ETV Bharat / entertainment

অস্কাৰ ২০২৪ত শ্ৰেষ্ঠ পৰিচালকৰ দৌৰত হলিউডৰ ৫জন পৰিচালক; কোনে মাৰিব বাজি ? - Best Director in Oscars 2024

Oscars 2024: আৰু কিছু সময়ৰ পিচতে ঘোষণা হ’ব অস্কাৰ ২০২৪ৰ বিজয়ীসকল । বিশ্বৰ সন্মানীয় একাডেমী বঁটাৰ বাবে মনোনীত হৈছে বছৰৰ শ্ৰেষ্ঠ ছবি আৰু তাৰকা । অপেনহেইমাৰৰ পৰিচালক ক্রিষ্টোফাৰ নোলানকে ধৰি আন বহু মহান পৰিচালকৰ নাম শ্ৰেষ্ঠ পৰিচালকৰ তালিকাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে । আহক শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন তালিকালৈ এবাৰ চকু ফুৰাওঁ ।

These 5 Hollywood directors in the race to become 'Best Director' in Oscars 2024
অস্কাৰ ২০২৪ত শ্ৰেষ্ট পৰিচালকৰ দৌৰত হলিউডৰ এই ৫ জন পৰিচালক; কোনে মাৰিব বাজি ?
author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 4:15 PM IST

চিটাৰা ডেস্ক, 10 মাৰ্চ: সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা বিশ্বৰ অন্যতম সন্মানীয় বঁটা প্ৰদান অনুষ্ঠান একাডেমী বঁটা ৷ আজি অৰ্থাৎ ১০ মাৰ্চত কেলিফৰ্ণিয়াৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হ’বলৈ গৈ আছে ৯৬ সংখ্যক একাডেমী বঁটা ৷ এইবাৰ বহু উৎকৃষ্ট চলচ্চিত্ৰ পৰিচালকৰ মাজত শ্ৰেষ্ঠ পৰিচালক হোৱাৰ প্ৰতিযোগিতা ৷

অপেনহেইমাৰৰ পৰিচালক ক্ৰিষ্টোফাৰ নোলানকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ তেওঁৰ ছবিখনে অস্কাৰত মুঠ ১৩টা মনোনয়ন লাভ কৰিছে, ইয়াৰে এটা শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনয়ন লাভ কৰিছে ৷ কোনবোৰ পৰিচালকে শ্ৰেষ্ঠ পৰিচালক হ’বলৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Yorgos Lanthimos (Poor Things)

হলিউডৰ শ্ৰেষ্ঠ পৰিচালক ইয়ৰ্গছ লেন্থিমছ ৷ তেওঁৰ মাষ্টাৰপিছ Poor Things ২০২৪ চনৰ অস্কাৰ বঁটাত সৰ্বাধিক মনোনয়ন লাভ কৰা ছবিসমূহৰ ভিতৰত অন্যতম ৷ এই ছবিখনে লাভ কৰিছে ১১টা মনোনয়ন ৷ সেয়ে এই ছবিখনৰ বাবে Yorgos শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হৈছে ৷

Jonathan Glazer (The Zone of Interest)

বিগত বছৰ জোনাথন গ্লেজাৰে দ্য জ’ন অৱ ইন্টাৰেষ্ট ছবিখন নিৰ্মাণ কৰিছিল, যিখন ছবিয়ে খুবেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ছবিখনে অস্কাৰত ইতিমধ্যে নিজৰ আধিপত্য বিস্তাৰ কৰিছে ৷ ছবিখনে মুঠ ই চাৰিটা মনোনয়ন লাভ কৰিছে ৷ শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হৈছে Jonathan Glazerএ ৷

Christopher Nolan (Oppenheimer)

Christopher Nolanৰ ছবি Oppenheimer জনপ্ৰিয়তা এতিয়াও অব্যাহত আছে ৷ ২০২৪ চনৰ অস্কাৰত সৰ্বাধিক ১৩টা শাখাত মনোনীত হৈছে ৷ এই মাষ্টাৰপিছৰ বাবে শ্ৰেষ্ঠ পৰিচালক শাখাত মনোনীত হৈছে Christopher ৷ ইফালে সকলোৰে বিশ্বাস যে, এইবাৰ তেওঁ এই ছবিখনৰ বাবে অস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ব ৷

Martin Scorsese (Killers of the Flower Moon)

মাৰ্টিন স্কোৰ্চেজৰ পৰিচালনাত নিৰ্মিত কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুন ছবিও অন্যতম শ্ৰেষ্ঠ ছবি ৷ এনে পৰিস্থিতিত ছবিখনে বহু শিতানত মনোনয়ন লাভ কৰিছে ৷ ছবিখনে মুঠ ৬ টা মনোনয়ন লাভ কৰিছে ৷ এই মাষ্টাৰপিছ নিৰ্মাণৰ বাবে মাৰ্টিনক শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত কৰা হৈছে ৷

Justine Triet (Anatomy of a Fall)

২০২৩ চনৰ অন্যতম সফল আৰু শ্ৰেষ্ঠ ছবি এনাটমী অৱ এ ফ’ল ৷ অস্কাৰতো ইয়াৰ আধিপত্য আছে ৷ ই লাভ কৰিছে দুটা মনোনয়ন ৷ শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হৈছে মহিলা চলচ্চিত্ৰ নিৰ্মাতা Justine Triet ৷

লগতে পঢ়ক: আজি মিছ ৱৰ্ল্ড ২০২৪ৰ গ্ৰেণ্ড ফিনালে, কেতিয়া, ক’ত লাইভ চাব পাৰিব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.