চিটাৰা ডেস্ক, ৯ মাৰ্চ: টিভিৰ অন্যতম জনপ্ৰিয় অভিনেতা অৰ্জুন বিজলানী । এতিয়ালৈকে তেওঁ বহু ধাৰাবাহিকত অভিনয় কৰিছে । অভিনয়ৰ উপৰিও অৰ্জুনক বহু শ্ব’ত আঁত ধৰোতাৰ ৰূপতো দেখা গৈছে । অৰ্জুনে নিজৰ কমেডীৰে প্ৰায়ে সকলোকে হাঁহিবলৈ বাধ্য কৰায় । বৰ্তমান অভিনেতাজনক দেখা গৈছে ‘প্যাৰ কা পেহলা অধ্যায়: শিৱ শক্তি’ ধাৰাবাহিকখনত । কিন্তু এতিয়া হঠাৎ অৰ্জুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, যাৰবাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে । অভিনেতাগৰাকীয়ে চিকিৎসালয়ৰ পৰা নিজৰ এখন ফটোও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।
চিকিৎসালয়ত ভৰ্তি অৰ্জুন বিজলানী
এপেণ্ডিচাইটিছৰ বাবে পেটৰ সোঁফালৰ তলৰ অংশত তীব্ৰ বিষ হৈছিল অভিনেতাগৰাকীৰ । ইয়াৰ পিচতে তেওঁক মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হয় । এক সূত্ৰৰ মতে, অৰ্জুনৰ এপেণ্ডিক্স অপাৰেশ্যন ৯ মাৰ্চত অৰ্থাৎ আজি হোৱাৰ কথা । বিষৰ বাবে অভিনেতাগৰাকীয়ে ৮ মাৰ্চত শ্বুটিঙলৈও যোৱা নাছিল ।
স্বাস্থ্যৰ আপডেট দি অৰ্জুন বিজলানীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত চিকিৎসালয়ৰ পৰা নিজৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক বিচনাত শুই থকা দেখা গৈছে । এই ছবিখনত তেওঁৰ মুখখন দেখা পোৱা নাই । কিন্তু হাতখন দেখা গৈছে । এই ছবিখনেৰে অভিনেতাজনে লিখিছে – যি হয়, ভালৰ কাৰণেই হয় ।
অনুৰাগীৰ পৰা নিজৰ বাবে আশীৰ্বাদ বিচাৰিছিল
অৰ্জুন বিজলানীয়ে ৮ মাৰ্চত মহাশিৱৰাত্ৰি উপলক্ষে এটা পোষ্টো শ্বেয়াৰ কৰিছিল । অভিনেতাজনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । ভিডিঅ’টোত তেওঁক ভগৱান শিৱক পূজা কৰা দেখা গৈছিল । ভিডিঅ’টোৰ সমান্তৰালকৈ অভিনেতাগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক মহাশিৱৰাত্ৰীৰ শুভেচ্ছাও জ্ঞাপন কৰিছিল । তেওঁ কেপচনত লিখিছে, ‘‘ মহাশিৱৰাত্ৰিৰ বহু শুভেচ্ছা, মোকো আশীৰ্বাদ দিয়ক ।’’
লগতে পঢ়ক: হম আপকে হে কৌনৰ শ্বুটিঙৰ সময়ত গুৰুতৰ ৰোগত অসুস্থ আছিল অনুপম খেৰ, সবিশেষ জানক এই প্ৰতিবেদনত