ETV Bharat / entertainment

লোকনৃত্য ঝুুমুৰৰ প্ৰকৃত পৰম্পৰাক উপস্থাপনৰ বাবে সাজু চাহ জনগোষ্ঠীয় সমাজ - Folk dance Jhumur world record

Folk dance Jhumur: বিহুৰ পাছতে এতিয়া বিশ্ব অভিলেখৰ দিশে আগবাঢ়িছে চাহ জনগোষ্ঠীয় লোকনৃত্য ঝুমুৰ ৷ বিশ্ববাসীৰ সন্মুখত ঝুুমুৰৰ প্ৰকৃত পৰম্পৰাক উপস্থাপনৰ বাবে সাজু হৈছে প্ৰতিগৰাকী চাহ জনগোষ্ঠীয় লোক ।

The tea tribe community is all set to set a world record with their folk dance jhumur
চাহ জনগোষ্ঠীয় লোকসকলৰ লোকনৃত্য (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Sep 24, 2024, 3:52 PM IST

আমগুৰি, 24 ছেপ্টেম্বৰ : ঝুমুৰ নৃত্য চাহ জনগোষ্ঠীয় লোকসকলৰ অন্যতম জাতীয় চানেকি । আগন্তুক নৱেম্বৰ মাহত গুবাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে সাজু হৈছে হালোৱাটিং ঝুমুৰ নৃত্যৰ দলটি । বিশ্ববাসীৰ সন্মুখত ঝুুমুৰৰ প্ৰকৃত পৰম্পৰাক উপস্থাপনৰ বাবে সাজু হৈছে প্ৰতিগৰাকী চাহ জনগোষ্ঠীয় লোক ।

প্ৰশিক্ষক ৰমেশ বাচকেইৰ নেতৃত্বত হালোৱাটিং ঝুমুৰ নৃত্যৰ দলটোৱে দিনে-ৰাতিয়ে চলাই আছে আখৰা । বিশ্ববাসীৰ সন্মুখত প্ৰকৃত সুৰ-তাল আৰু লয়ৰ জৰিয়তে ঝুমুৰক উপস্থাপন কৰাটোৱে তেওঁলোকৰ মূল উদ্দেশ্যে । ঝুমুৰ নৃত্যত নাচনীসকলে এগৰাকীয়ে আনগৰাকীৰ হাতত ধৰি ঢোল-মাদল-তাল-বাঁহীৰ সংমিশ্ৰণত বিশেষ ভংগীমাৰে নাচে । সাধাৰণতে ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত প্ৰথমগৰাকী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলিটো দ্বিতীয়গৰাকী নাচনীৰ বাওঁহাতৰ আঙুলিত সুমুৱাই নাচে । ঝুমুৰ নৃত্য মূলতঃ স্ত্ৰীপ্ৰধান হ’লেও পুৰুষেও ইয়াত অংশগ্ৰহণ কৰে । ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ডেকাই ঢোল-মাদল-তাল-বাঁহী আদি বাদ্য বজাই আৰু ঝুমুৰ গীত গায় । আবেদনময় এই নৃত্যত কৰমতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুৰ গোৱা হয় । ঝুমুৰ গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয় ।

চাহ জনগোষ্ঠীয় লোকসকলৰ লোকনৃত্য (ETV Bharat Assam)

উল্লেখ্য যে ঝুমুৰ নৃত্যৰ একোটা দলত 15 গৰাকী শিল্পী থাকিব লাগে । ইয়াৰে দহগৰাকী নাচনী আৰু পাঁচগৰাকী বাদ্যযন্ত্ৰ সংগতকাৰী হ’ব লাগে । 15 জনকৈ শিল্পী একোটা ঝুমুৰ নৃত্য দলত থাকিব পাৰে, কিন্তু কম হ’ব নালাগে । শিৱসাগৰ জিলাৰ হালোৱাটিঙৰ ঝুমুৰ নৃত্যৰ দলটিয়ে চাহ-বাগিচাৰ সুন্দৰ এক সেউজীয়া পৰিৱেশত ঝুমুৰ নৃত্যৰ অনুশীলন কৰি আছে । চাহ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ধৰি ৰাখিবৰ বাবে হালোৱাটিঙৰ এইসকল যুৱক-যুৱতীয়ে অব্যাহত ৰাখিছে অনুশীলন । অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশতে নিজকে বিলীন কৰি দিয়া চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্যই লাভ কৰিব বিশ্ব অভিলেখ । এই লৈ আশাবাদী চাহ জনগোষ্ঠীয় লোকসকল ।

লগতে পঢ়ক : চিকাৰ-লণ্ডন-ভিছা, ছবিৰ শ্বুটিঙত পৰিচালকেই নাছিল ! - Sikaar Assamese Movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.