চিটাৰা ডেস্ক, ২৮ এপ্ৰিল : বয়স কেতিয়াও সফলতাত হেঙাৰ হ'ব নোৱাৰে । সেই কথাই প্ৰমাণ কৰিলে ৬০ বছৰীয়া আলেজান্দ্ৰা ৰড্ৰিগজে । মিছ ইউনিভাৰ্ছ বুয়েনছ আইৰেছৰ খিতাপ লাভ কৰি ইতিহাস ৰচিলে অধিবক্তা তথা সাংবাদিক আলেজান্দ্ৰা ৰড্ৰিগজে । ৬০ বছৰীয়া সাংবাদিকগৰাকী আৰ্জেণ্টিনাৰ লা প্লাটাৰ বাসিন্দা । পিপল আলোচনীখনে প্ৰকাশ কৰা অনুসৰি এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী বৰ্ষীয়ান মহিলা ।
পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতাৰ বিপৰীতে ৰড্ৰিগজে ১৮ ৰ পৰা ৭৩ বছৰ বয়সৰ ৩৪ গৰাকী প্ৰতিযোগীৰ মাজত এই খিতাপ লাভ কৰিবলৈ সক্ষম হয় । এই বিজয় কেৱল তেওঁৰ ব্যক্তিগত সফলতা নহয় সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যৰ এক বিস্তৃত বাৰ্তা হিচাপে পৰিগণিত হৈছে ।
পিপল আলোচনীয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ৰড্ৰিগজে কয় যে সৌন্দৰ্য প্ৰতিযোগিতাত এই নতুন দৃষ্টান্তক প্ৰতিনিধিত্ব কৰি তেওঁ আনন্দিত । ২৫ মে'ত অনুষ্ঠিত হ'বলগীয়া মিছ ইউনিভাৰ্ছ আৰ্জেণ্টিনা প্ৰতিযোগিতাত নিজৰ দৃষ্টি ৰাখি, ৰড্ৰিগজে অধিক প্ৰশংসা লাভ কৰা দেখা গৈছে ।
প্ৰকৃততে, মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনে যোৱা বছৰ এই প্ৰতিযোগিতাৰ বাবে বয়সৰ সীমা আঁতৰাইছিল । এই সিদ্ধান্তৰ এবছৰ পিচত আলেজান্দ্ৰাই খিতাপ লাভ কৰিবলৈ সক্ষম হয় । নতুন নিয়ম অনুসৰি ১৮ বছৰতকৈ অধিক বয়সৰ যিকোনো মহিলাই এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে ।
ৰড্ৰিগজে মিছ ইউনিভাৰ্ছ আৰ্জেণ্টিনা ২০২৪-ৰ মুকুটৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্পত অটল হৈ আছে । খিতাপ অৰ্জনৰ পিচত তেওঁ কয় যে বিচাৰকসকলে তেওঁৰ আত্মবিশ্বাস আৰু তেওঁৰ প্ৰজন্মৰ মহিলাসকলক প্ৰতিনিধিত্ব কৰাৰ আগ্ৰহ দেখুৱাইছিল । ৰড্ৰিগজৰ এই সফলতাৰ পিচত তেওঁৰ বয়সৰ আন মহিলাসকলেও প্ৰতিযোগিতাৰ প্ৰতি আগ্ৰহী হৈছে । বয়সৰ বাধা অতিক্ৰম কৰি আকাংক্ষিত খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাই আহিব ।
লগতে পঢ়ক :অভিনেতা ছাহিল খানক মহাদেৱ বেটিং এপ গোচৰত গ্ৰেপ্তাৰ - Actor Sahil Khan