ETV Bharat / entertainment

উৎকণ্ঠাৰ অন্ত পেলাই মুক্তি পালে বিদুৰভাই-২ ৰ ট্ৰেইলাৰ - Bidurbhai 2 Trailer released

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:35 PM IST

Upcoming Assamese film Bidurbhai 2: জনপ্ৰিয় ৱেব চিৰিজ বিদুৰভাই শীঘ্ৰে ডাঙৰ পৰ্দালৈ অহাৰ পথত । ৱেব চিৰিজখনৰ অভূতপূৰ্ব সফলতাৰ পাচত ছবি হিচাপে ১৯ জুলাইত মুক্তি লাভ কৰিব বিদুৰভাই-২ । ইতিমধ্যে ছবিখনৰ দুটিকৈ গীতে অসমৰ ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাচত ১ জুলাইত মুক্তি দিয়া হয় ছবিখনৰ ট্ৰেইলাৰ ।

Trailer of upcoming Assamese film Bidurbhai 2 released on 1st July
উৎকণ্ঠাৰ অন্ত পেলাই মুক্তি পালে বিদুৰভাই-২ ৰ ট্ৰেইলাৰ (Google and YouTube)

নিউজ ডেস্ক,২ জুলাই: অসমৰ দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা জনপ্ৰিয় ৱেব চিৰিজ বিদুৰভাইৰ দ্বিতীয় সংস্কৰণ এইবাৰ ছবি হিচাপে উপভোগ কৰিবলৈ পাব অসমৰ দৰ্শকে । ইতিমধ্যে ছবিখনৰ দুটিকৈ গীতে ব্যাপক সঁহাৰি লাভ কৰাৰ পাচত দৰ্শকৰ বাবে Rootstock Entertainments ইউটিউব চেনেলত মুকলি কৰি দিয়া হয় ছবিখনৰ ট্ৰেইলাৰ । মুক্তিৰ পাচতে ট্ৰেইলাৰটোৰ প্ৰতি দৰ্শকে ব্যাপক সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে । মুক্তিৰ এদিনৰ ভিতৰতে ট্ৰেইলাৰটো ইউটিউবত ১ লাখৰো অধিক দৰ্শকে উপভোগ কৰিছে ।

ট্ৰেইলাৰটো মুক্তি দি পৰিচালক সুব্ৰত কাকতিয়ে সামাজিক মাধ্যমত লিখে,"Web seriesৰ পৰা চলচ্চিত্রলৈ... এয়া কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে সম্ভৱ হ'ল ।" ইফালে ইউটিউবৰ কমেণ্টত বিদুৰভাই অনুৰাগীয়ে ছবিখনলৈ শুভেচ্ছাৰে ওপচাই তোলে । ছবিখন উপভোগ কৰিবলৈ সকলোৱে আগ্ৰহৰে ৰৈ থকা বুলি উল্লেখ কৰে । ট্ৰেইলাৰটো উপভোগ কৰি অসমৰ গাঁৱলীয়া পটভূমিত নিৰ্মাণ কৰা ছবিখনত সকলোবোৰ উপাদানৰ সংমিশ্ৰণ থকা বুলি এক অনুমান কৰিছে একাংশ অনুৰাগীয়ে ।

ছবিখনত অভিনয় কৰিছে, চুমকী কছাৰী, বলিন বৰা, উজ্জল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখন সংগীতেৰে সজাইছে প্ৰণয় দত্তই আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে, ৰূপসজ্জা বিজিয়েতা পাটগিৰিৰ, পোচাক জুৰি কলিতাৰ, কৰিঅ'গ্ৰাফ বিদ্যুৎ ৰবীনৰ । অৰ্ণৱ হাজৰিকাৰ প্ৰযোজনা আৰু সুব্ৰত কাকতিৰ কাহিনী, চিত্ৰনাট্য-সংলাপ তথা পৰিচালনাৰে আহিবলগীয়া ছবিখনক অসমবাসী ৰাইজে আদৰি ল'ব আশাবাদী কলা-কুশলীসকল ।

লগতে পঢ়ক: জনপ্ৰিয় চিৰিজ বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত - bidurbhai release date

দীঘলীয়া অপেক্ষাৰ অন্তত আহি আছে বিদুৰভাই -২

হেকাৰৰ কবলত বিদুৰভাইৰ ইউ টিউব চেনেল - Bidurbhai YouTube channel hacked

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.