন্দ অনুসৰি বিভিন্ন ধৰণৰ সংগীত শুনি ভালপায় । কিছুমানে শাস্ত্ৰীয় সংগীত ভাল পায়, আনহাতে কিছুমানে আকৌ চলচ্চিত্ৰৰ সংগীত শুনি ভাল পায় ।

আপুনি বা আপোনাৰ চৌপাশৰ লোকে হয়তো প্ৰায়ে নিজৰ চখৰ বাবেহে সংগীত শুনে, কিন্তু আপুনি জানেনে যে চখ হিচাপে শুনা সংগীতেও স্বাস্থ্যৰ বাবে বহু ভাল প্ৰভাৱ পেলাব পাৰে । যদি আপুনি এতিয়াও সংগীতৰ উপকাৰিতাৰ বিষয়ে অজ্ঞাত, তেন্তে আজি আমি ইয়াৰ কিছুমান আচৰিত উপকাৰিতাৰ বিষয়ে ক’বলৈ ওলাইছো-

  • মানসিক চাপ হ্ৰাস কৰে

সংগীতে আমাৰ হৰম’নৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । যেতিয়া আপুনি আপোনাৰ প্ৰিয় সংগীত শুনে তেতিয়া আপোনাৰ শৰীৰৰ কৰ্টিছলৰ মাত্ৰা কমি যায়, যাৰ ফলত আপুনি মানসিক চাপৰ নেতিবাচক প্ৰভাৱৰ পৰা আঁতৰি থাকে ।

  • টোপনি উন্নত কৰা

৩০ শতাংশতকৈ অধিক আমেৰিকান লোকে টোপনিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হয় । এক অধ্যয়নত দেখা গৈছে যে শুবলৈ যোৱাৰ আগতে অডিঅ’বুক শুনা বা একো নকৰাৰ তুলনাত শুবলৈ যোৱাৰ এঘণ্টাৰ ভিতৰত শাস্ত্ৰীয় বা নিস্তব্ধ সংগীত শুনিলে টোপনি যথেষ্ট ভাল হয় ।

  • হতাশা হ্ৰাস কৰে

আমাৰ হৰম’নবোৰ সংগীতৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয় । এই কাৰণেই হতাশাত ভোগা ব্যক্তিয়ে যদি সংগীত শুনে তেন্তে সংগীতে ব্যক্তিগৰাকীৰ বাবে প্ৰাকৃতিক এন্টি-ডিপ্ৰেছন ঔষধ হিচাপে কাম কৰিব পাৰে ।

  • কমকৈ খোৱাত সহায় কৰে

গৱেষণাৰ মতে, সংগীত বাজি থকাৰ সময়ত আৰু কম পোহৰত মানুহে কমকৈ খাদ্য গ্ৰহণ কৰে ।

  • শিকিবলৈ আৰু মনত ৰখাৰ ক্ষমতা বৃদ্ধি কৰে

অধ্যয়ন অনুসৰি সংগীত শুনাটোৱেও আপোনাৰ কিবা এটা মনত ৰখা আৰু শিকিব পৰা ক্ষমতা বৃদ্ধি কৰিব পাৰে ।

  • আইকিউ আৰু শৈক্ষিক প্ৰদৰ্শন উন্নত কৰে

গৱেষণাৰ মতে, সংগীতৰ শিক্ষাগ্ৰহণ কৰা সৰু ল’ৰা-ছোৱালীয়ে স্কুলত ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা বেছি আৰু আইকিউ লেভেলো বেছি হোৱা দেখা যায় ।

লগতে পঢ়ক: আজি বিশ্ব সংগীত দিৱস; এই দিনটোৰ আৰম্ভণি কেনেকৈ হৈছিল জানেনে ? - World Music Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.