ETV Bharat / entertainment

থালাপতি বিজয়ৰ GOAT মুক্তি : ড্ৰাম-ডিজেৰে উৎসৱমুখৰ পৰিৱেশ থিয়েটাৰত - Thalapathy Vijay GOAT - THALAPATHY VIJAY GOAT

Thalapathy Vijay GOAT : বহু প্ৰতীক্ষাৰ অন্তত আজি 5 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পালে থালাপতি বিজয় অভিনীত ছবি GOAT । ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে থালাপতিৰ এইখন শেষ ছবি বুলি বহু অনুৰাগীয়ে উত্তেজনাত ঢোলৰ তালত নাচি থকা দেখা গৈছে ।

Watch: Theatres Turn Festive as Fans Dance to Drums and DJ upon Thalapathy Vijay's GOAT Release
উৎসৱমুখৰ পৰিৱেশ থিয়েটাৰত (PTI)
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 5:37 PM IST

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ : থালাপতি বিজয়ৰ বহু প্ৰত্যাশিত ছবি দ্য গ্ৰেটেষ্ট অৱ অল টাইম (GOAT) এ 5 ছেপ্টেম্বৰত বিশ্বজুৰি ছবিগৃহত মুক্তি লাভ কৰে ৷ দেশৰ দক্ষিণে অনুৰাগীসকলৰ মাজত এক অভূতপূৰ্ব উছাহ দেখিবলৈ পোৱা গৈছে । ভেংকট প্ৰভু পৰিচালিত এই ছবিখন পূৰ্ণকালীন ৰাজনীতিত ভৰি দিয়াৰ কৰাৰ পূৰ্বে বিজয়ৰ অন্যতম চূড়ান্ত ডাঙৰ প্ৰকল্প হিচাপে চিহ্নিত হৈছে ৷ তামিলনাডু, কৰ্ণাটক, কেৰালাত অনুৰাগীৰ উৎসাহ লক্ষণীয় ৰূপত দেখিবলৈ পোৱা গৈছে ।

অনুৰাগীৰ উল্লাস (PTI)

সমগ্ৰ ভাৰতৰ ছবিগৃহত অনুৰাগীসকলে ছবিখনৰ মুক্তিক এক উৎসৱৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছে । ঢোল বাদন, নৃত্য প্ৰদৰ্শন আৰু আনকি ডিজেৰো আয়োজন কৰিছে অনুৰাগীয়ে ৷ এই কাৰ্যই থিয়েটাৰবোৰক জীৱন্ত উদযাপন কেন্দ্ৰলৈ পৰিণত কৰিছে । ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলে নৃত্য আৰু উল্লাস কৰা ভিডিঅ' ৷ বিজয়ৰ চলচ্চিত্ৰখনক লৈ থকা আনন্দ আৰু প্ৰত্যাশা প্ৰতিফলিত কৰিছে এই ভিডিঅ’সমূহে ।

কেৰালাত থালাপতি বিজয়ৰ প্ৰতি থকা উত্তেজনা ৰাতিপুৱাৰ পৰাই স্পষ্ট হৈ পৰিছে । পুৱা 4 বজাৰ শ্ব’ৰ বাবে অনুৰাগীসকল বিপুল সংখ্যক ৰূপত গোট খাইছিল । মুক্তি দিৱসৰ দিনটোত ফটকা, উল্লাস আৰু নৃত্য আদিয়ে বিজয়ৰ প্ৰতি মৰমৰ প্ৰতিফলন ঘটায় । এটা বিশেষ থিয়েটাৰত অনুৰাগীসকলে সগৌৰৱেৰে বিজয়ৰ ৰাজনৈতিক দল তামিঝাগা ভেত্ৰী কাঝাগামৰ পতাকা প্ৰদৰ্শন কৰি কেৱল ছবিখনৰ প্ৰতি নহয়, তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ প্ৰতিও তেওঁলোকৰ সমৰ্থনৰ ইংগিত দিয়ে ।

এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে বিজয়ৰ পূৰ্বৰ ছবি লিঅ’ৰ হিট গীত বাদাছত শ শ অনুৰাগীয়ে মন খুলি নাচিছে । দীৰ্ঘদিনীয়া আৰু নিষ্ঠাবান অনুৰাগী লাভ কৰা বিজয়ৰ অপৰিসীম জনপ্ৰিয়তাৰ প্ৰমাণ দিলে এই গণ উদযাপনে । বছৰৰ আৰম্ভণিতে ছবিখনৰ ক্ৰুৱে কেৰালাত কিছুমান গুৰুত্বপূৰ্ণ ছিকুৱেন্সৰ শ্বুটিং কৰিছিল, যাৰ ফলত অভিনেতাগৰাকীৰ ৰাজ্যখনৰ সৈতে থকা সম্পৰ্ক আৰু অধিক সুদৃঢ় হৈ পৰিছিল ।

এই উত্তেজনা কেৱল কেৰালাতে সীমাবদ্ধ নাছিল । কৰ্ণাটকো পুৱা 4 বজাত শ্ব’ আৰম্ভ হয় ৷ অৱশ্যে, তামিলনাডুত শেহতীয়া চৰকাৰী নিয়মাৱলীৰ বাবে পুৱা 9 বজাত প্ৰথম স্ক্ৰীণিং কৰা হয় ।

ছবিখনৰ বক্স অফিচৰ সম্ভাৱনা শক্তিশালী যেন দেখা গৈছে, প্ৰাৰম্ভিক হিচাপ অনুসৰি GOAT এ মুকলিৰ দিনটোত 100 কোটি টকাৰ সীমা সহজেই অতিক্ৰম কৰিব পাৰে । কেৱল কেৰালাতে ছবিখনে এডভান্স বুকিঙৰ জৰিয়তে 3 কোটি টকাতকৈ অধিক উপাৰ্জন কৰা বুলি জানিব পৰা গৈছে । ছবিখনত বিজয়ে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনৰ বিষয়বস্তু অধিক কুটিল আৰু উত্তেজনাৰে ভৰা কৰি তুলিছে বিজয়ে ৷ সহযোগী অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত প্ৰশান্ত, প্ৰভুদেৱা, মোহন, স্নেহাক দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : তামিঝাগা ভেত্ৰী কাঝাগামৰ পতাকা-সংগীত উন্মোচন দলৰ মুৰব্বী থালাপতি বিজয়ৰ - Polotical party of Thalapathy Vijay

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.