গুৱাহাটী, 6 জুন: "কৃষ্ণচূড়া.কম"ৰ সফলতাৰ পিচত নৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভঁৰালীৰ পৰিচালনাৰে আহি আছে তেওঁৰ দ্বিতীয়খন ৱেব চিৰিজ "চুপা-চুপি"। Atlas Creation ৰ বেনাৰত নিৰ্মিত এই চিৰিজখন মুক্তিৰ পূৰ্বে সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।
ক’ত মুক্তিলাভ ৱেব চিৰিজ "চুপা-চুপি"
অসমৰ গ্রাম্য জীৱনৰ পটভূমিত নিৰ্মাণ কৰা এই নতুন ৱেব চিৰিজখনৰ ট্ৰেইলাৰ ইতিমধ্যে সামাজিক মাধ্যমযোগে মুক্তিলাভ কৰিছে আৰু আগন্তুক জীৱনত ১২ জুনত ATLAS Creation Youtube Channel যোগে মুক্তি দিয়া হ'ব । আহিবলগীয়া এই নতুন ৱেব চিৰিজখনৰ প্ৰযোজনা কৰিছে হৃষিকেশ পাটগিৰিয়ে । কাহিনী আৰু চিত্ৰনাট্য প্ৰণৱ ভৰালীৰ । চিৰিজখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জ্যোতিষ্মান শৰ্মা ।
ইফালে, আহিবলগীয়া এই নতুন ৱেবচিৰিজ "চুপা-চুপি"ত অভিনয় কৰিছে পৰিচালক, নাট্যকাৰ হিমাংশু প্ৰসাদ দাস, বৈভৱী গোস্বামী, বেদব্ৰত বৰা আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ফটোগ্ৰাফীৰ পৰিচালক হিচাপে আছে ৰক্তিম নাৰায়ণ আৰু জ্ঞান গৌতম । সহকাৰী চিত্ৰগ্ৰহণকাৰী হিচাপে আছে চুপ্ৰান্তা হাজৰিকা । সম্পাদনা আৰু গ্ৰাফিক্সৰ কাম কৰিছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যই ।
আনহাতে, চিৰিজখনত সংযোজিত ইয়াৰ প্ৰথমটো গীত "মৰম এনেকুৱাই" ইতিমধ্যে মুক্তি লাভ কৰিছে । জনপ্ৰিয় কন্ঠশিল্পী বিশ্ৰুত শইকীয়া আৰু শ্যামন্তিকা কলিতাই কন্ঠদান কৰিছে "মৰম এনেকুৱাই" শীৰ্ষক গীতটিত । দৃশ্যগ্ৰহণ কৰিছে ৰক্তিম হাজৰিকা আৰু জ্ঞান গৌতমে । লগতে সম্পাদনা কৰিছে ৰং উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যই । সংগীত অৰ্ণৱ বশিষ্ঠ আৰু শব্দ হীৰক জ্যোতি নাথৰ ।
পৰিচালক প্ৰণৱ ভঁৰালীৰ প্ৰথমখন ৱেবচিৰিজ "কৃষ্ণচূড়া.কম"ৰ মুক্তিলাভৰ পিচতেই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । OTT প্লেটফৰ্ম ৰিলড্ৰামাত সৰ্বাধিক প্লে হোৱা এখন ৱেব চিৰিজ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছিল "কৃষ্ণচূড়া.কম"।
যুৱপ্ৰজন্মৰ বিশেষকৈ ছাত্ৰজীৱনৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰা 'কৃষ্ণচূড়া.কম'ক যিদৰে ৰাইজে আঁকোৱালি লৈছিল ঠিক তেনেদৰে তেওঁৰ আহিবলগীয়া এই নতুন ৱেব চিৰিজ "চুপা-চুপি"কো ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী ৱেব চিৰিজখনৰ পৰিচালক তথা কলা-কুশলীসকল ।
লগতে পঢ়ক: 'স্বৰ্গৰথ'ৰ মুক্তিলৈ মাজত মাত্ৰ এটা দিন, মহানগৰীত ব্যাপক প্ৰচাৰ - Assamese Film Swargarath