ETV Bharat / entertainment

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ মনোনীত অসমীয়া তথ্যচিত্ৰ "চিবুক" - Sibuk

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:34 PM IST

Sibuk: লুইতত দহদিনীয়া সাহসী যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে এখন বিশেষ তথ্যচিত্ৰ "চিবুক"। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব এই অসমীয়া তথ্যচিত্ৰখন ।

Sibuk
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ লৈ মনোনীত অসমীয়া তথ্যচিত্ৰ "চিবুক" (YOUTUBE)

গুৱাহাটী, 13 জুন: দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি, জনপ্ৰিয় তথা বৃহৎ চলচিত্ৰ মহোৎসৱ হৈছে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ ৷ চলিত বৰ্ষৰ এই মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া তথ্যচিত্ৰ "চিবুক" ৷ লুইতত দহদিনীয়া সাহসী যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰখন ৷

"চিবুক" হৈছে বাঁহেৰে নিৰ্মিত এনে এখন ভুৰ যিখনত উঠি কিছুবছৰ পূৰ্বে অসমৰ চাৰিজন সাহসী যুৱকৰ এটা দলে দহদিনীয়া পৰিক্ৰমাৰে গোগামুখৰ লখিমপুৰৰ পৰা তেজপুৰলৈ লুইতৰ বুকুত এটা যাত্ৰা ৰূপায়ণ কৰিছিল ৷

এই যাত্ৰাত তেওঁলোকে লগত কোনো ধৰণৰ খাদ্য লৈ যোৱা নাছিল ৷ এই চাৰিজনীয়া যুৱকৰ দলটোৱে লুইতৰ বুকুত দহটা দিন লুইতত পোৱা মাছ পুঠি, কেঁকোৰা তথা শাক খাই অতিবাহিত কৰিছিল ৷ নিশাৰ আন্ধাৰত তেওঁলোকৰ সাৰথি আছিল কেৱল কেৰাচিনৰ লেম্প ৷ সেই লেম্পৰ পোহৰত চিবুকৰ সঠিক দিশ নিৰ্ণয় কৰাটো তেওঁলোকৰ বাবে আছিল অতি কষ্টকৰ ৷ সেই কষ্টৰ মাজেৰেও ১০টা দিনৰ অন্তত অৱশেষত তেওঁলোক উপনীত হৈছিল নিজৰ গন্তব্যস্থানত ৷

এই দুঃসাহসিক যাত্ৰাটোত তেওঁলোকে নানান অভিজ্ঞতা আহৰণ কৰিছিল ৷ সেই অভিজ্ঞতাসমূহকে উপস্থাপন কৰি নিৰ্মাণ কৰা হৈছে "চিবুক" নামৰ এই তথ্যচিত্ৰখন ৷

এই তথ্যচিত্ৰখনৰ পৰিকল্পনা হৈছে ক্ৰমে ৰিচান দলে, শ্বেখৰ বৰদলৈ, নীলিম মহন্ত আৰু আশুতোষ কাশ্যপৰ ৷ আনহাতে, এ এম টেলিভিছনৰ বেনাৰত নিৰ্মাণ কৰা এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ড° সঞ্জীৱ নাৰায়ণ আৰু ড° অক্ষতা নাৰায়ণে ৷ তথ্যচিত্ৰখনৰ কাৰ্যবাহী প্ৰযোজকৰ দায়িত্বত আছে নিহাল ৰঞ্জন মেধি ৷ তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ তথা পৰিচালনা কৰিছে আশুতোষ কাশ্যপে ৷ অহা ১৭ জুনত এই তথ্যচিত্ৰখন মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব ৷

লগতে পঢ়ক: লোকেল কুংফু-৩ ত থাকিব নতুন টুইষ্ট; অতিশীঘ্ৰেই ছবিগৃহলৈ আহি লোকেল কুংফু-৩ - Local Kung Fu 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.