ETV Bharat / entertainment

লোকেল কুংফু-৩ ত থাকিব নতুন টুইষ্ট; অতিশীঘ্ৰেই ছবিগৃহলৈ আহি লোকেল কুংফু-৩ - Local Kung Fu 3

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 7:21 PM IST

Local Kung Fu 3: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে "লোকেল কুংফু ৩" ৷ খবৰ অনুসৰি ছবিখনত এইবাৰ অন্য এটা ৰূপত দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰী ৰিম্পী দাসক ৷

Local Kung Fu 3
লোকেল কুংফু ৩ত থাকিব নতুন টুইষ্ট; এই দিনত মুক্তিলাভ কৰিব ছবিখনে (ETV Bharat)

গুৱাহাটী, 12 জুন: এটা DSLR কেমেৰাৰে ল’ৰাজনে নিজৰ কেৰিয়াৰৰ প্ৰথমটো খোজ দিছিল আৰু নিৰ্মাণ কৰিছিল সমৰকলা শৈলী কুংফুৰ ওপৰত আধাৰিত এখন ছবি, নাম দিছিল ‘লোকেল কুংফু’ ৷ ছবিখনৰ কেৱল পৰিচালনা কৰাই নহয় নিজৰ খুহুতীয়া অভিনয়ৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিছিল তেওঁ ৷ এই ব্যক্তিগৰাকী আন কোনো নহয় জনপ্ৰিয় অভিনেতা তথা পৰিচালক কেনী বসুমতাৰী ৷ ২০১৩ চনৰ লোকেল কুংফুৰ পিচত ২০১৭ চনত লোকেল কুংফু-২ আৰু এতিয়া এই ছবিখনৰেই সংস্কৰণ ৩ মুক্তি লাভ কৰাৰ পথত ৷

২০২৪ বৰ্ষত মুক্তি পাবলগীয়া কেইখনমান বিশেষ অসমীয়া ছবিৰ ভিতৰত অন্যতম হৈছে "লোকেল কুংফু ৩" ৷ ইতিমধ্যে এই ছবিখনৰ পূৰ্বৰ দুটা সংস্কৰণে দৰ্শকক হহুঁৱাবলৈ কৰা প্ৰয়াসত একেবাৰ ১০০ৰ ভিতৰত ১০০ নম্বৰ পাবলৈ সক্ষম হোৱাৰ লগতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে ৷

একেবাৰে কম বাজেটেৰে নিৰ্মাণ কৰাৰ পিচতো "লোকেল কুংফু" ৰ প্ৰথমটো সংস্কৰণ আজিও দৰ্শকে পাহৰিব পৰা নাই ৷ ২০১৩ত মুক্তিপ্ৰাপ্ত এই চিনেমাখন অসমৰ লগতেই উত্তৰ-পূৰ্বাঞ্চলৰ তথা ভাৰতৰে সমৰকলা শৈলী কুংফুৰ ওপৰত আধাৰত নিৰ্মিত এখন ছবি ৷ এটা মাত্ৰ ডি এ এছ লাৰ কেমেৰা আৰু নিজৰ লগতে পৰিয়ালৰ সম্বন্ধীয় ভাতৃ-বন্ধু বৰ্গক অভিনেতা-অভিনেত্ৰী হিচাপে নিৰ্বাচিত কৰি পৰিচালক কেনী বসুমতাৰীয়ে আৰম্ভ কৰিছিল লোকেল কুংফু"ৰ শ্বুটিঙৰ কাম ৷

লোকেল কুংফু"ৰ মুক্তিৰ পিচত লোকেল কুংফুৰ প্ৰতিটো দৃশ্য, প্ৰতিটো সংলাপ জনপ্ৰিয় হৈ পৰিছিল দৰ্শকসকলৰ মাজত ৷ লোকেল কুংফু, লোকেল কুংফু ২ৰ পিচত এতিয়া অহা ৫ ছেপ্টেম্বৰ তাৰিখে ছবিগৃহলৈ আহি আছে "লোকেল কুংফু ৩" ৷ পৰিচালক কেনী বসুমতাৰীয়ে ছবিখনৰ তৃতীয় সংস্কৰণটোৰ ইতিমধ্যে মুক্তিৰ যো-জা আৰম্ভ হৈছে ৷

সমৰকলাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে ৷ ছবিখনৰ পৰিচালক কেনী বসুমতাৰীয়ে জানিবলৈ দিয়া অনুসৰি "লোকেল কুংফু ৩" অন্য এটা ৰূপত দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰীগৰাকীক ৷ সমান্তৰালভাৱে আহিবলগীয়া এই নতুন ছবিখনত অভিনয় কৰিছে অভিনেতা বনী দেউৰী, উৎকল হাজোৱাৰী, বিভাষ সিনহা, জনী দেউৰীকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ৷

লগতে পঢ়ক: পূৰ্ণগতিত চলিছে লোকেল কুংফু 3ৰ দৃশ্যগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.