ETV Bharat / entertainment

পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাৰ্তাৰে আহি আছে সেউজ সন্ধান - New Assamese films

author img

By ETV Bharat Entertainment Team

Published : Aug 30, 2024, 12:33 PM IST

Updated : Aug 30, 2024, 3:03 PM IST

New Assamese films : জোৱাৰ উঠিছে অসমীয়া চিনেমাৰ ৷ হিন্দী চিনেমাৰ সৈতে ফেৰ মাৰি দৰ্শকৰ মনত স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে অসমীয়া চিনেমাই ৷ উদ্যোগটোৰ বাবে ই শুভ লক্ষণ ৷ আহি আছে দুখন নতুন অসমীয়া চিনেমা ৷ আপুনিও সাজু হওক পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে ছবিগৃহত এই ছবি দুখন উপভোগ কৰিবলৈ ৷ সবিশেষৰ বাবে বাতৰিটো আগলৈ পঢ়ক-

two new assamese films titled seuj sandhan and chiloni chor to hit theatre today
অসমীয়া চিনেমা (ETV Bharat Assam)

চিটাৰা ডেস্ক, 30 আগষ্ট : বছৰটোৰ আটাইতকৈ ভাল লগা সময়খিনি সমাগত ৷ আহি আছে এটাৰ পাচত আনটো পূজা ৷ যিকোনো উৎসৱৰ বতৰতে পৰিয়ালৰ সৈতে সময় পাৰ কৰাটো সকলোৰে কাম্য ৷ ক্ৰমান্বয়ে মুক্তি পাবলৈ লৈছে এখনৰ পিচত সিখনকৈ অসমীয়া চিনেমা ৷ গতিকে চিনেমা চাই ভাল পোৱাসকলৰ বাবে পৰিয়ালৰ সৈতে মনোৰঞ্জনসহ সময় পাৰ কৰাৰ ই এক সুন্দৰ সুযোগ ৷

চলিত বৰ্ষৰ 19 জুলাইত মুক্তি লাভ কৰা চিনেমা ‘বিদুৰভাই’ৰ সফলতাৰ জখলা নিজ চকুৰেই দেখিছে আপোনালোকে ৷ য’ত নেকি ছবিগৃহ কৰ্তৃপক্ষই এখন অসমীয়া চিনেমা এসপ্তাহো নচলাই, কেতিয়াবা দৰ্শকৰ অভাৱত দুদিনতে শ্ব’ আঁতৰাই দিয়ে, নতুবা বিগবাজেটৰ হিন্দী-ইংৰাজী ছবি আহিলে অসমীয়া ছবিৰ কথা ঘুণাক্ষৰেও নাভাৱে, য’ত অসমৰ মাটিতে অসমীয়া ছবি চলাবলৈ প্ৰতিবাদ কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত ‘বিদুৰভাই’ৰ এই দীৰ্ঘদিনীয়া যাত্ৰাই কিন্তু এক মাইলৰ খুঁটি স্থাপন কৰিলে ৷

ছবিখনৰ পৰিচালকে এই সফলতাৰ বাবে প্ৰতিগৰাকী অসমীয়া দৰ্শককে ধন্যবাদ জ্ঞাপন কৰিছে ৷ তেনে দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দৰ্শকেই শীৰ্ষত উঠাব পাৰে জলীউড ৷ অৱশ্যে তাৰ মাজতে ছবি এখনৰ কাহিনীও দৰ্শকৰ মন জয় কৰিব পৰা হ’ব লাগিব ৷

লগতে পঢ়ক : জীৱনটো কিমান ক্ষন্তেকীয়া তাৰেই বাৰ্তা লৈ আহি আছে ছবি ‘গমন দ্য লাষ্ট জাৰ্ণি’ - Director Chandra Mudoi new Film

আজি 30 আগষ্ট, শুকুৰবাৰে মুক্তি লাভ কৰিছে দুখনকৈ অসমীয়া ছবিয়ে, নাম ‘‘সেউজ সন্ধান In Search of Green’’ আৰু ‘‘চিলনী চোৰ’’ ৷ মঞ্জু বৰাৰ পৰিচালনাত ‘‘সেউজ সন্ধান In Search of Green’’ আৰু প্ৰণৱ জ্যোতি ভৰালীৰ পৰিচালনাত ‘‘চিলনী চোৰ’’ দৰ্শকে উপভোগ কৰিব পাৰিব ।

অসমীয়া চলচিত্ৰ উদ্যোগৰ এগৰাকী প্ৰখ্যাত পৰিচালিকা মঞ্জু বৰাৰ পৰিচালনাৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখন এখন গৱেষণা পত্ৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৷ জানিব পৰা অনুসৰি, পৰিৱেশ সংৰক্ষণ তথা গোলকীয়কৰণৰ পৰা হাত সাৰিবলৈ নৱপ্ৰজন্মই কেনেধৰণৰ প্ৰয়াস গ্ৰহণ কৰিব লাগে অথবা এইক্ষেত্ৰত নৱ-প্ৰজন্মৰ দায়বদ্ধতা কেনেধৰণৰ হোৱা উচিত সেই বিষয়বস্তু লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এই নতুন অসমীয়া ছবিখন ।

মেঘমল্লাৰ আৰ্ট ফাউণ্ডেশ্যনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য দিলীপ বৰা আৰু মঞ্জু বৰাৰ । ছবিখনত অভিনয় কৰিছে তৌফিক ৰহমান, অৰ্ঘদীপ বৰুৱা, ৰজনী বসুমতাৰী, বিশাল মুণ্ডা, জাফৰীণ, তন্ময় শইকীয়া, নিপন গোস্বামী, জয়শ্ৰী দাস ভাৰ্মা, দেৱজিত মজুমদাৰ, ৰাহুল কৌশিক ঠাকুৰ আৰু তেলং পাদুনকে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা কৰিছে এএএএছ প্ৰডাকশ্যনে । ছবিখনৰ চিত্ৰগ্ৰহণ পাৰ্থ বৰগোঁহাইৰ, লোকেশ্বন চাউণ্ডৰ দায়িত্বত আছে দেৱজিৎ গায়ন । সংগীত কৰিছে তৰালি শৰ্মাই, ছাউণ্ড মিক্সিং কৰিছে ডি যুৱৰাজে । আনহাতে প্ৰডাকশ্যন ডিজাইন আৰু মুখ্য সহকাৰী পৰিচালনা জীৱন ডাউকাৰ । ছবিখনৰ সম্পাদনা এ শ্ৰীকৰ প্ৰসাদৰ ।

আনহাতে, 30 আগষ্টত মুক্তি পাবলগীয়া আন এখন অসমীয়া ছবি হ’ল ‘‘চিলনী চোৰ’’ । চিলনী চোৰ ছবিখন সন্দৰ্ভত জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক-

লগতে পঢ়ক : চিলনী চোৰে কেনেদৰে থপিয়াই দৰকাৰী বস্তু ? - Movie Chiloni Chor

Last Updated : Aug 30, 2024, 3:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.