ETV Bharat / entertainment

বিয়াৰ পিচত ধৰ্মান্তৰিত হ’ব নেকি সোণাক্ষী ? অনুৰাগীৰ মনত উৎকন্ঠা এই প্ৰশ্নক লৈ - Sonakshi Zaheer Marriage

Sonakshi Sinha and Zaheer Iqbal Marriage: ২৩ জুন অৰ্থাৎ দেওবাৰে বিবাহপাশত আৱদ্ধ হ’ব সোণাক্ষী সিনহা আৰু জাহীৰ ইকবাল ৷ আজি তেওঁলোকৰ মেহেন্দী অনুষ্ঠানেৰে বিবাহৰ কাৰ্যসূচীৰ আৰম্ভণি হয় ৷ কিন্তু তাৰ মাজতে এই বিবাহক লৈ সকলোৰে মাজত এটি প্ৰশ্নৰ উদয় হৈছে যে বিবাহৰ পিচত সোণাক্ষীৰ ধৰ্ম ইছলামলৈ ৰূপান্তৰিত হ’ব নেকি ? তেওঁলোকে কোনটো ধৰ্মৰ নিয়মত বিবাহত বহিব ৷ পঢ়ক সবিশেষ...

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 7:39 PM IST

Will Sonakshi Sinha Convert To Islam After Marrying Zaheer Iqbal? Here's What Groom's Father Has To Say
বিয়াৰ পিচত ধৰ্মান্তৰিত হ’ব নেকি সোণাক্ষী ? অনুৰাগীৰ মনত উৎকন্ঠা এই প্ৰশ্নক লৈ (ETV Bharat)

চিটাৰা ডেস্ক, 22 জুন: সোণাক্ষী সিনহা আৰু জাহীৰ ইকবালে ২৩ জুনত বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে ৷ দুয়োগৰাকীয়ে বেলেগ বেলেগ ধৰ্মৰ হোৱাৰ বাবে সোণাক্ষী আৰু জাহীৰৰ এই বিবাহ সম্প্ৰতি এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷

এই বিবাহত শত্ৰুঘ্ন সিনহা সুখী নহয় বুলি চৰ্চা চলিছিল যদিও পৰিয়ালৰ লোকে ৰাতিৰ আহাৰ গ্ৰহণৰ পিচত একেলগে ফটোশ্বুট কৰাৰ পিচত এই সকলোবোৰ উৰাবাতৰি ভুল প্ৰমাণিত হয় । যিহেতু সোণাক্ষীয়ে ইছলাম ধৰ্মৰ জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱব্ধ হ’বলৈ গৈ আছে, গতিকে জাহীৰৰ পিতৃ ইকবাল ৰতনচীয়ে এই সন্দৰ্ভত কৰা এক মন্তব্যই সম্প্ৰতি চৰ্চা লাভ কৰিছে ।

এই দম্পতীৰ বিবাহৰ পিচত সোণাক্ষীয়ে ইছলাম ধৰ্ম গ্ৰহণ নকৰে বুলি এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছে ৰতনচীয়ে । তেওঁ ফ্ৰী প্ৰেছ জাৰ্নেলৰ আগত কয় যে, বিয়াত মুছলমান বা হিন্দুৰ কোনো অনুষ্ঠান নাথাকিব । এয়া হ’ব এখন বিশেষ বিবাহ।

তেওঁ আৰু কয়, "তেওঁ ধৰ্ম সলনি কৰা নাই আৰু সেয়া নিশ্চিত । তেওঁলোকৰ মিলন হৃদয়ৰ মিলন আৰু ইয়াত ধৰ্মৰ কোনো ভূমিকা নাই ।" ৰতনসীয়েও দম্পতীক নিজৰ আশীৰ্বাদ দি কয়, "মই মানৱতাক বিশ্বাস কৰো । হিন্দুসকলে ভগৱানক আৰু মুছলমানে আল্লাহক বিশ্বাস কৰে । কিন্তু দিনৰ শেষত আমি সকলোৱে মানুহ। মোৰ আশীৰ্বাদ জাহীৰ আৰু সোণাক্ষীৰ সৈতে আছে ।"

সোণাক্ষী আৰু জাহীৰৰ বিশেষ বিবাহ আইন ১৯৫৪ অনুসৰি পঞ্জীয়নভুক্ত বিবাহ হ’ব । বান্দ্ৰাৰ কাৰ্টাৰ ৰোডৰ জাহীৰৰ ঘৰত অনুষ্ঠিত হ’ব এই বিয়া । ইতিমধ্যে আজি মেহেন্দী অনুষ্ঠানৰ পৰা আৰম্ভ হৈছে দম্পতীটোৰ বিবাহ অনুষ্ঠান । ২৩ জুনত পঞ্জীয়নভুক্ত বিবাহৰ পিচত সন্ধিয়া বেষ্টিয়নত বন্ধু-বান্ধৱীৰ বাবে পাৰ্টী আয়োজন কৰিব বলীউডৰ জনপ্ৰিয় দম্পতীটোৱে ।

লগতে পঢ়ক: সোনাক্ষী-জাহীৰৰ মেহেন্দী অনুষ্ঠান; সুন্দৰ সাজ-পোচাকত দেখা গ’ল দম্পতীক, ফটো চাওক - Sonakshi Zaheer Mehndi Ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.