ETV Bharat / entertainment

চলি আছে নাতাশাৰে বিচ্ছেদৰ বাতৰি, তেনেকুৱাতে হাৰ্দিকৰ কাষত কোন এই সুন্দৰী ? - hardik pandya fan girl

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 3:43 PM IST

Natasa Hardik Pandya Divorce: অকস্মাতে যেন হাৰ্দিকলৈ সকলোৰে মৰম জাগি উঠিছে ৷ বিশ্বকাপত জয়ী হৈ অহাৰ পাচতো পত্নীয়ে সামাজিক মাধ্যমত একো পোষ্ট নকৰাটোৱে তেওঁলোকৰ বিচ্ছেদৰ বাতৰিত ইন্ধন যোগাইছে ৷ কিন্তু এই খবৰৰ মাজতে হাৰ্দিকৰ শেহতীয়া ফটো আৰু ভিডিঅ’ই গৰম কৰি তুলিছে ছ’চিয়েল মিডিয়া ৷

who is this mysterious girl hardik pandya holds close to him amid natasa stankovic divorce rumours fans say marry her
হাৰ্দিক-নাতাশা (IMAGE- IANS)

চিটাৰা ডেস্ক, 12 জুলাই : এসময়ত সকলোৱে সমালোচনাৰে থকা-সৰকা কৰা হাৰ্দিকে বিশ্বকাপত সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে মুখ বন্ধ কৰি এতিয়া মাথো গোটাইছে প্ৰশংসা ৷ বিশ্বকাপত ভাৰত জয়ী হৈ অহাৰ পাচতে চাৰিওফালে হাৰ্দিকক লৈ ৱাহ ৱাহ ৷ কিন্তু ইমানৰ মাজতো পত্নী নাতাশাৰ ফালৰ পৰা নাহিল একো শুভেচ্ছা বাৰ্তা ৷ বৰঞ্চ মাজে মাজে তেওঁ শ্বেয়াৰ কৰি আছে জীৱন সংগ্ৰামত ভগৱান সকলোৰে কেনেদৰে সহায়ক হয় এনেধৰণৰ পোষ্ট ৷

কিন্তু এই সকলোবোৰৰ মাজত এতিয়া চৰ্চা লাভ কৰিছে এগৰাকী সুন্দৰী যুৱতীয়ে ৷ হাৰ্দিক পাণ্ডিয়াৰ সৈতে তেওঁৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ অনুৰাগীয়ে আনকি হাৰ্দিকক ঘৰৰ হ’বলগীয়া বোৱাৰী নেকি বুলিও প্ৰশ্ন কৰিছে ৷ আধা সংখ্যকেটো তেওঁক বিয়াই পাতি ল’বলৈ কৈছে । এই ৰহস্যময়ী যুৱতীগৰাকী কোন জানো আহকচোন ?

লগতে পঢ়ক : বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা ফটো শ্বেয়াৰ নাতাশাৰ - Natasa Hardik Pandya Divorce

কোন এই ৰহস্যময়ী যুৱতীগৰাকী ?

এগৰাকী ধুনীয়া যুৱতীৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । হাৰ্দিক আৰু এই যুৱতীগৰাকীক এই ফটোবোৰত বহুত সুখী যেন দেখা গৈছে । এই যুৱতীগৰাকীৰ নাম প্ৰাচী সোলাংকী । বিশ্বকাপ জিকি অহাৰ পিচত প্ৰাচীয়ে হাৰ্দিক পাণ্ডিয়াৰ সৈতে তাইৰ ধুনীয়া ফটো শ্বেয়াৰ কৰিছে । এই ফটোবোৰত, তেওঁলোক দুয়োকে একেই ধৰণৰ পোছাকত দেখা গৈছে । প্ৰাচীয়ে পল্কা ডটৰ এটা সৰু বগা ড্ৰেছ পিন্ধি আছে আৰু হাৰ্দিকে কুৰ্তা পায়জামা পিন্ধি আছে । প্ৰাচীয়ে এই পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘কোনোবাই মোক চিকুটি দিয়ক অনুগ্ৰহ কৰি… হাৰ্দিক, এই মৰমৰ বাবে ধন্যবাদ ।’

অনুৰাগীয়ে ক’লে বিয়াৰ কথা

এই ভিডিঅ’টো বিয়পি পৰাৰ পিচতে পিচদিনা প্ৰাচীয়ে আন এটা পোষ্ট কৰি তাত লিখে, ‘ফেন গাৰ্ল ম’মেণ্ট ।’ উল্লেখ্য যে, এই ফটো আৰু ভিডিঅ’ দেখি নেটিজেন বহুত কিবাকিবি অনুমান কৰি লৈছে ৷ বহুতে হাৰ্দিকক ভাবী নেকি বুলিও প্ৰশ্ন কৰিছে ৷ হাৰ্দিক পাণ্ডিয়াৰ অনুৰাগীসকলে স্পষ্টভাৱে তেওঁক এই যুৱতীগৰাকীক বিয়া পাতিবলৈ কৈছে । প্ৰাচী এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু হাৰ্দিকৰ পৰিয়ালৰ সদস্যৰ লগতে যেন তেওঁৰ সম্পৰ্ক আছে, ফটো-ভিডিঅ’ দেখি তেনে অনুমান হয় । কাৰণ প্ৰাচীয়ে হাৰ্দিকৰ ভায়েক ক্ৰুনালৰ সৈতেও ফটো শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক : জীৱনৰ বাটত ঈশ্বৰৰ মহত্ব বুজালে নাতাশাই: বিচ্ছেদৰ বাতৰিত ইন্ধন - Natasa Hardik Pandya Divorce

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.